প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ
পোষ্ট কৰা হৈছে:
07 AUG 2020 12:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্বোধন কৰিব। মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিগত ২০১৭ বৰ্ষৰ ১০ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ (RSK) কথা ঘোষণা কৰিছিল। গান্ধীজীৰ চম্পাৰন সত্যাগ্ৰহৰ শতবৰ্ষ উদযাপন উপলক্ষে এই ঘোষনা কৰা হৈছিল।
ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ গঢ়ি তোলাৰ যোগেদি আগন্তুক প্ৰজন্মৰ প্ৰতি, বিশ্বৰ সৰ্ববৃহৎ ব্যৱহাৰিক পৰিৱৰ্তন প্ৰচাৰ তথা স্বচ্ছ ভাৰত অভিযানৰ সাফল্য বাৰ্তা প্ৰেৰণ কৰা হ’ব। স্বচ্ছতা আৰু সেই সম্পৰ্কীয় তথ্য যোগান ধৰাৰ সমান্তৰালকৈ সচেতনতা আৰু শিক্ষা ক্ষেত্ৰত এই কেন্দ্ৰ বিশেষভাৱে সহায়ক বিবেচিত হ’ব। কেন্দ্ৰৰ ডিজিটেল আৰু বহিৰ্বিভাগীয় সংস্থা স্থাপনত ভাৰসাম্যও বজায় ৰাখিব। কমপ্লেক্সটোত প্ৰক্ৰিয়া আৰু সক্ৰিয়তাৰ পাৰষ্পৰিক মাধ্যমেৰে শিকণ, অনুশীলন, আন্তৰ্জাতিক মাপকাঠি, সাফল্য ইত্যাদি তুলি ধৰা হ’ব।
১ নম্বৰ কক্ষত, দৰ্শনাৰ্থীসকলে ৩৬০⁰ অভূতপূৰ্ব অডিঅ’ ভিজুৱেল প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব। এই প্ৰদৰ্শনীত, " বিশ্ব ইতিহাসত সৰ্ববৃহৎ ব্যৱহাৰিক পৰিৱৰ্তনৰ প্ৰচাৰ, এক যাত্ৰা" শীৰ্ষক ভাৰতৰ স্বচ্ছতাৰ গল্প তুলি ধৰা হ’ব। ২ নম্বৰ কক্ষত,পাৰস্পৰিক সম্বন্ধযুক্ত এলইডি পেনেল, হল’গ্ৰাম বক্স, খেলাসহ নানাধৰণৰ পদ্ধতিত, বাপুৰ স্বচ্ছ ভাৰতৰ স্বপ্ন, কিমানলৈ সাৰ্থক হৈছে সেয়া তুলি ধৰা হ’ব। কেন্দ্ৰৰ দ্বাৰা উন্মুক্ত স্থানত প্ৰদৰ্শনীৰ মাধ্যমেৰে ভাৰতৰ সত্যাগ্ৰহৰ পৰা স্বচ্ছাগ্ৰহ পৰ্যন্ত যাত্ৰাৰ এক সবিস্তাৰ বিৱৰণ তুলি ধৰা হ’ব। কেন্দ্ৰৰ দেৱালবোৰত শৈল্পিক কৃষ্টিৰে মাধ্যমেৰে অভিযানৰ সাফল্য তুলি ধৰাও হ’ব।
ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ প্ৰদক্ষিণ কৰি চোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিল্লীসহ অন্যান্য ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। এম্পি থিয়েটাৰত সামাজিক দূৰত্ব বজাই ৰখাৰ সকলো ধৰণৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব।
স্বচ্ছ ভাৰত অভিযানে ভাৰতৰ গ্ৰামীণ অঞ্চলৰ স্বাস্থ্য ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। ৫৫ কোটি লোকে এতিয়া মুকলিত শৌচ নকৰি শৌচাগাৰ ব্যৱহাৰ কৰিছে। সেইবাবেই আন্তৰ্জাতিক মহলতো ভাৰতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ভাৰতে পথ প্ৰদৰ্শন কৰিছে, এতিয়া বিশ্বৰ অন্যান্য দেশেও সেয়া অনুকৰণ কৰিছে। এই অভিযান এতিয়া দ্বিতীয় পৰ্যায়ত আছে। এই পৰ্যায়ত, এই অৱস্থা বজাই ৰখাৰ সমান্তৰালকৈ সকলোৰে বাবে কঠিন আৰু জুলীয়া আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিতি কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।
*****
VRRK/AK/RD
(ৰিলিজ আই ডি : 1648329)
অতিথি কক্ষ : 287
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam