PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 17 AUG 2020 6:26PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে ৫৭,৫৮৪ জন লোকে আৰোগ্য লাভ কৰিছে, আৰোগ্যৰ হাৰ ৭২%ৰ অধিক হৈছে, আৰোগ্যৰ সংখ্যাই অতি শীঘ্ৰে অতিক্ৰম কৰিব ২ মিলিয়নৰ সংখ্যা 

বিগত ২৪ ঘণ্টাত ৫৭,৫৮৪ জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰাৰ জৰিয়তে ভাৰতত অভিলেখৰ সৃষ্টি হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৭২%৷ ভাৰতত ক’ভিড-১৯ৰ আৰোগ্যৰ সংখ্যা প্ৰায় ২ মিলিয়ন হৈছে (১৯,১৯,৮৪২ জন) আৰোগ্য লোক আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান হৈছে ১২,৪২,৯৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,৭৬,৯০০ জন আৰু ই মুঠ ৰোগীৰ ২৫.৫৭% হৈছে৷ মৃত্যুৰ হাৰ ১.৯২%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ নতুন মাইলষ্টোন, পৰীক্ষণৰ সংখ্যাই ৩ কোটিৰ সীমা অতিক্ৰম কৰিলে

প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা (টিপিএম) বৃদ্ধি পাবলৈ ধৰিছে, আজি ২১,৭৬৯টা পৰীক্ষণ সম্পন্ন হৈছে

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ সমন্বয়মূলক প্ৰয়াসৰ ফলত ভাৰতত আজি ৩ কোটিতকৈও অধিক ক’ভিড পৰীক্ষণ সম্পন্নৰে নতুন অভিলেখ সৃষ্টি কৰিছে৷ বিগত ২৪ ঘণ্টাত ৭,৩১,৬৯৭টা পৰীক্ষণ সম্পন্ন হোৱাৰ জৰিয়তে ভাৰতত প্ৰতিদিনে ১০ লাখকৈ পৰীক্ষণ সম্পন্ন হ’বলৈ ধৰিছে৷ প্ৰতি মিলিয়নত ২১,৭৬৯টাকৈ পৰীক্ষণ সম্পন্ন হ’ব ধৰিছে৷

১৪ জুলাই ২০২০ত মুঠ পৰীক্ষণৰ সংখ্যা ১.২ কোটি হোৱাৰ বিপৰীতে ১৬ আগষ্ট ২০২০ত মুঠ পৰীক্ষণ ৩ কোটিলৈ বৃদ্ধি পাইছে৷ সেই একে সময়ছোৱাতে পজিটিভিটীৰ হাৰো ৭.৫%ৰ পৰা ৮.৮১%লৈ বৃদ্ধি পাইছে৷

দ্ৰুত গতিত সম্পন্ন কৰা পৰীক্ষণসমূহৰ বাবে ক’ভিড-১৯ৰ পজিটিভ ৰোগীসকলৰ চিনাক্তকৰণ আৰু আইচ’লেচন সম্ভৱ হৈছে৷ মৃত্যুৰ হাৰো দ্ৰুত গতিত অৱনমিত হৈছে৷

বৰ্তমানে ১৪৭০টা গৱেষণাগাৰত ক’ভিডৰ পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে৷ ইয়াৰে চৰকাৰী গৱেষণাগাৰ হ’ল ৯৬৯ টা আৰু ব্যক্তিগতখণ্ডৰ গৱেষণাগাৰ হ’ল ৫০১ টা৷

অধিক বিৱৰণৰ বাবে

 

চিআইআই জনস্বাস্থ্য সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে দুদিনীয়াকৈ অনুষ্ঠিত চিআইআই জনস্বাস্থ্য সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত তেও কয় যে এই মহামাৰীয়ে আমাৰ দেশৰ জনস্বাস্থ্যৰ আন্তঃগাঁথনিক পুনৰ নতুনকৈ গঢ়ি তুলিবলৈ অৱকাশ প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

আইআইটি আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক সামাজিক সমস্যা সন্দৰ্ভত গৱেষণা কৰিবলৈ উপ ৰাষ্ট্ৰপতিৰ আহ্বান

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি আইআইটি আৰু অন্যান্য উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক দেশৰ সামাজিক সমস্যা সন্দৰ্ভত গৱেষণা কৰিবলৈ আহ্বান জনায়৷ ভিডিঅ’ কনফাৰেন্সযোগে আইআইটি দিল্লীৰ হীৰক জয়ন্তী সমাৰোহ মুকলি কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমাজক বহনক্ষম সমাধান দিয়াৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিষ্ঠানসমূহে অগ্ৰণী ভূমিকা পালন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

‘স্বাস্থ্য’ শীৰ্ষক জনজাতি স্বাস্থ্য আৰু পুষ্টি প’ৰ্টেল আৰু নেচনেল অভাৰচীজ প’ৰ্টেল তথা নেচনেল ট্ৰাইবেল ফেল’শ্বিপ প’ৰ্টেল মুকলি

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আজি ‘স্বাস্থ্য’ শীৰ্ষক এক জনজাতি স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় পুষ্টি মুকলি কৰিছে আৰু ‘অলেখ’ শীৰ্ষক এক সংবাদ পত্ৰও মুকলি কৰিছে৷ এই অনুষ্ঠানত উপস্থিত থাকি জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কয় যে সমাজৰ সকলো স্তৰৰ লোকে স্বাস্থ্যৰ সুবিধা লাভ কৰাটোৱেই হ’ল প্ৰধানমন্ত্ৰীৰ প্ৰধান উদ্দেশ্য৷

অধিক বিৱৰণৰ বাবে

 

মুখতাৰ আব্বাছ নাকভিঃ ‘‘মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ বাবে ‘‘যত্ন, প্ৰতিশ্ৰুতি আৰু আত্মবিশ্বাস’ৰ অৱকাশৰ সৃষ্টি হৈছে যি সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ হিচাপে বিবেচিত হৈছে

কেন্দ্ৰীয় সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে কয় যে ‘‘মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ বাবে ‘‘যত্ন, প্ৰতিশ্ৰুতি আৰু আত্মবিশ্বাস’ৰ অৱকাশৰ সৃষ্টি হৈছে যি সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ হিচাপে বিবেচিত হৈছে৷ আজি এখন ম’বাইল ক্লিনিকৰ ফ্লেগ অফ কৰি তেওঁ কয় যে এতিয়া জনসাধাৰণৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন অহাটো পৰিলক্ষিত হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ‘মেৰি ফচল মেৰি ব্যোৰা প’ৰ্টেল’ মুকলি কৰিছে যাতে ইয়াৰ দ্বাৰা হাৰিয়ানাত সামগ্ৰীসমূহ ক্ষতিশংকামুক্তভাৱে তথা সৰল উপায়ে উৎপাদন আৰু বিক্ৰী কৰিব পাৰি৷
  • অৰুণাচল প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৪৩ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮৮ জন৷
  • অসমঃ দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে ‘অৰুণোদয়’ৰ প্ৰণয়নৰ বাবে অসম চৰকাৰে নিৰ্দেশনাৱলী মুকলি কৰিছে৷ প্ৰায় ১৯ লক্ষাধিক দৰিদ্ৰ পৰিয়ালে প্ৰতি মাহে প্ৰত্যেকে ৮৩০ টকাৰ ডিবিটি লাভ কৰিব- প্ৰতিটো বিধানসভা সমষ্টিত ১৫,০০০ কৈ পৰিয়ালে এই সুবিধা লাভ কৰিব৷
  • মণিপুৰঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯২১ জন৷ আৰোগ্যৰ হাৰ হ’ল ৫৭%৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৮৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪১৮ জন৷
  • নাগালেণ্ডঃ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ ২৬১টা কোৱাৰেণ্টিন কেন্দ্ৰত ১৫,৮৪৩জন ব্যক্তিৰ বাবে ঠাই আছে৷ ইয়াৰে ২০৬টা হ’ল চৰকাৰী কোৱাৰেণ্টিন আৰু ৫৫টা পেইড৷
  • :ছিক্কিমঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১৬৭ জন৷ ৬৭৩ জনে আৰোগ্য লাভ কৰিছে৷
  • কেৰালাঃ কালি ১৫৩০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ ১৫ সহস্ৰাধিক লোকে চিকিৎসা লাভ কৰি আছে আৰু ১,৬২,২১৭ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪,১০৯ জন৷ ৫৭৬৬ জনৰ মৃত্যু হৈছে৷ ২,৭৮,২৭০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৪৯৮ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,২৬,৯৬৬ জন৷ ৩৯৪৭ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৮৯,৮২৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৫,৯৪৫ জন৷ ২৬৫০ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯২,২৫৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১,৪২০ জন৷ ৭০৩ জনৰ মৃত্যু হৈছে৷ ৭০,১৩২ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা ৫.৯৫ লাখ৷ ইয়াৰে ৪.১৭ লাখ লোকে আৰোগ্য লাভ কৰিছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৫৮ লাখ৷
  • ৰাজস্থানঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৪৫১ জন৷ ৰাজস্থানৰ উচ্চ ন্যায়ালয়ে বুধবাৰলৈ ন্যায়ালয়ৰ সকলো কাম স্থগিত ৰাখিছে৷
  • মধ্য প্ৰদেশঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৩১২ জন৷ দেওবাৰে ১০২২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ৬৮৫ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫,৬২১ জন৷ দেওবাৰে ৮ জন লোকৰ মৃত্যু হোৱাৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১৪২ জন৷

 



(Release ID: 1646547) Visitor Counter : 155