স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
দেশৰ মুঠ ক’ভিড আক্ৰান্ত্ৰৰ মাত্ৰ ২২%হে সক্ৰিয় ৰোগী
আৰোগ্য লাভ কৰিছে ২৬লাখে, চিকিত্সাধীন ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ১৮ লাখৰে অধিক
পোষ্ট কৰা হৈছে:
28 AUG 2020 12:06PM by PIB Guwahati
দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ অৱনমিত হৈছে। বিগত ৫টা মাহত ক’ভিড আক্ৰন্ত হোৱা মুঠ ৰোগীৰ তিনি চতুৰ্থাংশতকৈয়ো অধিকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

ইফালে, হোম কোৱেৰেণ্টাইনত থকা(অলপীয়া বা সামান্য বেছি) আৰু বিভিন্ন হাস্পটালত চিকিত্সাধীন হৈ থকা(বেছি আৰু খুবেই বেছিকৈ অসুস্থ হোৱা) ৰোগীসকলৰ অধিকাংশই ঘৰলৈ ওভতাৰ ফলত দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা প্ৰায় ২৬লাখলৈ বৃদ্ধি পাইছে। শেহতীয়া ২৪ ঘণ্টাত ৬০,১৭৭গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ইয়াৰ ফলত দেশত আৰোগ্য লাভ কৰা ক’ভিড-১৯ আক্ৰান্তৰ শতাংশ হাৰ হৈছেগৈ ৭৬.২৮%।
ৰোগবিধ সক্ৰিয় হৈ থকা ব্যক্তিৰ বিপৰীতে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৩.৫ গুণলৈ বৃদ্ধি পাইছে। ৰোগবিধ সক্ৰিয় হৈ থকা ব্যক্তিৰ শতাংশ হাৰ হ’ল ২১.৯০%। ইফালে, ৰোগাক্ৰান্তকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ১৮ লাখৰ ঘৰ অতিক্ৰম কৰি আজি এই সংখ্যা ১৮,৪১,৯২৫গৰাকীলৈ বৃদ্ধি পাইছে।
আজিৰ তাৰিখত দেশত ১৭২৩খন ‘ক’ভিডৰ বাবে উত্সৰ্গিত হাস্পটাল’ থকাৰ বিপৰীতে ৩৮৮৩খন ‘ক’ভিড স্বাস্থ্য কেন্দ্ৰ’ আৰু ১১,৬৮৯টা ‘ক’ভিড কেয়াৰ চেণ্টাৰে’ সৰ্বমুঠ ১৫,৮৯,১০৫খন বিচনা, ২,১৭,১২৮খন অক্সিজেন সংযোজিত বিচনা আৰু ৫৭,৩৮০খন ‘আইচিইউ বিচনা’ৰে আক্ৰান্তসকলক সেৱা আগবঢ়াই আহিছে।
ইফালে দেশত আজি মৃত্যুৰ হাৰ ১.৮৪শতাংশলৈ অৱনমিত হৈছে।
ক’ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।
কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .
অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf.
****
MV/SJ/KB
(ৰিলিজ আই ডি : 1649395)
অতিথি কক্ষ : 239
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam