স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে অতিক্ৰমীলে আন এক মাইলৰ খুঁটি-এটা দিনত সৰ্বাধিক পৰীক্ষণৰ অভিলেখ

শেহতীয়া ২৪ ঘণ্টাত ক’ভিড-১৯ৰ ১০.৫ লাখ নমুনাৰ পৰীক্ষণ সম্পন্ন

‘ডব্লিউএইচঅ’-ৰ পৰামৰ্শৰ আধাৰতে সকলো ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিদিনে প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে ১৪০টাৰো অধিক পৰীক্ষণ সম্পন্ন

Posted On: 30 AUG 2020 11:56AM by PIB Guwahati

ভিড-১৯বিৰোধী যুঁজত ভাৰতে আজি আন এটা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই প্ৰথমবাৰৰ বাবে দেশত এটা দিনৰ ভিতৰত কভিড-১৯ৰ ১০.৫ লাখৰো অধিক নমুনাৰ পৰীক্ষণ সম্পন্ন কৰি ৰচনা কৰিছে এই অভিলেখ। শেহতীয়া ২৪ ঘণ্টাত মুঠ ১০,৫৫,২৭টা নমুনাৰ পৰীক্ষা কৰি ভাৰতে প্ৰতিদিনে ১০লাখৰো অধিক পৰীক্ষা সম্পন্ন কৰিব পৰা সামৰ্থ্যকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে।

এই সাফল্যৰ সুবাদত দেশত এই পৰ্যন্ত নমুনা পৰীক্ষণৰ মুঠ সংখ্যাই ৪.১৪ কোটি (৪,১৪,৬১,৬৩৬)ৰ ঘৰ অতিক্ৰম কৰিলে।

দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে ক’ভিড-১৯ পৰীক্ষাণৰ নতুন ইতিহাস ৰচনা কৰিলে। ২০২০চনৰ জানুৱাৰী মাহত পুনেৰ পৰীক্ষাগাৰত মাত্ৰ এটা পৰীক্ষা সম্পন্ন কৰা ভাৰতে আজি ৪ কোটিৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।

এই সাফল্যই দেশৰ প্ৰতি নিযুত মানুহৰ বিপৰীতে নমুনা পৰীক্ষা (টিপিএম)ৰ হাৰ ৩০,০৪৪টালৈ বৃদ্ধি কৰিলে। বহু সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নমুনা পৰীক্ষাৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত ব্যক্তিৰ হাৰো দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে।

ডব্লিউএইচঅ-ৰ পৰামৰ্শৰ আধাৰতে সকলো ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰতিদিনে প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে ১৪০টাৰো অধিক পৰীক্ষণ সম্পন্ন কৰি বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা পৰামৰ্শ সাৰোগত কৰাৰ লগতে ইয়াৰে বহু সংখ্যকে আৰু অধিক পাৰদৰ্শী ফলাফল দাঙি দৰিবলৈ সক্ষম হৈছে।

Description: Image

আজিৰ তাৰিখত দেশত ১৫৮৩টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ১০০৩টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ৫৮০টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ-৮১১টা (চৰকাৰী-৪৬৩টা+ব্যক্তিগত খণ্ডত-৩৪৮টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৬৫০টা(চৰকাৰী-৫০৬টা+ব্যক্তিগত-১৪৫টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ-১২১টা (চৰকাৰী-৩৪টা+ব্যক্তিগত-৮৭টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

****

MV/SJ/KB



(Release ID: 1649921) Visitor Counter : 161