স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত এতিয়ালৈকে এদিনতে সৰ্বাধিক ৬৬,৫৫০ৰ আৰোগ্য লাভ

আন এটা শিখৰত আৰোহণ ভাৰতৰঃ মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ২৪ লাখ

যোৱা ২৫ দিনত আৰোগ্য লাভৰ ঘটনা ১০০% ৰোধিক বৃদ্ধি

Posted On: 25 AUG 2020 12:29PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ সহযোগী আৰু কৌশলগত পদক্ষেপ গ্ৰহণ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰূপায়ণত ইপ্সিত ফলাফল লাভ কৰা গৈছে।

ভাৰতে এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ সফলতা অৰ্জন কৰিছে। যোৱা ২৪ ঘন্টাত ৬৬,৫৫০’ভিড-১৯ত আক্ৰান্তই আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। চৰকাৰখনৰ যুদ্ধকালীন ক্ষীপ্ৰতাৰে টেষ্টিং, ব্যাপকভাৱে ট্ৰেকিং আৰু ফলপ্ৰসূভাৱে ট্ৰিটিং নীতিৰ কাৰ্যকৰী ৰূপায়ণৰ ফলশ্ৰুতিত, আৰোগ্য লাভৰ মুঠ সংখ্যাই ২৪ লাখ (২৪,০৪,৫৮৫) অতিক্ৰম কৰে।

ইয়াৰ জৰিয়তে, ভাৰতত ক’ভিড-১৯ ত আক্ৰান্তসকলৰ আৰোগ্য লাভৰ হাৰে ৭৬% (৭৫.৯২%) স্পৰ্শ কৰে। আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাই ১৭ লাখৰো অধিক ব্যৱধানত সক্ৰিয় ঘটনা (৭,০৪,৩৪৮)ক অতিক্ৰম কৰে। আজিৰ তাৰিখত, সক্ৰিয় ঘটনাতকৈ আৰোগ্য লাভ কৰা ৰোগী ৩.৪১ গুণ বেছি।

যোৱা ২৫ দিনত আৰোগ্য লাভ ১০০%ৰোধিক বৃদ্ধি পাইছে।

অধিক আৰোগ্য লাভৰ অভিলেখে নিশ্চিত কৰিছে যে দেশখনৰ প্ৰকৃত কেছল’ড যথাঃ সক্ৰিয় ঘটনা হ্ৰাস পাইছে আৰু সম্প্ৰতি এই হাৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ২২.২৪%।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত, টেষ্টিঙৰ মনোযোগী আৰু ফলপ্ৰসূ ব্যৱস্থা, পৰ্যবেক্ষণ আৰু কনটেক্ট ট্ৰেচিঙৰ জৰিয়তে কন্টেইনমেন্ট, ঘৰুৱা ব্যৱস্থা আৰু আনুষ্ঠানিক আইছ’লেশ্যন, ’ভিড সুযোগ-সুবিধাৰ তিনি তৰপীয়া ব্যৱস্থাৰ জৰিয়তে উন্নীত চিকিৎসা আন্তঃগাঁথনিৰ মাজত ফলপ্ৰসূ চিকিৎসা প্ৰদানতে এয়া সম্ভৱ হৈ উঠিছে। এই তিনি তৰপীয়া ব্যৱস্থা হৈছে সমৰ্পিত ক’ভিড কেয়াৰ চেন্টাৰ, সমৰ্পিত ক’ভিড স্বাস্থ্য কেন্দ্ৰ আৰু সমৰ্পিত ক’ভিড চিকিৎসালয়। আজি ক্ৰমহ্ৰাসমান আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৮৪% হয়।

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শাৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

’ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ট’ল-ফ্ৰী) ত ফোন কৰিব পাৰে। ক’ভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

****

MV/SJ/SB



(Release ID: 1648592) Visitor Counter : 167