PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 26 AUG 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ লগে লগে চিকিসাধীন ৰোগীতকৈ আৰোগ্য লোকৰ সংখ্যা ৩.৫ গুণ বৃদ্ধি পাইছে

ভাৰতত আজি চিকিসাধীন ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ৩.৫ গুণ বৃদ্ধি পাইছে৷ বিগত কেইবাদিনো ধৰি এটা দিনত ৬০,০০০তকৈ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৬৩,১৭৩গৰাকী ৰোগী আৰোগ্য হোৱাকে ধৰি মুঠ আৰোগ্য লোকৰ সংখ্যা ২৪,৬৭,৭৫৮গৰাকী হৈছে৷ আজিৰ দিনটোত ক’ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৭৬.৩০%লৈ বৃদ্ধি পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে ২১.৮৭% ৰোগী চিকিসাধীন হৈ আছে৷  আজি মৃত্যুৰ হাৰ ১.৮৪%লৈ নিম্নগামী হৈছে৷

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648672

 

প্ৰতিদিন গড়ে ৮লাখতকৈ অধিক পৰীক্ষাৰ জৰিয়তে ভাৰতে নমূনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিছে, প্ৰতি ১০লাখৰ বিপৰীতে এতিয়া ২৭,০০০তকৈ অধিক লোকৰ পৰীক্ষা কৰা হৈছে

সময়ানুৱৰ্তী আৰু আগ্ৰাসী পৰীক্ষণৰ জৰিয়তে ক’ভিড-১৯ত সংক্ৰমিত লোকক আগতীয়া চিনাক্তকৰণেৰে এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সমন্বিত প্ৰচেষ্টাৰে বিগত ৭দিন একেৰাহে ৮লাখতকৈ অধিক নমূনা পৰীক্ষণৰ জৰিয়তে দেশত সৰ্বমুঠ ৩,৭৬,৫১,৫১২টা নমূনা পৰীক্ষা কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৮,২৩,৯৯২টা নমূনা পৰীক্ষাৰ জৰিয়তে প্ৰতি ১০লাখ লোকৰ বিপৰীতে ২৭,২৮৪গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ দেশত বৰ্তমান ১,৫৪০টা পৰীক্ষাগাৰ আছে৷

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648683

 

দিল্লী/এনচিআৰত ই-সঞ্জীৱনীৰ জৰিয়তে টেলি-কনচালটেশ্যন সেৱা আৰম্ভ চিজিএইচএছৰ


জ্যেষ্ঠ নাগৰিকসকলক হেল্থ কেয়াৰ ব্যৱস্থাকে প্ৰমুখ্য কৰি ৰাজহুৱা স্থানত সমাগম নহবলৈ পৰামৰ্শ প্ৰদান কৰাৰ বাবে সাম্প্ৰতিক কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জ্যেষ্ঠ নাগৰিক হিতাধিকাৰীসকলকে ধৰি ভিন্ন মহলৰপৰা লাভ কৰি অহা অনুৰোধৰ ভিত্তিত বিশেষজ্ঞ চিকিসকৰ জৰিয়তে ২৫ আগষ্টৰ পৰা টেলি-কনচালটেশ্যন সেৱা আৰম্ভ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648664

 

ৰাজস্থানত দুখন নতুন চিকিসা মহাবিদ্যালয় আৰু তিনিটা অতি বিশিষ্ট ব্লক দেশবাসীৰ নামত উচৰ্গা কৰিলে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে ডিজিটেল মাধ্যমেৰে ৰাজস্থানত দুখন নতুন চিকিসা মহাবিদ্যালয় আৰু তিনিটা অতি বিশিষ্ট ব্লক উদ্বোধন কৰে৷ ভিলৱাৰাৰ ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়া মেডিকেল কলেজ আৰু ভৰতপুৰ মেডিকেল কলেজক জিলা চিকিসালয়ৰ পৰা মেডিকেল কলেজলৈ উন্নীত কৰা হয়৷

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648708

 

চলিত বৰ্ষৰ ২০ এপ্ৰিলৰ পৰা তেল আৰু গেছ খণ্ডই ৫.৮৮লাখ কোটি টকা ব্যয়সাপেক্ষ ৮,৩৬৩টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে, এই প্ৰকল্পসমূহৰ জৰিয়তে প্ৰায় ৩৩.৮ কোটি মানৱদিন কৰ্ম-সংস্থাপন সৃষ্টিৰ আশা কৰিছে ভাৰত চৰকাৰে

মহামাৰী সম্পৰ্কীয় সকলো মানসম্পন্ন পৰিচালন পদ্ধতি মানি চলি তেল আৰু গেছ খণ্ডই চলিত ২০ এপ্ৰিলৰ পৰা ৫.৮৮লাখ কোটি টকা ব্যয়সাপেক্ষ ৮,৩৬৩টা অৰ্থনৈতিক কাম-কাজ আৰু প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷ তেল আৰু গেছ খণ্ডৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু যুটীয়া অংশীদাৰিত্ব/ৰাজসাহায্যযুক্ত এই প্ৰকল্পসমূহৰ ভিতৰত শোধনাগাৰ প্ৰকল্প, জৈৱ শোধনাগাৰ, অন্বেষণ আৰু উপাদন প্ৰকল্প, বিপণন, আন্তঃগাঁথনি প্ৰকল্প, পাইপলাইন, চিজিডি প্ৰকল্প, খনন আৰু সমীক্ষাজনিত কাম-কাজ প্ৰকল্প অন্যতম৷ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু যুটীয়া অংশীদাৰিত্বৰ অন্তৰ্গত এই তেল আৰু গেছ খণ্ডই চলিত বৰ্ষত ২৫টা প্ৰকল্পৰ বাবে ১,৬৭,২৪৮ কোটি টকা আনুমানিক ব্যয় ধাৰ্য কৰাৰ লগতে ৭৬,৫৬,৮২৫ মানৱদিন কৰ্ম-সংস্থাপনৰ সৃষ্টি কৰিব৷

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648544

গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ নৱম সপ্তাহলৈকে ২৪কোটি মানৱ দিন কৰ্ম-সংস্থাপন সৃষ্টিৰ লগতে ১৮,৮৬২ কোটি টকা ব্যয় কৰা হৈছে

ভিড-১৯ প্ৰাদূৰ্ভাৱৰ ফলত প্ৰভাৱিত গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমান্তৰালভাৱে গ্ৰামীণ এলেকাৰ লোকসকলক জীৱিকাৰ সুযোগ দিয়াৰ লক্ষ্যৰে গৰীৱ কল্যান ৰোজগাৰ ভিযানন(জিকেআৰএ) শুভাৰম্ভ কৰা হয়। এই অভিযানৰ নৱম সপ্তাহলৈকে ২৪কোটি মানৱ দিন কৰ্ম-সংস্থাপন সৃষ্টিৰ লগতে ১৮,৮৬২ কোটি টকা ব্যয় কৰা হৈছে৷ এই অভিযানৰ অধীনত বৰ্তমানলৈকে এক বিশাল পৰিমাণৰ আন্তঃগাঁথনি গঢ়ি তোলা

অধিক বিৱৰণৰ বাবে-https://pib.gov.in/PressReleseDetail.aspx?PRID=1648709

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ অতি সংকটাপূৰ্ণ অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে তাক্ষণিকভাৱে ৪২৮টা চিকিসা বিষয়া(বিশেষজ্ঞ)ক নিযুক্তিত অনুমোদন জনাইছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত ৫.৯০লাখ মহিলাক তেওঁলোকৰ বেংক একাউণ্টত মাহিলী ৫০০ টকাকৈ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ৮.৭৪লাখ কৃষকক ২,০০০টকাকৈ প্ৰত্যক্ষ বিত্তীয় সাহায্য প্ৰদান কৰিছে৷ তেওঁ লগতে কয় যে ৰাজ্যখনৰ যোগ্য ব্যক্তিসকলক আগতীয়াকৈ তিনি মাহৰ সামাজিক নিৰাপত্তা পেন্সন প্ৰদান কৰা হৈছে৷
  • মহাৰাষ্ট্ৰঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে বিকাশ সাধন কৰা সম্ভাৱ্য ক’ৰোনা ভাইৰাছ ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে ইতিমধ্যে ভাৰতী বিদ্যাপীঠ মেডিকেল কলেজলৈ অনা হৈছে৷ আজিৰে পৰা এই পৰীক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে৷ ৰাজ্যখনত বৰ্তমান ১,৬৫,৯২১গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ মঙলবাৰে ১,০৯৬গৰাকী নতুনকৈ আক্ৰান্তকে ধৰি গুজৰাটত ক’ভিড ৰোগীৰ সংখ্যা ৮৮,৯৪২লৈ বৃদ্ধি পাইছে৷ কালি ৰাজ্যখনত ২০জন ৰোগীৰ মৃত্যু হয়৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭২,৫৭৭টা নমূনা পৰীক্ষা কৰা হয়৷ বৰ্তমান ১৪,৭৫১জন ৰোগী চিকিসাধীন হৈ আছে৷
  • চত্তীশগড়ঃ মঙলবাৰে সৰ্বাধিক ১,১৪৫জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২৩,১৯৯লৈ বৃদ্ধি পাইছে৷ বৰ্তমানলৈকে ২১৮জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ৰায়পুৰ, দুৰ্গ, ৰাজনন্দন আৰু বিলাসপুৰৰ ক’ভিডমুক্ত হৈ ডিছচাৰ্জড দিয়া লোকসকলৰ অনুসৰণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী টিএছ সিংদেৱে আইভিআৰএছ পদ্ধতিৰ শুভাৰম্ভ কৰে৷
  • গোৱাঃ ক’ভিড-১৯ত আক্ৰান্ত গুৰুতৰ ৰোগীসকলৰ চিকিসা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ বাবে মঙলবাবে দিল্লী এইমছৰ এটা চিকিসকৰ দলে গোৱা মেডিকেল কলেজ আৰু হাস্পতাল পৰিদৰ্শন কৰে৷ দলটোৱে সোমবাৰে গোৱাত উপস্থিত হৈ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰীপদ নায়কৰ স্বাস্থ্যৰো বুজ লয়৷ ৰাজ্যখনত ৩,১৪৯গৰাকী ৰোগী চিকিসাধীন অৱস্থাত আছে৷

 

  • কেৰালাঃ ৰাজ্যখনত নতুনকৈ পাঁচজন ক’ভিড ৰোগীৰ মৃত্যুৰ জৰিয়তে মুঠ মৃত্য হোৱাৰ ৰোগীৰ সংখ্যা ২৪৯লৈ বৃদ্ধি পাইছে৷ আজি কঠোৰ ক’ভিড-১৯ প্ৰ’টকলৰ মাজেৰে ৰাজধানীত থকা শ্ৰী পদ্মনাভস্বামী মন্দিৰ ভক্তৰ বাবে মকলি কৰি দিয়া হয়৷ এবাৰত ৩৫গৰাকীকৈ দিনটোত সৰ্বাধিক ৬৬৫গৰাকী ভক্তক সোমাবলৈ অনুমতি দিয়া হৈছে৷ কালি দিনটোত ৰাজ্যখনত সৰ্বাধিক ২,৩৭৫গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখন ১,৮৩,৭৯৪গৰাকী ৰোগী চিকিসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ অহা দুসপ্তাহত ৰাজ্যখনৰ সকলো চৰকাৰী মেডিকেল কলেজ হাস্পতালত ক’ভিড-১৯ পৰীক্ষাৰ ৰিপ’ট ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত এছএমএছযোগে প্ৰেৰণ কৰা হ’ব৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী চি. বিজয়ভাস্কৰে জনোৱামতে এই সম্পৰ্কীয় আপডেটেড ছফটৱেৰৰ কাম পূৰ্ণগতিত চলি আছে৷ ইফালে, ৰাজ্যিক শিক্ষা বিভাগে এই বছৰ ক’ভিড-১৯ৰ বাবে পৰীক্ষা নপতাকৈ শিক্ষাৰ্থীসকলক নম্বৰ প্ৰদানৰ যি সিদ্ধান্ত লৈছিল তাৰ প্ৰত্যাহ্বান জনাই এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই দাখিল কৰা লেখ আৱেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে৷
  • কৰ্ণাটকঃ ২লাখতকৈ অধিক লোকক ডিছচাৰ্জড, ৭০% আৰোগ্য, আইচিইউত ১%তকৈ কম ৰোগী চিকিসাধীন, মৃত্যুৰ হাৰ ১.৬৯%ৰ জৰিয়তে কৰ্ণাটকত ক’ভিড পৰিস্থিতি লাহে লাহে উন্নত হৈছে৷ কালি কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰ ক’ভিডত আক্ৰান্চ হোৱাত তেওঁক বাংগালুৰুৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হয়৷ মঙলবাৰে ৰাজ্যখনত ৮,১৬১গৰাকী লোক নতুনকৈ আক্ৰান্তৰ জৰিয়তে মুঠ ক’ভিড ৰোগীৰ সংখ্যা ২,৯১,৮২৬লৈ বৃদ্ধি পাইছে৷
  • অন্ধ্ৰপ্ৰদেশঃ মঙলবাৰে মাজনিশা অনন্তপুৰ চৰকাৰী হাস্পতালত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ ফলত ৰোগীৰ মাজত হুৱাদুৱা লাগে৷ ২৪গৰাকী ক’ভিড ৰোগীক নিৰাপদে বেলেগ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হয়৷ৰাজ্যখনৰ বিজয়ৱাডাত পাঁচটাকৈ ব্যক্তিগত ক’ভিড কেন্দ্ৰত অত্যাধিক মাছুল ধাৰ্য কৰা বুলি ৰোগীৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত কেন্দ্ৰকেইটাৰ অনুজ্ঞা বাতিল কৰা হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ৩,০১৮গৰাকী নতুন ক’ভিড আক্ৰান্ত, ১০৬০গৰাকী আৰোগ্য আৰু ১০জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ক’ভিড-১৯ৰ ভয়াবহতাৰ মাজতে তেলেংগানাৰ হায়দৰাবাদত ২৫ জুলাইলৈকে মুঠ ৫,৯৫০ কোটি টকা বিনিয়োগ হোৱা বুলি চৰকাৰী সুত্ৰত প্ৰকাশ৷
  • অৰুণাচল প্ৰদেশঃ যোৱা চাৰি ঘণ্টাত অৰুণাচল প্ৰদেশত ১০০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমানলৈকে মুঠ ২,৫০৮গৰাকী ৰোগী ডিছচাৰ্জড দিয়াৰ ফলত ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৭৩.৫০শতাংশলৈ উন্নীত হৈছে৷
  • অসমঃ কালি দিনটোত অসমত ১,৭৩৪গৰাকী লোকক ডিছচাৰ্ডড দিয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিসক, নাৰ্ছ আৰু চিকিসা কৰ্মীসকলৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে তেওঁলোকক কৃতজ্ঞতা জনায়৷ ৰাজ্যখনত বৰ্তমানলৈকে ৭৪,৮১৪জনক ডিছচাৰ্জড দিয়াৰ বিপৰীতে ১৯,৫১৫গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মনিপুৰঃ ৰাজ্য চৰকাৰে আনলক-৩ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশ অনুসৰি সকলো ধৰণৰ জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
  • মেঘালয়ঃ আজি ৪২গৰাকী লোকে ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে৷ বৰ্তমান ১,১৭৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মিজোৰামঃ মিজোৰামত আজি ৪জনে আৰোগ্য লাভ কৰিছে৷ মিজোৰামত বৰ্তমান ৪৯৯জন ৰোগী চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ৰাজ্যখনত বৰ্তমানলৈকে ৫৭,৭৯৯টা নমূনা আৰটি-পিচিআৰ আৰু ট্ৰুনাট মেচিনেৰে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ বৰ্তমান ১,১১৩গৰাকী ৰোগী চৰকাৰী কোৱাৰেণ্টাইন আছে৷ ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ক’হিমা আৰু টুৱেনছাং জিলাৰ ১৭টা স্থান চীল কৰা হৈছে৷

FACT CHECK

*******



(Release ID: 1648854) Visitor Counter : 202