স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

“পৰীক্ষা, চিনাক্ত, চিকিৎসা” কৌশল অনুসৰণ, ভাৰতত প্ৰায় ৩.৭ কোটি নমূনা পৰীক্ষণ

প্ৰতি ১০ লাখৰ বিপৰীতে নমূনা পৰীক্ষাৰ পৰিমাণ ২৬,৬৮৫ লৈ বৃদ্ধি হৈছে

Posted On: 25 AUG 2020 1:22PM by PIB Guwahati

পৰীক্ষা, চিনাক্ত, চিকিসাকৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতত সৰ্বমুঠ প্ৰায় . কোটি নমূনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ দৈনিক নমূনা পৰীক্ষণৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ শক্তিশালী সংকল্প গ্ৰহণৰ ফলত আজিলৈকে ,৬৮,২৭,৫২০টা নমূনা পৰীক্ষা কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত ,২৫,৩৮৩টা নমূনা পৰীক্ষা কৰাৰ জৰিয়তে প্ৰতি ১০ লাখৰ বিপৰীতে ২৬,৬৮৫গৰাকী লোকৰ নমূনা পৰীক্ষা কৰা হৈছে৷

সময়মতে চিনাক্তকৰণ, উপযুক্তভাৱে আছুতীয়াকৈ ৰখা আৰু সঠিক চিকিসা, উচ্চ হাৰৰ পৰীক্ষণৰ ফলত সংক্ৰমণৰ হাৰ সীমিত হোৱা পৰিলক্ষিত হৈছে৷

পুনেত এটা পৰীক্ষাগাৰেৰে যাত্ৰা আৰম্ভ কৰা ভাৰতৰ পৰীক্ষাগাৰৰ নেটৱৰ্ক দ্ৰুতগতিত বৃদ্ধি কৰি আজিলৈকে ১৫২৪টা হৈছে৷ ইয়াৰে ৯৮৬টা চৰকাৰী আৰু ৫৩৮টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ৷ সেইবোৰ হৈছেঃ

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৮৭(চৰকাৰীঃ৪৫৯+ব্যক্তিগতঃ৩২৮)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৬১৯(চৰকাৰীঃ৪৯৩+ব্যক্তিগতঃ১২৬)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৮(চৰকাৰীঃ৩৪+ব্যক্তিগতঃ৮৪)

 

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷ .

 

****

MV/SJ/DB



(Release ID: 1648510) Visitor Counter : 169