PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 AUG 2020 6:25PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

ভাৰতত এদিনতে সম্পন্ন হৈছে অভিলেখ সংখ্যক ৯ লক্ষাধিক পৰীক্ষণ; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা বৃদ্ধি হৈছে, আজি ২৩,৬৬৮টা পৰীক্ষণ হৈছে

ভাৰতত ক্ৰমাগতভাৱে দৈনিক পৰীক্ষণৰ সংখ্যা বৃদ্ধি পাইছে৷  প্ৰথমবাৰলৈ এদিনতে ৯ লক্ষাধিক ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৯,১৮,৪৭০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ভাৰতে এদিনতে ১০ লাখ ক’ভিড পৰীক্ষণৰ দিশত আগবাঢ়িছে৷

ইয়াৰ জৰিয়তে মুঠ পৰীক্ষণৰ সংখ্যা হৈছে ৩.২৫ কোটি (৩,২৬,৬১,২৫২)৷

ভাৰতত প্ৰতি মিলিয়নত ২৩৬৬৮ টাকৈ পৰীক্ষণ সম্পন্ন হৈছে আৰু ই ক্ৰমে ঊৰ্ধ গতিলৈ সম্প্ৰসাৰিত হৈছে৷ পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পজিটিভিটীৰ হাৰ হ্ৰাস হৈছে৷

সমগ্ৰ দেশতে গড় পজিটিভিটী হাৰ ৮%ৰ তলত থকাৰ পৰিপ্ৰেক্ষিতত ২৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত দেশৰ গড়ৰ হাৰতকৈও নিম্ন পজিটিভিটীৰ হাৰ প্ৰদৰ্শিত হৈছে৷

আনহাতে পৰীক্ষণ লেবৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷ ৯৭৭টা চৰকাৰী লেব আৰু ৫১৭টা ব্যক্তিগতখণ্ডৰ লেবসহিতে সমগ্ৰ দেশত মুঠ ১৪৯৪টা লেবত পৰীক্ষণসমূহ সম্পন্ন হৈছে৷

অধিক বিৱৰণৰ বাবে

 

সৰ্বাধিক সংখ্যক ৰোগী আৰোগ্য হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত প্ৰায় ২১ লাখ লোকে আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে- আজি প্ৰায় ৭৪% হৈছে; সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ৩ গুণ বৃদ্ধি পাইছে

চিকিৎসালয় আৰু ঘৰৰ আইচ’লেচনৰ পৰা অধিক সংখ্যক ৰোগীক মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আজি পৰ্যন্ত ক’ভিড-১৯ৰ পৰা প্ৰায় ২১ লাখ লোকে আৰোগ্য লাভ কৰিছে৷ কাৰ্যকৰী পৰীক্ষণ সুবিধাৰ ফলতে ভাৰতত আজি পৰ্যন্ত ২০,৯৬,৬৬৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ প্ৰায় ৭৪% (৭৩.৯১%) হৈছে৷ ভাৰতত বৰ্তমানে ৬,৮৬,৩৯৫ জন সক্ৰিয় ৰোগী আছে৷

অধিক বিৱৰণৰ বাবে

 

১ লাখ কোটি টকাতকৈও অধিক ঋণ ইচিএলজিএছৰ অধীনত আৱণ্টিত কৰা হৈছে

১০০% ইমাৰ্জেন্সী ক্ৰেডিট লাইন গ্যাৰেণ্টী স্কীম (ইচিএলজিএছ)ৰ অধীনত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে ১.৫ লাখ কোটি টকাতকৈও অধিক মূল্যৰ ঋণ ১৮ আগষ্ট ২০২০ তাৰিখ পৰ্যন্ত আৱণ্টিত কৰিছে৷ ইয়াৰে ১ লাখ কোটি টকা ইতিমধ্যেই আৱণ্টিত কৰা হৈছে৷ উল্লেখ্য, ইচিএলজিএছ হ’ল ভাৰত চৰকাৰে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ এটা অংশ৷

অধিক বিৱৰণৰ বাবে

 

১,০২,০৬৫ কোটি টকাৰ ক্ৰেডিট লিমিটৰ সৈতে বিশেষ সংপৃক্ত অভিযানৰ অধীনত ১.২২ কোটি কিষাণ ক্ৰেডিট কাৰ্ড আৱণ্টিত কৰা হৈছে

ক’ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষিখণ্ডক পুনৰ উজ্জীৱিত কৰিবলৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে এক বিশেষ সংপৃক্ত অভিযান চলোৱা হৈছে৷ ১৭.০৮.২০২০ তাৰিখ পৰ্যন্ত ১,০২,০৬৫ কোটি টকাৰ ক্ৰেডিট লিমিটৰ সৈতে ১.২২ কোটি কেচিচিৰ অনুমোদন জনোৱা হৈছে৷ ইয়াৰ জৰিয়তে গ্ৰামীণ অৰ্থনীতি আৰু কৃষি খণ্ডৰ উত্তৰণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

আমাৰ চিকিৎসা কৰ্মীসকলে দেশক গৌৰবান্বিত কৰিছে আৰু ভাৰত এক বিশ্বস্ত সহযোগী হোৱাৰ ধাৰণা প্ৰতীয়মান কৰিছেঃ শ্ৰী পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে আমাৰ চিকিৎসা সমাজে দেশক গৌৰবান্বিত কৰাৰ লগতে সমগ্ৰ বিশ্বতে ভাৰত এক বিশ্বস্ত সহযোগী হোৱাৰ ধাৰণা প্ৰতীয়মান কৰিছে৷ চিআইআইৰ দ্বাদশ মেডটেক গ্ল’বেল সন্মিলত আজি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷

অধিক বিৱৰণৰ বাবে

 

 

ফাৰ্মাচিউটিকেলছ বিভাগে ফাৰ্মা খণ্ডত থলুৱা সামৰ্থ বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছেঃ শ্ৰী গৌড়া

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে তেওঁৰ ফাৰ্মাচিউটিকেলছ বিভাগে দেশৰ ফাৰ্মা খণ্ডৰ থলুৱা সামৰ্থ বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷  শ্ৰী গৌড়াই কয় যে দেশৰ ড্ৰাগ নিৰাপত্তা বৃদ্ধিৰ বাবে চৰকাৰে ফাৰ্মা খণ্ডতো আত্মনিৰ্ভৰ ভাৰত সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰী ৰাজনাথ সিঙে নৌসেনা বাহিনীৰ কমাণ্ডাৰসকলক মুখ্য বিষয়সমূহত চিন্তা-ধাৰা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কালি নৌসেনা বাহিনীৰ সন্মিলনৰ মুকলি অনুষ্ঠানত নৌসেনা বাহিনীৰ কমাণ্ডাৰসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ ভাৰতীয় নৌসেনা বাহিনীয়ে বিভিন্ন সময়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁলোকক প্ৰশংসা কৰে৷  এই সন্দৰ্ভত তেওঁ ‘অপাৰেচন সমুদ্ৰ সেতু’ৰ সফল প্ৰণয়নৰ বিষয়েও উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ সময়ছোৱাত উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে ৰাজ্যসমূহৰ প্ৰায় ৬০.৭ লাখ নতুন হিতাধিকাৰী এনএফএছএৰ অধীনত সংযোজিত হৈছে

মাৰ্চ ২০২০ৰ পৰা ক’ভিড-১৯ৰ সময়ছোৱাত উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ দৰে ৰাজ্যসমূহৰ প্ৰায় ৬০.৭০ লাখ নতুন হিতাধিকাৰী এনএফএছএৰ অধীনত সংযোজিত হৈছে৷ এই অতিৰিক্ত হিতাধিকাৰীসকলে পিএম গৰিব কল্যাণ অন্ন যোজনাৰ দৰে আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে নিৰৱচ্ছিন্নভাৱে ৮০ কোটিতকৈ অধিক ব্যক্তি/হিতাধিকাৰীক এনএফএছএ পূৰ্ণভাৱে প্ৰযোজ্য হোৱাৰ সময়ৰ পৰা খাদ্য শস্যসমূহ আৱণ্টিত কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে ভাৰ্চুৱেলি মুকলি কৰিলে শিক্ষাৰ্থীৰ শিক্ষণ সংবৃদ্ধিৰ  নিৰ্দেশনাৱলী

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কালি নতুন দিল্লীত ভাৰ্চুৱেলি শিক্ষাৰ্থীৰ শিক্ষণ সংবৃদ্ধিৰ নিৰ্দেশনাৱলী মুকলি কৰে৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ বৰ্তমানৰ পৰিস্থিতিত শিক্ষা মন্ত্ৰালয়ে শিক্ষাৰ্থীসকলক ঘৰতে ডিজিটেলৰ মাধ্যমেৰে বিদ্যালয়ৰ শিক্ষা প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷ ইয়াৰ অধীনত বৈকল্পিক শিক্ষণ কেলেণ্ডাৰ, প্ৰজ্ঞাতা নিৰ্দেশনাৱলী, ডিজিটেল শিক্ষা-ভাৰত প্ৰতিবেদন, নিশিথা-অনলাইন আদি পদক্ষেপসমূহেই প্ৰধান৷

 

অধিক বিৱৰণৰ বাবে


প্ৰায় ২১ কোটি মানৱ দিনৰ কাম সম্পন্ন হৈছে আৰু গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত সপ্তম সপ্তাহৰ ভিতৰত ১৬,৭৬৮ কোটি টকা ব্যয় কৰা হৈছে

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ  (জিকেআৰএ) অধীনত বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ গাঁওসমূপলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলক কৰ্ম সংস্থাপন প্ৰদানৰ বাবে অভিযানভিত্তিত পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই অভিযানৰ দ্বাৰা এই ৰাজ্যসমূহৰ ১১৬খন জিলাৰ বাসিন্দাসকলৰ আজীৱিকাৰ সুবিধা মুকলি হৈছে৷  প্ৰায় ২১ কোটি মানৱ দিনৰ কাম সম্পন্ন হৈছে আৰু গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত সপ্তম সপ্তাহৰ ভিতৰত ১৬,৭৬৮ কোটি টকা ব্যয় কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমসমূহক ক’ভিডৰ ৰোগীসমূহৰ বাবে অতি কমেও ২৫% বিচনা মজুত ৰাখিবলৈ নিৰ্দেশ দিছে৷

 

  • পাঞ্জাৱঃ কিছুমান ব্যক্তিগত চিকিৎসালয় আৰু গৱেষণাগাৰে ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে অত্যাধিক মূলত মাচুল আদায় কৰাৰ অভিযোগ উত্থাপনৰ ভিত্তিত পাঞ্জাৱৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে চিভিল ছাৰ্জনসকলক পাঞ্জাৱ চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যত সামগ্ৰী উপলব্ধ কৰাবলৈ নিৰ্দেশ দিছে৷

 

  • হাৰিয়াণাঃ হাৰিয়াণাৰ স্বাস্থ্য আৰু গৃহ মন্ত্ৰী অনিল ভিজে কয় যে ২৪ আগষ্ট তাৰিখে হাৰিয়াণাৰ বিধানসভা প্ৰাংগনত এক ক’ভিড-১৯ৰ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ’ব য’ত বিধায়ক, বিষয়া, কৰ্মচাৰী আৰু সাংবাদিকসকলে নিজৰ পৰীক্ষা কৰিব পাৰিব৷ ২৬ আগষ্ট ২০২০ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক বৰ্ষাকালীন বিধানসভাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে৷

 

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত বিগত ২৪ ঘণ্টাত ৭৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ ৭৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯২৩ জন৷ ৭৫ জন নতুন ক’ভিড ৰোগীৰ ১৬ জন ইটানগৰৰ আৰু বাকী ৫৯ জন অন্য ১৮খন জিলাৰ৷

 

  • অসমঃ অসমত কালি ২০৫৪ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইট কৰে যে ২০০০ত কৈও অধিক ৰোগী এদিনতে মুকলি হোৱা দেখি সুখী অনুভৱ কৰিছো আৰু চিকিৎসা কৰ্মীসকল ইয়াৰ বাবে শলাগৰ পাত্ৰ৷ এই পৰ্যন্ত ৬০,৩৪৮ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩,৭৫৩ জন৷

 

  • মণিপুৰঃ ১১১জন লোক নতুনকৈ ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে৷ ইয়াৰে ৫৬জন লোক মণিপুৰৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ৷ ৯৬ জন লোকে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৩৭ জন৷

 

  • মিজোৰামঃ কালি ১৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৭৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮৯ জন৷

 

  • নাগালেণ্ডঃ নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে আৰটি-পিচিআৰ আৰু ট্ৰুনেট যন্ত্ৰৰ দ্বাৰা নমুনা পৰীক্ষণত ১৭ কোটি টকা ব্যয় কৰা হৈছে৷ আৰটি-পিচিআৰৰ জৰিয়তে ৩১,১২৪ টা পৰীক্ষণ আৰু ট্ৰুনেটৰ জৰিয়তে ২১,০১৫ টা পৰীক্ষণ কৰা হৈছে৷

 

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ১.৬০ লাখ সক্ৰিয় ক’ভিড ৰোগী থকা স্বত্বেও আনলক পদক্ষেপৰ অধীনত ৰাজ্যিক পথ পৰিবহণ নিগমে তেওঁলোকৰ সেৱা আৰম্ভ কৰিছে৷ মহাৰাষ্ট্ৰৰ জনপ্ৰিয় গণেশ উৎসৱৰ প্ৰাক্-মুহূৰ্তত ৰাজ্যখনত আন্তঃজিলা পৰিবহণ সেৱা মুকলি কৰি দিয়া হৈছে৷

 

  • ৰাজস্থানঃ ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ১২৯খন পৌৰসভাৰ নিৰ্বাচন স্থগিত ৰখা হৈছে৷ ইয়াক ২০ অক্টোবৰ ২০২০ তাৰিখলৈ স্থগিত ৰখা হৈছে৷ ৰাজস্থানত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৬৭১ জন৷ বুধবাৰে ৫ জন লোকৰ মৃত্যুৰ সৈতে মুঠ এই পৰ্যন্ত ৯১৫ জন লোকৰ মৃত্যু হৈছে৷

 

  • গোৱাঃ বিগত ২৪ ঘণ্টাত আঠজন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে এই পৰ্যন্ত ১২৪ জন লোকৰ মৃত্যু হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৮৩৮ জন৷ ৩৫৭ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৩৪২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • কেৰালাঃ কঝিকোড়ে জিলাৰ উপায়ুক্ত শম্বশিৱা ৰাৱে পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত পেৰাম্বব্ৰাৰ মাছৰ বজাৰখন বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে৷ শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত গাল্ফ দেশত ৪০৬ জন কেৰালিয়ান লোকৰ মৃত্যু হৈছে৷ ২৩৩৩ জন নতুন ৰোগীৰ সৈতে কেৰালাত ৫০ সহস্ৰাধিক লোক ৰোগত আক্ৰান্ত হৈছে৷ এই পৰ্যন্ত ১৭,৩৮২ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৬৯,৬৮৭ জন লোক নিৰীক্ষণৰ অধীনত আছে৷

 

  • তামিলনাডুঃ পুডুচেৰীত ৫৫৪ জন নতুন ৰোগী আৰু আঠজন লোকৰ মৃত্যুৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হৈছে ৯২৯২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫২৩ জন আৰু ১৩৭ জনৰ মৃত্যু হৈছে৷ চৰকাৰে গণেশৰ মূৰ্তি ৰাজহুৱা স্থানত স্থাপনত বাধা-নিষেধ আৰোপ কৰিছে৷

 

  • কৰ্ণাটকঃ ক’ৰোনাৰ সংকটৰ বাবে ৰাজ্যিক কেবিনেটে ২১ ছেপ্টেম্বৰৰ পৰা ৯ দিনৰ বাবে বিধানসভাৰ অধিৱেশন স্থগিত ৰাখিছে৷ মুঠ ৰোগীৰ সংখ্যাই ৮০০০ৰ সীমা অতিক্ৰম কৰিছে আৰু ৪৩২৭ জন ৰোগীৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৪৯,৫৯০ জন৷

 

  • অন্ধ্ৰ প্ৰদেশঃ চলিত বৰ্ষত ৰাজ্যখনত ৰাজহুৱাভাৱে বিনায়ক চতুৰ্থী পালন কৰা নহ’ব বুলি প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যখনত বুধবাৰলৈ ৩০,১৯,২৯৬ টা ক’ভিড-১৯ পৰীক্ষণ সম্পন্ন হৈছে৷ ৩০ লাখৰ পৰীক্ষণ সীমা অতিক্ৰম কৰা হিচাপে অন্ধ্ৰ প্ৰদেশ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে৷

 

  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৭২৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে,  ১১৯৫ জনে আৰোগ্য লাভ কৰিছে আৰু ১০ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৭,৪২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১,৫০৯ জন৷ ৭২৯ জনৰ মৃত্যু হৈছে৷ ৭৫,১৮৬ জনক মুকলি কৰি দিয়া হৈছে৷

 



(Release ID: 1647435) Visitor Counter : 172