স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত এদিনতে সম্পন্ন হৈছে অভিলেখ সংখ্যক ৯ লক্ষাধিক পৰীক্ষণ

প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা বৃদ্ধি হৈছে, আজি ২৩,৬৬৮টা পৰীক্ষণ হৈছে

Posted On: 20 AUG 2020 1:39PM by PIB Guwahati

ভাৰতত ক্ৰমাগতভাৱে দৈনিক পৰীক্ষণৰ সংখ্যা বৃদ্ধি পাইছে৷  প্ৰথমবাৰলৈ এদিনতে ৯ লক্ষাধিক ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৯,১৮,৪৭০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ভাৰতে এদিনতে ১০ লাখ ক’ভিড পৰীক্ষণৰ দিশত আগবাঢ়িছে৷

ইয়াৰ জৰিয়তে মুঠ পৰীক্ষণৰ সংখ্যা হৈছে ৩.২৫ কোটি (৩,২৬,৬১,২৫২)৷

ভাৰতত প্ৰতি মিলিয়নত ২৩৬৬৮ টাকৈ পৰীক্ষণ সম্পন্ন হৈছে আৰু ই ক্ৰমে ঊৰ্ধ গতিলৈ সম্প্ৰসাৰিত হৈছে৷ পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পজিটিভিটীৰ হাৰ হ্ৰাস হৈছে৷

Description: C:\Users\Administrator\Desktop\ncov\press releases on nCoV\graph-positivity-20thAug.jpeg

Description: C:\Users\Administrator\Desktop\ncov\press releases on nCoV\psoitivity rate-states-20thaug.jpeg

 

সমগ্ৰ দেশতে গড় পজিটিভিটী হাৰ ৮%ৰ তলত থকাৰ পৰিপ্ৰেক্ষিতত ২৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত দেশৰ গড়ৰ হাৰতকৈও নিম্ন পজিটিভিটীৰ হাৰ প্ৰদৰ্শিত হৈছে৷

আনহাতে পৰীক্ষণ লেবৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷ ৯৭৭টা চৰকাৰী লেব আৰু ৫১৭টা ব্যক্তিগতখণ্ডৰ লেবসহিতে সমগ্ৰ দেশত মুঠ ১৪৯৪টা লেবত পৰীক্ষণসমূহ সম্পন্ন হৈছে৷

এই সমূহৰ ভিতৰতঃ

  • বাস্তৱিক সময়ৰ আৰটি পিচিআৰভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৭৬৪ (চৰকাৰী ৪৫৩ + ব্যক্তিগত ৩১১)
  • ট্ৰুনেট ভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৬১১ (চৰকাৰী ৪৯০ + ব্যক্তিগত ১২১)
  • চিবিএনএএটি ভিত্তিক গৱেষণাগাৰঃ ১১৯ (চৰকাৰী ৩৪ + ব্যক্তিগত ৮৫)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SJ/MANN



(Release ID: 1647346) Visitor Counter : 178