স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত একেৰাহে দুদিন, প্ৰতিদিনে ৯লাখতকৈ অধিক লোকৰ পৰীক্ষা কৰা হৈছে

মুঠ পৰীক্ষা প্ৰায় ৪কোটিৰ

যোৱা দুসপ্তাহত ১কোটিতকৈ অধিক লোকৰ পৰীক্ষা কৰা হৈছে

Posted On: 28 AUG 2020 1:15PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ নমুনা পৰীক্ষা, ধৰা পেলোৱা আৰু চিকিত্সা কৌশলৰ প্ৰতি চোকা নজৰৰ বাবে একেৰাহে দ্বিতীয় দিনাৰ বাবে প্ৰতিদিনে ভাৰতত ৯লাখতকৈ অধিক লোকৰ কভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছে।  ভাৰতে ইতিমধ্যে প্ৰতিদিনে ১০লাখ নমুনা পৰীক্ষা কৰাৰ সামৰ্থ সৃষ্টি কৰিছে। যোৱা ২৪ঘণ্টাত ৯,০১,৩৩৮টা নমুনা পৰীক্ষা কৰা হৈছে।

 

এই বৃদ্ধিৰ জৰিয়তে সৈতে এতিয়ালৈকে প্ৰায় ৪লাখ নমুনা পৰীক্ষা কৰা হৈছে। আজিলৈকে  ৩,৯৪,৭৭,৮৪৮ নমুনা পৰীক্ষা কৰা হৈছে।যোৱা দুসপ্তাহত ১কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে।

 

 

প্ৰতি নিযুত লোকৰ মাজত নমুনা পৰীক্ষাৰ অনুপাতো দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতি ১০লাখ লোকৰ মাজৰ ২৮,৬০৭ গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছে। ব্যাপক হাৰত নমুনা পৰীক্ষা নীতি গ্ৰহণ কৰাৰ ফলতেই আক্ৰান্তসকলৰ চিনাক্তকৰণ, তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলক চিনাক্ত কৰা, তেওঁলোকক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা আৰু সময়মতে ফলপ্ৰসূ চিকিত্সা নিশ্চিত কৰিব পৰা গৈছে।

 

ব্যাপক হাৰত নমুনা পৰীক্ষাৰ বাবে যি কৌশল অৱলম্বন কৰা হৈছে তাৰ ফলত দেশত নমুনা পৰীক্ষাগাৰৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে। দেশত আজি পৰ্যন্ত নমুনা পৰীক্ষাগাৰৰ সংখ্যা হৈছে ১,৫৪৬টা। ইয়াৰে ৯৯৮টা পৰীক্ষাগাৰ চৰকাৰী খণ্ডৰ আৰু ৫৬৬টা ব্যক্তিগত খণ্ডৰ। ইয়াত নিম্নলিখিতসমূহ অন্তৰ্ভুক্ত হৈছেঃ

 

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৮০১(চৰকাৰীঃ৪৬১+বেচৰকাৰীঃ৩৪০)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৬৪৩(চৰকাৰীঃ৫০৩+বেচৰকাৰীঃ১৪০)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১২০(চৰকাৰীঃ৩৪+বেচৰকাৰীঃ৮৬)

 

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

 

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

 

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

 

 ***

MV/SJ/KG



(Release ID: 1649697) Visitor Counter : 160