PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 28 AUG 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

একেৰাহে দুদিন, প্ৰতি দিনাই ৯ লাখৰো অধিক নমুনা পৰীক্ষা সম্পন্ন কৰিলে ভাৰতে, ৪ কোটিৰ নতুন শিখৰ আৰোহন কৰাৰ পথত মুঠ টেষ্টৰ সংখ্যা, যোৱা ২ সপ্তাহত ১ কোটিৰো অধিক টেষ্ট সম্পন্ন

কেন্দ্ৰীয় চৰকাৰখনৰ “টেষ্ট, ট্ৰেক আৰু ট্ৰিট” ব্যৱস্থাত অধিক মনোযোগেৰে, ধাৰাবাবাহিক দুটা দিনত, প্ৰতি দিনাই ৯ লাখৰো অধিক ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা সম্পন্ন কৰিলে ভাৰতে। ভাৰতে ইতিমধ্যে প্ৰতি দিনে ১০ লাখ টেষ্ট সম্পন্ন কৰাৰ সামৰ্থ্য আহৰণ কৰিছে। যোৱা ২৪ ঘন্টাত ৯,০১,৩৩৮ টা নমুনা পৰীক্ষা কৰা যায়। এনে ক্ষীপ্ৰ অগ্ৰগতিৰ ফলস্বৰূপে, সম্পন্ন হোৱা টেষ্টৰ সংখ্যা প্ৰায় ৪ কোটি হৈছেগৈ।

অধিক বিৱৰণৰ বাবে

 

মুঠ ক’ভিড ঘটনাৰ মাত্ৰ ২২% হে সক্ৰিয় ঘটনা, বৰ্তমান আৰোগ্য লাভ কৰিছে ২৬ লাখে। ১৮ লাখৰো অধিক ব্যৱধানত সক্ৰিয় ঘটনাক অতিক্ৰম

যোৱা পাঁচটা মাহত, ’ভিড-১৯ ঘটনাৰ ৩/৪ ৰো অধিকে আৰোগ্য লাভ কৰিছে আৰু এতিয়া সক্ৰিয় হৈ আছে ১/৪ তকৈয়ো কম সংখ্যক। অধিক ৰোগীয়ে আৰোগ্য লাভ কৰা আৰু হ’ম আইছ’লেশ্যন (নৰম আৰু মধ্যমীয়া ঘটনাৰ ক্ষেত্ৰত) আৰু চিকিৎসালয় (তীব্ৰ আৰু সক্ৰিয় ঘটনা)ৰ পৰা অধিক ৰোগীক ডিচাৰ্জ দিয়াৰ পৰিপ্ৰেক্ষিতত, ভাৰতত প্ৰায় ২৬ লাখে ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰিছে। যোৱা ২৪ ঘন্টাত ৬০,১৭৭ জন আক্ৰান্তই আৰোগ্য লাভ কৰে।

অধিক বিৱৰণৰ বাবে

 

এমজিএম চিকিৎসা মহাবিদ্যালয়, ইন্দোৰৰ চুপাৰ স্পেচিয়েলিটি ব্লক ডিজিটেলি উদ্বোধন কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত ইন্দোৰস্থিত মহাত্মা গান্ধী মেম’ৰিয়েল কলেজত চুপাৰ স্পেচিয়েলিটি ব্লক (এছএছবি) ডিজিটেলি উদ্বোধন কৰে। এই চিকিৎসা মহাবিদ্যালয়খনি হৈছে এনচিডিচি ছিৰ’-চাৰ্ভেৰ বাবে ন’ডেল এজেন্সী। প্ৰধান মন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ৰ অধীনত ২৩৭ কোটি টকা বিনিয়োগেৰে উক্ত এছএছবি টো নিৰ্মাণ কৰা হয়।

অধিক বিৱৰণৰ বাবে

পিএম-েডিৱাই ৰ সফল ৬ বছৰ পূৰ্তিত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ধন যোজনাৰ সফল ৬ বছৰ পূৰ্তিত সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “বেংকত একাউণ্ট নথকা লোকসকলক বেংক একাউণ্ট খুলি দিয়াৰ এক অভিলাষী উদ্দেশ্যেৰে আজিৰ পৰা ছবছৰ পূৰ্বে মুকলি কৰা হৈছিল প্ৰধান মন্ত্ৰী জন ধন যোজনা। দেশৰ কোটি কোটি লোকক লাভান্বিত কৰি, ভালেমান দৰিদ্ৰতা নিৰ্মূলকৰণ পদক্ষেপৰ ভেটি হিচাপে আৰম্ভ কৰা এই পদক্ষেপ আজি যুগান্তকাৰী হিচাপে অভিহিত হৈছে।

অধিক বিৱৰণৰ বাবে

 

প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ভিডিঅকনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা নিৰ্মাণ বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক অগ্ৰাধিকাৰ প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য। এক অভিযান হিচাপে কাম কৰাৰ বাবে তথা নিৰলস প্ৰচেষ্টা গ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ দলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা নিৰ্মাণত স্ব-নিৰ্ভৰশীল হোৱাৰ লক্ষ্যই আজিৰ আলোচনাৰপৰা নিশ্চিতভাৱে গতি লাভ কৰিব

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী জন-ধন যোজনা (পিএমজেডিৱাই) বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থে ৰাষ্ট্ৰীয় অভিযানৰ সফল ৰূপায়ণৰ ছয় বছৰ পূৰ্তি

বিত্তীয় অন্তৰ্ভুক্তি হৈছে চৰকাৰখনৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ যাৰ জৰিয়তে সৰ্বব্যাপী বিকাশ সম্ভৱ। এই অংগীকাৰৰ অৰ্থে এটা মূল ব্যৱস্থা হৈছে প্ৰধান মন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই), যি হৈছে বিশ্বৰ ভিতৰতেই এটা সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি ব্যৱস্থা। পিএমজেডিৱাই ৰ ৬ষ্ঠ বাৰ্ষিকীত, কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই আঁচনিখনৰ যথাৰ্থতা দোহাৰে।প্ৰধান মন্ত্ৰী জন ধন যোজনাটি হৈছে মোদী চৰকাৰখনৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক ব্যৱস্থাৰ আধাৰশিলা। প্ৰত্যক্ষ লাভ হস্তান্তৰ, ক’ভিড-১৯ৰ বাবে আৰ্থিক সাহাৰ্য্য, পিএম-কিষাণ, এমজিএনৰেগা ৰ অধীনত মজুৰি বৃদ্ধি, জীৱন আৰু স্বাস্থ্য বীমা ক’ভাৰ, এই সকলোবোৰ ক্ষেত্ৰতে প্ৰথম পদক্ষেপ আছিল সকলো প্ৰাপ্তবয়স্ক লোকক এটা বেংক একাউন্ট আগবঢ়োৱা, সিয়েই আছিল পিএমজেডিৱাই আৰু ই সম্পূৰ্ণ হোৱাৰ পথততেওঁ কয়।

অধিক বিৱৰণৰ বাবে

 

’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত এক ভাৰত শ্ৰেষ্ঠ ভাৰত সন্দৰ্ভত ভিন্ন কাৰ্যসূচী হাতত ল’লে চেন্ট্ৰেল ইনষ্টিটিউট অৱ হোটেল মেনেজমেন্ট আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টুৰিজিম আৰু ট্ৰেভেল মেনেজমেন্টে

ভিন্ন কাৰ্যক্ৰমণিকাৰ জৰিয়তে পৰ্যটন মন্ত্ৰণালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনা প্ৰোৎসাহিত কৰিবলৈ নিয়মিতভাৱে কাম কৰি আহিছে। আনকি ৮ মে’, ২০২০ ৰপৰা ২৪ আগষ্ট, ২০২০ লৈকে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাতো চেন্ট্ৰেল ইনষ্টিটিউট অৱ হোটেল মেনেজমেন্ট আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টুৰিজিম আৰু ট্ৰেভেল মেনেজমেন্টে ভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই কাৰ্যসূচীসমূহত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত উদ্দীপনাৰে বিপুলসংখ্যক লোকে অংশগ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবে

 

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজ (জেএনএমচি)ৰ পৰীক্ষা কেন্দ্ৰ ভাৰ্চুৱেলী উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই কালি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজ (জেএনএমচি)ৰ পৰীক্ষা কেন্দ্ৰ উদ্বোধন কৰে। দুই কোটি টকাৰ চৰকাৰী অনুদানেৰে এই পৰীক্ষা কেন্দ্ৰটি নিৰ্মাণ কৰা হৈছে। এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ক’ভিড-১৯ৰ বাবে বিশ্বখনে অপ্ৰত্যাশিত বিচ্ছিন্নতাৰ মুখামুখি হৈ অহাৰ সময়তে, বিশেষতঃ শিক্ষা আৰু শিক্ষা লাভৰ ক্ষেত্ৰখনত; আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে ইয়াৰ বাবে অসুবিধাৰ সৃষ্টি নহয়, তাৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰখন বদ্ধপৰিকৰ।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত সক্ৰিয় ঘটনাই এক হাজাৰ অতিক্ৰম কৰিছে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৭৮ জনক নতুনকৈ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। সম্প্ৰতি সক্ৰিয় পজিটিভ ঘটনাৰ সংখ্যা হৈছে ১০০৭। এতিয়ালৈকে আৰোগ্য লাভৰ হাৰ ৭২ শতাংশৰোধিক আৰু মুঠ ২৬২১ আৰোগ্য লাভকাৰীক চিকিৎসালয়ৰপৰা ডিচাৰ্জ দিয়া হৈছে।
  • অসমঃ অসমত যোৱা ২৪ ঘন্টাত ক’ভিড-১৯ ত আক্ৰান্ত ২৩৪৫ জন ৰোগীক ডিচাৰ্জ দিয়া হয়। বৃহস্পতিবাৰলৈকে মুঠ ৭৯৩০৭ জন ৰোগীক ডিচাৰ্জ দিয়া হয় আৰু ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৯২১৯ টা।
  • মণিপুৰঃ মণিপুৰত, যোৱা ২৪ ঘন্টাত, আৰু ১৪০ জন লোকৰ দেহত ’ভিড-১৯ পজিটিভ ধৰা পৰিছে ইয়াৰ ভিতৰত, ১১৯ জনৰে ট্ৰেভেল হিষ্টৰী নাই। ১২৮ জন লোকে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ক’ভিড কেয়াৰ চেন্টাৰৰপৰা ডিচাৰ্জ দিয়া হৈছে। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে ৬৯%
  • মেঘালয়ঃ মেঘালয়ত মুঠ সক্ৰিয় ক’ভিড-১৯ ঘটনাই ১২২২ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৪১৪ জন বিএছএফ আৰু সশস্ত্ৰ বাহিনীৰ লোক হোৱাৰ সমান্তৰালভাৱে ৮০৮ জন অন্য লোক। ৰাজ্যখনত এতিয়ালৈকে ৮৯৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
  • মিজোৰামঃ মিজোৰামত আজি ক’ভিড-১৯ টেলিয়ে ১০০০ ৰ সীমা অতিক্ৰম কৰে।
  • নাগালেণ্ডঃ নাগালেণ্ডত উপ মুখ্যমন্ত্ৰী তথা ৱাখা জিলাৰ ক’ভিড-১৯ ৰ তত্বাৱধায়ক ৱাই পেট্টনে জিলাখনৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।’ভিড-১৯ পজিটিভ ঘটনা চিনাক্ত হোৱাৰ পাছতে ক’হিমাৰ ৫ টা অধিক স্থান জিলা প্ৰশাসনৰদ্বাৰা ছীল কৰি দিয়া গৈছে।
  • মহাৰাষ্ট্ৰঃ বৃহস্পতিবাৰে ১৪,৭১৮ টা ঘটনা চিনাক্ত আৰু ৩৫৫ জনৰ মৃত্যুকে ধৰি, ৰাজ্যখনত মুঠ ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৭,৩৩,৫৬৮ স্পৰ্শ কৰিছে।
  • গুজৰাটঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ১,১৯০ জন লোকৰ দেহত ক’ভিড-১৯ ধৰা পৰিছে। ইয়াকে ধৰি ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই ৯১,৩২৯ স্পৰ্শ কৰে। ৰাজ্যখনত টেষ্টৰ সংখ্যাই ২০ লাখৰ সীমা অতিক্ৰম কৰাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰৰ দিনটোত ৭৬,২২৭ টেষ্ট সম্পন্ন কৰা হয়।  
  • ৰাজস্থানঃ ৰাজস্থানত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় (চিএমঅ) ত কৰ্মৰত ৯ জন লোক আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহ (চিএমআৰ)ত কৰ্মৰত এজন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই ৭৫,৩০৩ স্পৰ্শ কৰাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে ৬৩৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে।
  • মধ্য প্ৰদেশঃ ’ভিড-১৯ মহামাৰীক নিয়ন্ত্ৰণৰ অৰ্থে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াৰ ১০ খন জিলাত বিশেষ মনোযোগ দিবলৈ স্বাস্থ্য বিভাগ আৰু আন-আন কৰ্তৃপক্ষসমূহক নিৰ্দেশ প্ৰদান কৰিছে। বৃহস্পতিবাৰে, ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হয় ১২,৪২২।
  • কেৰালাঃ ৰাজ্যখনত কভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত, স্বাস্থ্য বিভাগে টেষ্টিঙৰ বাবে থকা ছেন্টিনেল চাৰ্ভিলেন্স প্লেনৰ সংশোধনী ঘটাইছে। আজি ৰাজ্যখনত এজন আক্ৰান্তৰ মৃত্যু হোৱাত মুঠ মৃতকৰ সংখ্যা হয়গৈ ২৬৮ জন।
  • তামিল নাডুঃ যোৱা ২৪ ঘন্টাত কেন্দ্ৰীয় শাসিত পুডুচেৰীত ৬০৪ জন নতুনকৈ কভিড-১৯ত আক্ৰান্ত হয় আৰু ৯ জন আক্ৰান্তৰ মৃত্যু হয়। আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত উক্ত সংখ্যা এদিনতে-সৰ্বাধিক আছিল।
  • কৰ্ণাটকঃ ৰাজ্যখনত বৃহস্পতিবাৰে এদিনতে সৰ্বাধিক লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে। এই সংখ্যা ৯,৩৮৬। ৰাজ্যখনত এতিয়ালৈকে মুঠ ৩,০৯,৭৯২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
  • অন্ধ্ৰ প্ৰদেশঃ ’ভিডত আক্ৰান্ত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ চৰকাৰী চিকিৎসালয়ৰ যিসকল চিকিৎসকে জীৱন পৰ্যন্ত ত্যাগ কৰিছে, তেওঁলোকৰ পৰিয়ালবৰ্গক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে। ৰাজ্যখনত বৃহস্পতিবাৰে মুঠ আক্ৰান্তৰ সংখ্যা হয় ৩.৯৩ লাখ।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত, ৰাজ্যখনত নতুনকৈ ২৯৩২ জনৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে। একে সময়তে, ১৫৮০ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ১১ জনৰ মৃত্যু হৈছে।

***



(Release ID: 1649374) Visitor Counter : 209