স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ভাৰতত আৰোগ্যৰ সংখ্যা বঢ়াৰ লগে লগে আৰোগ্য আৰু অসুস্থৰ মাজৰ ব্যৱধান ব্যাপক হাৰত বৃদ্ধি হৈছে
                    
                    
                        অসুস্থ ৰোগীতকৈ আৰোগ্য লাভ কৰোতাৰ পৰিমাণ ৩.৫ গুণ অধিক
                    
                
                
                    Posted On:
                26 AUG 2020 1:06PM by PIB Guwahati
                
                
                
                
                
                
                ভাৰতত আজি অসুস্থ ৰোগীতকৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্য তিনিগুণলৈ বৃদ্ধি পাইছে। বিগত কেইবাটাও দিনত প্ৰতিদিনে গড়ে ৬০,০০০ৰৰো অধিক লোকে আৰোগ্য লাভ কৰি হাস্পটাল এৰিব পাৰিছে। শেহতীয়া ২৪ ঘণ্টাত দেশত সৰ্বমুঠ ৬৩,১৭৩ গৰাকী লোকে সুস্থ হৈ ঘৰলৈ উভতিবৈ সক্ষম হৈছে। ইয়াকে ধৰি দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ ব্যক্তিৰ সংখ্যা হৈছেগৈ ২৪,৬৭,৭৫৮গৰাকী। ইয়াৰ ফলত অসুস্থ আৰু আৰোগ্য লাভ কৰা লোকৰ মাজৰ ব্যৱধান দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

আজিৰ তাৰিখত ৭,০৭,২৬৭গৰাকী লোক অসুস্থ হৈ থকাৰ বিপৰীতে আৰোগ্য আৰু অসুস্থ লোকৰ ব্যৱধান হৈছে ১৭,৬০,৪৮৯ গৰাকী। সেই হিচাপে আজিৰ তাৰিখত দেশৰ আৰোগ্যৰ শতাংশ হাৰ হৈছেগৈ ৭৬.৩০শতাংশ। ইফালে, আৰোগ্য লাভৰ হাৰ বৃদ্ধিয়ে দেশৰ চিকিত্সালয়সমূহত ভৰ্তি হোৱা অসুস্থ লোকৰ হাৰো মুঠ আক্ৰান্তৰ ২১.৮৭ শতাংশলৈ নিম্নগামী কৰিছে।
দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে মৃত্যুৰ হাৰ ১.৮৪শতাংশলৈ অৱনমিত কৰিবলৈ সক্ষম হৈছে। এই পৰিমান দিনে দিনে দ্ৰুত গতিত হ্ৰাস পোৱাটো ইতিবাচক বুলি বিবেচিত হৈছে। 
ক’ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।
কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in  আৰু অন্যান্য তথ্যৰ বাবে  ncov2019[at]gov[dot]in and @CovidIndiaSeva .
অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf.
****
MV/SJ/KB
                
                
                
                
                
                (Release ID: 1648827)
                Visitor Counter : 221
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Malayalam