স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত মুঠ আৰোগ্যৰ সংখ্যাই অতিক্ৰম কৰিলে ২৩লাখ

আক্ৰান্তৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা তিনিগুণ অধিক

আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্য লাভৰ সংখ্যা ১৬লাখতকৈ অধিক

Posted On: 24 AUG 2020 12:46PM by PIB Guwahati

হাস্পতাল আৰু হোম আইছোলেশ্যনত থকা অধিক সংখ্যক কৰনা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ ফলত ভাৰতত কভিড-১৯ত আজিৰ দিনটোলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ২৩লাখৰ ঘৰ।

ব্যাপক হাৰত আক্ৰমণাত্মকভাৱে নমুনা পৰীক্ষা,আক্ৰান্তসকলক চিনাক্ত কৰি উলিওৱা, সঠিক নিৰীক্ষণ আৰু সংস্পৰ্শলৈ অহাসকলক বিচাৰি উলিয়াই তেওঁলোকক চিকিত্সা কৰাৰ ফলস্বৰূপে আৰোগ্যৰ সংখ্যা ২৩,৩৮,০৩৫ হোৱাটো সম্ভৱপৰ হৈছে। নন-ইনভেছিভ অক্সিজেনৰ ব্যৱহাৰ, আইচিইউ আৰু হাস্পতালত উন্নত দক্ষ চিকিত্সক আৰু উন্নত এম্বুলেন্স সেৱাৰ সৈতে মানসম্পন্ন সেৱা বিধিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলস্বৰূপে গুৰুতৰ আৰু সংকটপূৰ্ণ কভিড ৰোগীৰ আৰোগ্যৰ হাৰ উন্নত হৈছে। হোম আইছোলেশ্যনত থকাসকলক স্বাস্থ্য বিভাগৰ ফালৰ পৰা নিৰীক্ষণ কৰি থকাৰ ফলত দ্ৰুত গতিত আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত ৫৭,৪৬৯গৰাকী লোক আৰোগ্য হৈ উঠিছে। ইয়াৰ সৈতে কভিড-১৯ত আৰোগ্যৰ হাৰে ৭৫শতাংশ(৭৫.২৭শতাংশ) অতিক্ৰম কৰিলে। ইয়ে প্ৰমাণ কৰিছে যে বিগত কেইবা মাহত আৰোগ্য লাভ কৰা লোকৰ 

সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

ভাৰতত আক্ৰান্তৰ সংখ্যা(৭,১০,৭৭১,যিসকল চিকিত্সাধীন হৈ আছে)তকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১৬লাখ(১৬,২৭,২৬৪)তকৈ অধিক। এই ৰোগত আৰোগ্য লাভ কৰা লোকৰ অভিলেখ সংখ্যাই এই কথা প্ৰমাণ কৰিছে যে দেশত কভিড-১৯ৰ বাস্তৱিক কেছ লোড অৰ্থাত্ আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই আহিছে যি বৰ্তমান মুঠ পজিটিভ সংখ্যাৰ মাত্ৰ ২২.৮৮শতাংশ। আইচিইউত ৰোগীসকলক ফলপ্ৰসূ        চিকিত্সা ব্যৱস্থা গ্ৰহণৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাই আহিছে। আজি এই হাৰ ১.৮৫শতাংশলৈ নামে।

স্বাস্থ্য মন্ত্ৰনালয়ৰ সৈতে সক্ৰিয় সহযোগত এইমছ, নতুন দিল্লীৰ দ্বাৰা চলাই থকা কভিড-১৯ পৰিচালনাত ৰাষ্ট্ৰীয় ই-আইচিইউ-এ ভাৰতত এই ৰোগৰ পৰা আৰোগ্য লাভৰ হাৰ বৃদ্ধি কৰাৰ লগতে মৃত্যুৰ হাৰ কম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ই-আইচিইউ সপ্তাহত মঙলবাৰ আৰু শুকুৰবাৰে আয়োজন কৰা হয়। ইয়াত ৰাজ্যৰ নিৰ্ধাৰিত হাস্পতালৰ আইচিইউ চিকিত্সকসকলক জড়িত কৰা হয় আৰু কভিড চিকিত্সা সম্বন্ধীয় তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়া হয়। এতিয়ালৈকে দেশৰ ২২ৰাজ্যৰ ১১৭ হাস্পতালক জড়িত কৰি এনে ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ই-আইচিইউ অনুষ্ঠিত কৰা হৈছে।

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

 

 ***************************************************************

MV/SJ/KG



(Release ID: 1648376) Visitor Counter : 181