প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উচ্চশিক্ষা কনক্লেভত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 07 AUG 2020 1:07PM by PIB Guwahati

নমস্কাৰ! মোৰ কেন্দ্রীয় কেবিনেট সহযোগী শ্রী ৰমেশ পোখৰিয়া নিশংকজী, শ্রী সঞ্জয় ধোত্রেজী, ৰাষ্ট্ৰীয় শিক্ষানীতি তি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা দেশৰ বিখ্যাত বৈজ্ঞানিক . কস্তুৰিৰঞ্জনজী আৰু তেওঁ টী, এই ন্মিলন অংশগ্ৰহণকাৰী উপাচার্যসকল, অন্যান্য শিক্ষাবিদসকল, সকলো সন্মানিত ব্যক্তি তথা আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো।

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপ্রেক্ষিত জি এই অনুষ্ঠান অত্যন্ত গুৰুত্বপূর্ণ। এই কনক্লেভৰ পৰা ভাৰতৰ শিক্ষাৰ জগত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভা বিভিন্ন দিশত বিস্তৃ আলোচনা এই আলোচনা যিমান বেছি স্পষ্ট সিমানাই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাস্তবায়িত কৰাত সহজ

বন্ধুসকল, - বছৰ ৰি ব্যাপক আলাপ আলোচনাৰ পাছত লাখ লাখ পৰামর্শ লৈ দীর্ঘদিন ধৰি মন্থনৰ পাছত এই ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুমোদন জনোৱা হৈছে জি সমগ্ৰ দেশ ইয়াক লৈ ব্যাপক আলোচনা হৈছে বিভিন্ন ক্ষেত্রৰ লোকে বিভিন্ন বিচাৰ ধাৰাৰ ব্যক্তিসকলে তেওঁলোকৰ মতামত আগবঢ়াইছে, ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ পর্যালোচনা ৰিছে য়া এয়া সুস্থ বিতর্ক। এই বিতর্ক যিমানে , দেশৰ শিক্ষা ব্যৱস্থা সিমানাই লাভৱা য়া তি আনন্দৰ বিষয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ কোনো ক্ষেত্ৰৰ পৰা কোনো বর্গৰ পৰা এই অভিযোগ অহা নাই যে য়া পক্ষপাতিত্বমূলক শিক্ষানীতি বা এয়া কোনো বিশেষত আপোচ কৰিছে। এয়া এটা সূচযিটো বছৰ বছৰ ৰি লি অহা শিক্ষা ব্যৱস্থাত যি পৰির্তন বিচাৰিছিল, সেয়া তেওঁ দেখিবলৈ পাইছে।

আনকি একাংশ লোকৰ নত এই প্ৰশ্ন ঠাটো স্বাভাৱি যি ইমান ডাঙৰ সংস্কাৰ কাগজে কলমে ৰি দিয়া হৈছে, কিন্তু ইয়াক কেনেদৰে বাস্তবায়িত কৰা অর্থা সকলোৰে দৃষ্টি ইয়া বাস্তবায়িত কৰা দিশত। এই প্ৰত্যাহ্বান দেখি আমাৰ ব্যৱস্থাক সূচাৰুভাৱে ইয়া উপযোগী ৰি তুলিবলৈ ’ত সংস্কাৰৰ প্ৰয়োজন ছে সেয়া আমাৰ সকলোকে মিলামিচি ৰিব লাগিব, ৰু ৰিব লাগিপোনালোক কলোৱে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাস্তবায়িত কৰাৰ লগতে পোনপটীয়াকৈ জড়িত ৰু সেইবাবে আপোনালোক ভূমিকা ৰু অধিক গুৰুত্বপূর্ণ। যিমানদূৰলৈকে ৰাজনৈতিক ইচ্ছা শক্তিৰ প্ৰশ্ন ছে, মই সম্পূর্ণৰূপে দায়বদ্ধ, মই সম্পূর্ণৰূপে আপোনালোকৰ সৈতে আছো।

বন্ধুসকল, প্ৰত্যেক দেশে নিজৰ শিক্ষা ব্যৱস্থাক নিজৰ ৰাষ্ট্ৰীয় মূল্যবোধৰ সৈতে যুক্ত কৰে, নিজৰ ৰাষ্ট্ৰীয় লক্ষ্য অনুসৰি প্ৰয়োজনীয় সংস্কাৰ ৰি কৰি আগুৱাই গৈছে। উদ্দেশ্য এই যে দেশৰ শিক্ষা ব্যৱস্থা, ইয়াৰ বর্তমান আৰু ৱিষ্য প্ৰজন্মক ভৱিষ্যতৰ বাবে গঢ় দিব, ভৱিষ্যতৰ বাবে গঢ় দিব। ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভিত্তি এই ভানাৰ পৰা সৃষ্ট। ৰাষ্ট্ৰীয় শিক্ষানীতি, একবিংশ শতিকাৰ ভাৰতৰ, নতুন ভাৰতৰ ভিত্তি প্ৰস্তুত ৰিবে। একবিংশ শতিকাৰ ভাৰতৰ, আমাৰ নবীন প্ৰজন্মৰ যি ধৰণৰ শিক্ষা বিচাৰে, যি ধৰণৰ দক্ষতা  বিচাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতি সেই দিশত গুৰুত্ব দিছে

ভাৰতক শক্তিশালী ৰি তুলিবলৈ উন্নয়নৰ নতুন উচ্চতাত উপনীত হ’বলৈ ভাৰতৰ নাগৰিকসকলক ৰু অধিক সবলীকৰণ ৰিবলৈ তেওঁলোকৰ যিমান পাৰি সুযোগ পোৱা বাবে উপযুক্ত ৰি তুলিবলৈ এই শিক্ষানীতিত অধিক জোৰ দিয়া হৈছে যেতিয়া ভাৰতৰ ছাত্ৰসকলে নাৰ্চাৰী পর্যায়ৰ পৰা আৰুম্ভ কৰি মহাবিদ্যালয়লৈকে বৈজ্ঞানিক পদ্ধতি ঢ়া-শুনা ৰিব, দ্রুত পৰির্তনশীল সময় আৰু দ্রুত পৰির্তনশীল প্ৰয়োজনৰ নিৰিখ পঢ়া-শুনা কৰিব, সেইদৰে তেওঁলোকে জাতি গঠন দৃষ্টিশীল আৰু ইতিবাচক ভূমিকা পালন ৰিব পাৰিব।

বন্ধুসকল, বিগত বহু বছৰ ধৰি আমাৰ শিক্ষা ব্যৱস্থাত বৃহ ধৰণৰ পৰিৱর্তন হোৱা নাছিল৷ ফলস্বৰূপ আমাৰ সমাজৰ জিজ্ঞাসা আৰু কল্পনাক মূল্যবোধলৈ ৰূপান্তৰিত কৰাৰ বিপৰীতে প্ৰতিকৃতিততে সাহ যোগাইছিল৷ কেতিয়া ডাক্তৰ হোৱাৰ বাবে দৌৰ, কেতিয়াবা ইঞ্জিনিয়াৰ হোৱাৰ বাবে দৌৰ আৰু কেতিয়াবা উকীল হোৱাৰ বাবে দৌৰ৷ ছাত্ৰৰ নিজা ৰুচি, পছন্দ, ক্ষমতা আৰু চাহিদাসমূহক মেপিং নকৰাকে প্ৰবৃত্তিৰ পৰা শিক্ষা ব্যৱস্থাক বাহিৰ কৰি অনাৰ প্ৰয়োজন আছিল। যেতিয়ালৈকে আমাৰ শিক্ষাত আবেগ নাথাকে, শিক্ষাৰ দর্শন নাথাকে, শিক্ষাৰ উদ্দেশ্য নাথাকে, তেতিয়ালৈকে আমাৰ ছাত্ৰসকলৰ মাজত, আমাৰ যুৱ সম্প্ৰদায়ৰ মাজত জটিল ভাৱনা আৰু উদ্ভাৱনী ভাৱনা কিদৰে বিকশিত !

বন্ধুসকল, আজি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু দিৱস৷ তেওঁ কৈছিল,উচ্চতম শিক্ষা সেয়া, যি আমাক কেৱল তথ্য নিদিয়ে, আমাৰ জীৱনৰ সকলো অস্তিত্বৰ সৈতে সদ্ভাৱ আনি দিয়ে৷

নিশ্চিতভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বৃহ লক্ষ্য গুৰুদেৱৰ এই বক্তব্যৰ সৈতে সামঞ্জস্যপূর্ণ। এয়া বুজিবলৈ পৃথকে নাভাবি এক সামগ্রিক দৃষ্টিভংগীৰে ভৱাটো প্ৰয়োজন। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সেই সামগ্রিক দৃষ্টিভংগীকে দাঙি ধৰাত সফল হৈছে

বন্ধুসকল, আজি যেতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি মূর্ত ৰূপ পাইছে, তেতিয়া মই সেই সময় আৰু প্ৰশ্নবোৰক লৈও আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰো, যি আমাৰ সন্মুখত, আমাৰ শাসনকালৰ আৰুম্ভণিতে তুলি ধৰা হৈছিল। সেই সময়ত যি দুটি প্ৰশ্ন সকলোৱে বৰকৈ কৰিছিল, সেয়া আছিল যে আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ যুৱ সম্প্ৰদায়ক সৃষ্টিশীল, জিজ্ঞাসু আৰু দায়বদ্ধ জীৱন ৰক্ষাৰ বাবে প্রেৰণা জোগায় নে? আপোনালোক সকলোৱে ইমান বছৰ ধৰি এই ক্ষেত্রৰ সৈতে জড়িত৷ আপোনালোকে এই প্ৰশ্নৰ উত্তৰ ভালদৰে জানে৷

বন্ধুসকল, আমাৰ সন্মুখত দ্বিতীয়টো প্ৰশ্ন আছিল যে আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ যুৱ সম্প্ৰদায়ক সবলীকৰণ কৰি, দেশত এক সবল সমাজ গঢ়ি তোলাৰ ক্ষেত্রত সহায় কৰেনে? আপোনালোক সকলোৱে এই প্ৰশ্নসমূহৰ সৈতে পৰিচিত আৰু ইয়াৰ উত্তৰসমূহৰ সম্পর্কেও জানে৷ বন্ধুসকল, মই অত্যন্ত আনন্দিত যে ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ৰচনাৰ সময় নিবিড়ভাবে এই প্ৰশ্নসমূহক লৈ কাম কৰিছে৷

বন্ধুসকল, এই পৰিৱর্তনশীল সময়ৰ লগতে এক নতুন বিশ্ব ব্যৱস্থা, এক নতুন ৰংৰূপ আৰু ব্যৱস্থাসমূহত পৰিৱর্তনৰ জৰিয়তে নতুন বিশ্ব ব্যৱস্থা গঢ় লৈ উঠিছে৷ এক নতুন বিশ্বমানো নির্ধাৰিত হৈছে। সেইফালৰ চাবলৈ লে ভাৰতৰ শিক্ষা ব্যৱস্থাত আত্মনবীকৰণৰ অতি প্ৰয়োজন হৈ পৰিছিল। স্কুল পাঠ্যক্ৰমৰ ১০+ পৰিকাঠামোৰ পৰা আগুৱাই এতিয়া +++ পাঠ্যক্ৰম কাঠামোত পৰিৱর্তন কৰাটো এই লক্ষ্যৰে এক পদক্ষেপ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব নাগৰিকো কৰি তুলিব লাগিব, আকৌ সেইদিশতো দৃষ্টি ৰাখিব লাগিব তেওঁলোকে যাতে বিশ্ব নাগৰিক হৈ উঠাৰ লগতে নিজৰ শিপাৰ সৈতেও যুক্ত হৈ থাকে৷ তাৰ মানে শিপাৰ পৰা বিশ্বজগ, মানুৰ পৰা মানৱতালৈকে, অতীতৰ পৰা আধুনিকতালৈকে সকলো বিষয়ক একত্রিত কৰি এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ স্বৰূপ নির্ণয় কৰা হৈছে৷

বন্ধুসকল, এই বিষয়ত কোনো দ্বিমত নাই যে শিশুসকলে ঘৰত যি ভাষাত কথা কয় তাৰ সৈতে স্কুলত পঢ়া-শুনাৰ ভাষা একৈই লে তেওঁলোকৰ শিক্ষাৰ গতি উন্নত হয়। এয়া এটা যথেষ্ট ডাঙৰ কাৰণ যাৰ বাবে যিমান সম্ভৱ, পঞ্চম শ্রেণীলৈকে শিশুসকলক তেওঁলোকৰ মাতৃভাষাত পঢ়া-শুনাৰ ক্ষেত্রত সকলোৱেই সহমত প্ৰকাশ কৰিছে৷ ইয়াৰ ফলত শিশুসকলৰ শিক্ষাৰ ভেঁটি শক্তিশালী হোৱাৰ লগতে প্ৰত্যেকৰে পৰৱর্তী পঢ়া-শুনাৰ ক্ষেত্রতো ভেঁটি শক্তিশালী ব৷

বন্ধুসকল, এতিয়ালৈকে আমাৰ যি শিক্ষা ব্যৱস্থা, ইয়াক কেনেদৰে ভাৱিব লাগিব সেই ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে৷ কিন্তু নতুন শিক্ষানীতিত কিদৰে ভাৱিব লাগিব তাত গুৰুত্ব দিয়া হৈছে৷ এয়া মই এইবাবে কৈছো আজি আমি যি সময়ত বসবাস কৰিছো তাত তথ্য আৰু বিষয়ৰ কোনো অভাৱ নাই৷ একপ্ৰকাৰ তথ্য আৰু বিষয়ৰ বৰষুণ হৈছে, আপোনালোকৰ মোবাইল ফোনতে সকলো ধৰণৰ তথ্য পাই যাব৷ এইটো জনা প্ৰয়োজন যে কোন্টো তথ্য গ্ৰহণ কৰিব লাগিব, কোন্টো তথ্য পঢ়িব লাগিব৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত দীর্ঘ পাঠক্ৰম আৰু বহুত বহুত কিতাপ কম কৰি পঢ়া-শুনা কৰাৰ অনিবার্যতাকে কিদৰে কম কৰিব পৰা যায় তাৰ চেষ্টা কৰা হৈছে৷ এতিয়া চেষ্টা কৰা হৈছে শিশুসকলৰ শিকাৰ বাবে জিজ্ঞাসা ভিত্তিক, আৱিষ্কাৰভিত্তিক, আলোচনাভিত্তিক আৰু বিশ্লেষণভিত্তিক পদ্ধতিসমূহত জোৰ দিয়া৷ ইয়াৰ ফলত শিশুসকলৰ শিকাৰ ইচ্ছা বৃদ্ধি পাব আৰু শ্রেণীকক্ষত তেওঁলোকৰ অংশগ্ৰহণো বৃদ্ধি পাব৷

বন্ধুসকল, প্ৰতিগৰাকী ছাত্রই এই সুযোগ পোৱা উচিত, তেওঁ যাতে তেওঁৰ আৱেগক অনুসৰণ কৰিব পাৰে৷ তেওঁ নিজৰ সুবিধা আৰু প্ৰয়োজন অনুসৰি কোনো ডিগ্রী অথবা পাঠ্যক্ৰম অনুসৰণ কৰিব পাৰে আৰু তেওঁৰ ভাল নালাগিলে এৰিও দিব পাৰে৷ বহু সময়ত এনে হয় যে কোনো পাঠ্যক্ৰম কৰাৰ পাছত ছাত্ৰগৰাকী যেতিয়া চাকৰি প্রার্থী হয় তেতিয়া তেওঁ জানে যে তেওঁ যি যি পঢ়া-শুনা কৰিছে সেয়া চাকৰিৰ প্ৰয়োজন পুৰণ নকৰে৷ বহু ছাত্ৰই বিভিন্ন কাৰণত কোনো পাঠ্যক্ৰম এৰি দি চাকৰিত সোমাব লগা হয়, এনে ছাত্ৰ-ছাত্রীৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিমাল্টিপল এন্ট্রি - এগজিটবিকল্পদিয়া হৈছে৷ এতিয়া ছাত্ৰ বা ছাত্রীগৰাকী ঘূৰি গৈ তেওঁৰ পুৰণি পাঠ্যক্ৰমৰ সৈতে জড়িত হৈ তেওঁৰ চাকৰিৰ প্ৰয়োজন মতে অধিক কার্যকৰী পদ্ধতিত পঢ়া-শুনা কৰিব পাৰিব, শিকিব পাৰিব৷ ইয়াৰ আন এটি দিশ আছে৷

নতুন ব্যৱস্থাত এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ এই স্বাধীনতাও থাকিব যে তেওঁলোকে যদি কোনো পাঠ্যক্ৰম মাজা সময়তে এৰি অন্য পাঠ্যক্ৰমত ভর্তি বিচাৰে, সেয়াও তেওঁলোকে কৰিব পাৰিব৷ তাৰ বাবে তেওঁলোকে পূৰ্বৰ পাঠ্যক্ৰমৰ পৰা এক নিশ্চিত সময়লৈকেব্রেকলৈ অন্য পাঠ্যক্ৰমত যোগ দিব পাৰিব৷ উচ্চতৰ শিক্ষাকশাখা চিন্তাৰ পৰা মুক্ত কৰিব, ‘মাল্টিপল এন্ট্রিআৰুএগজিট, ক্রেডিট বেংক প্ৰয়োগৰ অন্তৰালত এয়াই মূল চিন্তাধাৰা৷ আমি সেই যুগৰ দিশত আগুৱাই গৈছো, কোনো ব্যক্তিয়ে সমগ্ৰ জীৱন ধৰি নির্দিষ্ট কোনো বৃত্তিৰ সৈতে জড়িত নাথাকে, পৰিৱর্তন নিশ্চিত এয়া মানি চলিব লাগিব৷ সেই বাবে তেওঁ নিৰন্তৰ নিজকে পুনর্দক্ষ আৰু দক্ষতা উন্নয়ণ কৰিব লাগিব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিত সেই দিশতো লক্ষ্য কৰা হৈছে৷

 

বন্ধুসকল, যি কোনো দেশৰ উন্নয়নত এক ডাঙৰ ভূমিকা থাকে-সমাজৰ প্ৰতিটো শ্ৰেণীৰ গৰিমা, তেওঁলোকৰ আত্মসন্মানবোধ। সমাজৰ কোনো ব্যক্তিয়ে যি কামেই নকৰক কিয়, কোনোৱাই কাৰো ওচৰত নীচ হৈ নাযায়৷! আমাৰ এইটো ভাবিব লাগিব যে ভাৰতৰ দৰে সাংস্কৃতিক দৃষ্টিভংগীৰেসমৃদ্ধ দেশত এই কু-সংস্কাৰ পৰা আহিছে? এই উচ্চ-নীচ্চ ভাৱ, যিসকলে পৰিশ্ৰম কৰে, মজুৰি কৰে তেওঁলোকৰ প্ৰতি হীনভাৱএই ধৰণৰ বিকৃত মানসিকৰতা আমাৰ মাজত কিদৰে বাঢ়িছে? এই ওলোটা দৃষ্টি, দৃষ্টিভংগীত এই বৈপৰীত্বৰ ভাৱনা কিদৰে আহিছে? ইয়াৰ এটা ডাঙৰ কাৰণ আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে সমাজৰ এই বিৰাট অংশৰ দীর্ঘকালীন যোগাযোগ বিচ্ছিন্নতাযেতিয়া কোনোবা দেশৰ গাঁওসমূহলৈ যাব, কৃষক, শ্ৰমিক, মজদূৰসকলৰ কাম কৰিব দেখিব তেতিয়াই তেওঁলোকৰ সম্পর্কে জানিব পাৰিব, তেওঁলোকক বুজিব পাৰিব৷ তেওঁলোকে প্ৰতিদিনে সমাজত কিমান ডাঙৰ অৱদান আগবঢ়াইছে, সমাজৰ প্ৰয়োজনসমূহ পুৰণৰ বাবে তেওঁলোকে কিদৰে নিজৰ জীৱন সর্গা কৰিছে! আমাৰ প্ৰজন্মৰ লোকসকলে তেওঁলোকৰকে সন্মান কৰিবলৈ শিকিব লাগিব৷ সেইবাবে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা আৰু শ্ৰমৰ মর্যাদাৰ ওপৰত অতি গুৰুত্ব দিয়া হৈছে

বন্ধুসকল, একবিংশ শতিকাৰ ভাৰতৰ পৰা সমগ্ৰ বিশ্বৰ প্ৰত্যাশা বহুত৷ ভাৰতৰ মেধা আৰু প্ৰযুক্তিৰ জৰিয়তে বিশ্বৰ সকলো সমস্যাৰ সমাধান কৰাৰ সামর্থ আছে! আমাৰ এই আন্তর্জাতিক দায়িত্বৰ দিশতো আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে লক্ষ্য ৰাখিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিত যে সমাধানসমূহৰ কথা কোৱা হৈছে, সেইবোৰত ভৱিষ্য প্ৰযুক্তিৰ প্ৰতি এক মুক্ত মানসিকতা বিকাশৰ চিন্তাধাৰা আছে৷ এতিয়া প্ৰযুক্তি আমাৰ দ্রুত গতিত, খুব ভালকৈ, অতি সুলভ, সমাজৰ প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰ পোৱাৰ এক মাধ্যম হৈ পৰিছে। এই সুবিধাক আমি যিমান পাৰি কামত লগাব লাগিব৷

এই শিক্ষানীতিৰ জৰিয়তে প্ৰযুক্তি নির্ভৰ, উন্নত বিষয় আৰু পাঠক্ৰম ৰচনাত অত্যন্ত সহায়ক ব।বেছিক কম্পিউটিং জোৰ দিব লাগিব, ‘কোডিং গুৰুত্ব দিব লাগিব আৰু গৱেষণাক অধিক গুৰুত্ব দিব লাগিব৷ এয়া কেৱল শিক্ষা ব্যৱস্থা নহয়, সমগ্ৰ সমাজৰ দৃষ্টিভংগী পৰিৱর্তনৰ মাধ্যম হৈ উঠিব পাৰে৷ভাৰ্চুৱেল লেব দৰে ধাৰণা, এই ধৰণৰ লাখ লাখ বন্ধুৰ জীৱনত উন্নত শিক্ষাৰ সপোন বাস্তবায়িত কৰিব, যিসকলে আগলৈ গবেষণাগাৰত পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন আছে এই ধৰণৰ বিষয় পঢ়িব পৰা নাছিল! ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ দেশত গৱেষণা আৰু শিক্ষাৰ এই ধৰণৰ খালী ঠাই পূৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷

বন্ধুসকল, যেতিয়া প্ৰতিষ্ঠানসমূহত আৰু পৰিকাঠামোতো এই সংস্কাৰ প্ৰতিফলিত , তেতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিক আৰু অধিক কার্যকৰী আৰু দ্রুতগতিত বাস্তবায়িত কৰাটো সম্ভৱ ব৷ আজি সময়ৰ চাহিদা উদ্ভাৱন আৰু অভিযোজনৰ যিসমূহ মূল্যবোধ আমি সমাজত গঢ়ি তুলিব বিচাৰো, সেইবোৰ নিজে নিজেই আমাৰ দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা অংকুৰিত ব আৰম্ভলৈ কৰিব, সেইবোৰৰ নেতৃত্ব আজি আপোনালোকৰ সকলোৰ হাতত আছে৷ আমি যেতিয়া শিক্ষা আৰু বিশেষকৈ উচ্চতৰ শিক্ষাক সুদৃঢ় সমাজৰ নির্মাতাৰূপে ধৰিব বিচাৰো, তেতিয়া তাৰ বাবে উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহকো সুদৃঢ় কৰা প্ৰয়োজন। মই জানো যেতিয়াই প্ৰতিষ্ঠানসমূহক সুদৃঢ় কৰাৰ কথা উঠে তেতিয়া তাৰ সৈতে আৰু এটা শব্দ আহে সেয়া স্বায়ত্তশাসন। আপোনালোকেও জানে যে স্বায়ত্তশাসনক লৈ আমাৰ দেশত দুই ধৰণৰ মতামত আছে। একাংশই কয় যে সকলো কঠোৰভাৱে চৰকাৰী নিয়ন্ত্ৰণত থকা উচিত আৰু আন একাংশই কয় যে সকলো প্ৰতিষ্ঠানকবাই ডিফল্ডস্বায়ত্তশাসন দিয়া উচিত৷

প্ৰথম দৃষ্টিভংগীত বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতি অনাস্থা প্ৰদর্শিত হয় আৰু দ্বিতীয় দৃষ্টিভংগীত স্বায়ত্তশাসনক অধিকাৰৰূপে প্ৰয়োগ কৰা হয়। কৃষ্ট শিক্ষাৰ পথে এই দুটা দৃষ্টিভংগীৰ মাজতে আছে৷ যিসমূহ প্ৰতিষ্ঠানে কৃষ্ট শিক্ষাৰ বাবে অধিক কাম কৰে, তেওঁলোকক অধিক স্বাধীনতা প্ৰদানৰ জৰিয়তে পুৰস্কৃত কৰা উচিত। ইয়াত সাহক অনুপ্রাণিত কৰা আৰু সকলোৰো বিকাশৰ বাবে অনুদানো দিয়া ব। ৰাষ্ট্ৰীয় শিক্ষানীতি বাস্তবায়িত কৰাৰ পূৰ্বে সাম্প্ৰতিক বছৰসমূহত আপোনালোক দেখিছে কিদৰে আমি চৰকাৰে বহু প্ৰতিষ্ঠানক স্বায়ত্তশাসন দিয়াৰ ক্ষেত্রত প্ৰচেষ্টা হাতত লৈছো৷ মোৰ দৃঢ় বিশ্বাস, ৰাষ্ট্ৰীয় শিক্ষানীতি যিদৰে বিস্তাৰিত , শিক্ষা প্ৰতিষ্ঠানসমূহৰ স্বায়ত্তশাসনৰ প্ৰক্রিয়াও সিমানে ত্বৰান্বিত ব৷

বন্ধুসকল, দেশৰ প্রাক্তন ৰাষ্ট্ৰপতি মহান বৈজ্ঞানিক ড০ .পি.জে. আব্দুল কালাম কৈছিল,শিক্ষাৰ উদ্দেশ্য ভাল, দক্ষ আৰু পাৰদর্শী ব্যক্তি গঢ় দিয়া.... শিক্ষকসকলেই এই পোহৰদ্বীপ্ত ব্যক্তি গঢ় দিব পাৰে সচাকৈয়ে আমাৰ শিক্ষা ব্যৱস্থাত এই পৰিৱর্তন, দেশক ভাল ছাত্ৰ, ভাল বৃত্তিধাৰী আৰু উন্নতমানৰ নাগৰিক গঢ় দিয়াৰ বহুত ডাঙৰ মাধ্যম। ইয়াত আপোনালোক সকলোৱেই শিক্ষক, প্ৰত্যেকেই অধ্যাপক, শিক্ষা জগতৰ সৈতে জড়িত থকাত আপোনালোকই এই কাম আটাইতকৈ ভালদৰে কৰে আৰু কৰিব পাৰে৷ সেইবাবে ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষকসকলৰ মর্যাদাৰ দিশটোত বিশেষ লক্ষ্য ৰখা হৈছে৷ লগতে চেষ্টা কৰা হৈছে যাতে ভাৰতৰ যিমান মেধা ব্যক্তি আছে, তেওঁলোকে ভৱিষ্যত প্ৰজন্মক আৰু উন্নত শিক্ষা প্ৰদান কৰিব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষক শিক্ষণক লৈও যথেষ্ট গুৰুত্ব দিয়া হৈছে, শিক্ষকসকলে যেন দ্রুতগতিত নিজৰ দক্ষতাকে একেৰাহে উন্নত কৰিব পাৰে সেই দিশতো জোৰ দিয়া হৈছে৷ মই বিশ্বাস কৰো যেতিয়া এজন শিক্ষকে ভালদৰে শিক্ষা গ্ৰহণ কৰে, তেতিয়া এটা জাতিয়ে নেতৃত্বৰ পথত আগুৱাই যায়

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষানীতিক কাৰ্যকৰী কৰাৰ বাবে আমি সকলোৱে ঐক্যৱদ্ধবাৱে সংকল্পৰে কাম কৰিব লাগিব৷ এতিয়াৰ পৰা বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় শিক্ষা বোর্ড, বিভিন্ন ৰাজ্য, বিভিন্ন ক্ষেত্রৰ সংশ্লিষ্ট সকলোৰে বাবে বার্তালাপ আৰু সমন্বয়ৰ নতুন প্ৰক্রিয়া আৰম্ভ বলৈ গৈ আছে। আপোনালোক সকলোৱেই পৰস্পৰক সাহায্য কৰিব, কাৰণ উচ্চতৰ শিক্ষাৰ সর্বাধিক শীর্ষ প্ৰতিষ্ঠানসমূহৰ সর্বোচ্চ পদত আপোনালোক আছে, সেইবাবে আপোনালোকৰ দায়িত্ব অধিক৷ মোৰ অনুৰোধ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ আপোনালোক নিয়মীয়াকৈ ৱেবিনাৰ অনুষঠিত কৰক, আলোচনা কৰি যাওক৷ নীতি প্ৰণয়নৰ বাবে ৰণনীতি প্ৰস্তুত কৰক, ৰণনীতিৰ বক্তব্য বাস্তবায়িত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰক৷ এই ৰূপৰেখাৰ সৈতে নিজৰ টাইমলাইনক যুক্ত কৰক৷ ইয়াক বাস্তবায়িত কৰিব সকলো সম্পদ আৰু মানৱ সম্পদ সকলোকে কিছুপৰিমাণে যুক্ত কৰাৰ পৰিকল্পনা কৰক আৰু এই সকলো বিষয় সমন্বিত কৰি আপোনালোকেই নতুন নীতি বাস্তবায়িত কৰিব লাগিব৷

ৰাষ্ট্ৰীয় শিক্ষানীতি কেৱল এক চাৰ্কুলাৰ নহয়, কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কেৱল চার্কুলাৰ জাৰি কৰা, জাননী দিয়া কাম কৰিলে নহব৷ ইয়াৰ বাবে মানসিক পৰিৱর্তন আনিব লাগিব৷ আপোনালোক সকলোৱে দৃঢ় ইচ্ছাশক্তি দেখুৱাব লাগিব৷ ভাৰতৰ বর্তমান আৰু ভৱিষ্য গঢ়ি তোলাৰ বাবে আপোনালোকৰ এই কাম এক মহাযজ্ঞৰ দৰে৷ ইয়াত আপোনালোকৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। এই কনক্লেভ দেখি থকা, শুনি থকা প্ৰতিগৰাকী সন্মানীয় ব্যক্তিৰ সক্রিয় অংশগ্ৰহণ প্ৰয়োজনীয়। মোৰ দৃঢ় বিশ্বাস এই কনক্লেভে আপোনালোকক ৰাষ্ট্ৰীয় শিক্ষানীতি ফলপ্ৰসূ ৰূপত বাস্তবায়িত কৰাক লৈ উন্নত পৰামর্শ, উন্নত সমাধান লৈ আগুৱাই অহাত সহায় কৰিব৷ বিশেষকৈ আজি মোক ইয়াত কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো৷ সার্বজনীনন ক্ষেত্রত . কস্তুৰিৰংগনজী আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ বহুত বহুত ধন্যবাদ জনাইছো৷

পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জনালো৷

*****

VRRK/KP/BM/TJ/DB



(Release ID: 1648449) Visitor Counter : 260