প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্বাধীনতা আন্দোলনৰ অজ্ঞাত নায়কসকলৰ কাহিনী পোহৰলৈ আনিবলৈ শিক্ষাৰ্থীসকলক মন কী বাতত আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 AUG 2020 3:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া মন কী বাত অনুষ্ঠানত স্বাধীনতা আন্দোলনৰ অজ্ঞাত নায়কসকলৰ কাহিনী পোহৰলৈ আনিবলৈ শিক্ষাৰ্থীসকলক মন কী বাতত আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া কোনোৱে তেওঁলোকৰ সফলতাৰ কথা ভাৱে তেতিয়া তেওঁলোকেৰ এগৰাকী শিক্ষকক স্মৰণ কৰে৷ তেওঁ কয় যে ক’ভিডে শিক্ষকসকলৰ প্ৰতিও প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, যিসকলে ইয়াক প্ৰযুক্তিৰ জৰিয়তে এক সুযোগলৈ ৰূপান্তৰ কৰি শিক্ষাৰ্থীসকলক উপকৃত কৰিছে৷ তেওঁ বিশ্বাসেৰে কয় যে শিক্ষকসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সুবিধাসমূহ শিক্ষাৰ্থীসকলৰ মাজত ভগাই দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

২০২২ চনত ভাৰতে ইয়াৰ স্বাধীনতা অৰ্জনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ আজিৰ প্ৰজন্ম, আমাৰ বিদ্যাৰ্থীসকলে স্বাধীনতাৰ এই যুঁজাৰুসকলৰ বিষয়ে পৰিচিত হোৱাটো অতিশয় আৱশ্যক৷ নিজৰ জিলাত, নিজৰ ঠাইত স্বাধীনতাৰ আন্দোলনৰ সময়ত কি হৈছিল, কোন শ্বহীদ হৈছিল, কোনে কিমান সময় কাৰাবাস খাটিবলগীয়া হৈছিল৷ এই কথাবোৰ আমাৰ বিদ্যাৰ্থীসকলে জানিলে তেওঁলোকৰ ব্যক্তিত্বতো ইয়াৰ প্ৰভাৱ পৰিব আৰু ইয়াৰ বাবে বহু কাম কৰিব পাৰি৷ ইয়াত শিক্ষকসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ ব বুলি কয়৷

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকল যিখন জিলাত বাস কৰে সেই জিলাত স্বাধীনতা যুদ্ধৰ কিবা ঘটনা ঘটিছিল নেকি? ইয়াকে লৈ তেওঁলোকক গৱেষণা কৰিবলৈ দিব পাৰে বুলি শিক্ষকসকলক পৰামৰ্শ দিয়ে৷৷ ইয়াক বিদ্যালয়ৰ সমীপৰ  বা স্বাধীনতা আন্দোলনৰ সৈতে জড়িত চহৰৰ আন স্থানসমূহলৈও শিক্ষাৰ্থীসকলক লৈ যাব পাৰে৷ কোনো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে স্বাধীনতাৰ ৭৫তম বৰ্ষত নিজৰ স্থানৰ স্বাধীনতাৰ ৭৫জন নায়কক লৈ কবিতা লিখা আৰু নাট্য কথা ৰচনাৰ পৰিকল্পনা কৰিব পাৰে৷ এই প্ৰচেষ্টাৰ দ্বাৰা দেশৰ হাজাৰ হাজাৰ অজ্ঞাত নায়কৰ কাহিনী পোহৰলৈ আহিব যি দেশৰ বাবে জীয়াইছিল, দেশৰ বাবে মৃত্যু বৰণ কৰিছিল আৰু সময়ৰ গতিত তেওঁলোক পাহৰণিৰ গৰ্ভত বিলীন হৈ পৰিল৷ এই প্ৰচেষ্টাৰ জৰিয়তে ৫ ছেপ্টেম্বৰত উদযাপন কৰিবলীয়া শিক্ষক দিৱসৰ পৰিপ্ৰেক্ষিতত শিক্ষক বন্ধুসকলে ইয়াৰ বাবে এক পৰিবেশৰ সৃষ্টি কৰাৰ লগতে আৰু সকলোৱে মিলি কাম আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷

*******

AP/SH/DB



(Release ID: 1649817) Visitor Counter : 175