PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 AUG 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

প্ৰায় ১৬ লাখ আৰোগ্য লোকৰ সৈতে ভাৰতত আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি হৈছে; মৃ্ত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে

কাৰ্যকৰী নিয়ন্ত্ৰণ কৌশল, ব্যাপক পৰীক্ষণ আৰু মানসম্পন্ন ক্লিনিকেল ব্যৱস্থাপনাৰ জৰিয়তে গুৰুতৰ ৰোগীক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলতে আজি দেশত প্ৰায় আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি হৈছে৷

অধিক সংখ্যক ৰোগীৰ আৰোগ্য লাভ আৰু চিকিৎসালয় তথা গৃহ আইচলেচনৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰোগ্যৰ সংখ্যা ১৫,৮৩,৪৮৯ জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৪৭,৭৪৬ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

সমগ্ৰ দেশতে আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৬,৩৯,৯২৯ জন যি মুঠ পজিটিভ ৰোগীৰ কেৱল ২৮.২১% হে৷ তেওঁলোকক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে৷

সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা  লোকৰ ব্যৱধান প্ৰায় ৯.৫ লাখলৈ বৃদ্ধি পাইছে৷

ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈ বৰ্তমানে ১.৯৯% হৈছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে শেহতীয়া পৰিস্থিতিসমূহৰ বিষয়ে তথা মহামাৰীবিধক প্ৰতিহত কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰে  

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি শেহতীয়া পৰিস্থিতি আৰু মহামাৰীবিধক ৰোধ কৰিবলৈ পৰিকল্পনা প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিহাৰ, গুজৰাট, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু তেলেংগানাত পৰীক্ষণৰ সীমা বৃদ্ধি কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

শেহতীয়া পৰিস্থিতি আৰু ইয়াক মোকাবিলা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা আলোচনাৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগীয় সংক্ৰান্তত ডিজিটেলি বৈঠকত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আজি এক ডিজিটেল বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ কাম-কাজসমূহৰ খতিয়ান গ্ৰহণ কৰে৷ মধ্য প্ৰদেশ চৰকাৰৰ বিষয়াসকলে ২০২৩ চনৰ ভিতৰত ৰাজ্যখনত ‘আত্মনিৰ্ভৰ’ কৰি তোলাৰ ক্ষেত্ৰত ডিজিটেলি এক ৰোডমেপ প্ৰদৰ্শিত কৰে৷

অধিক বিৱৰণৰ বাবে

 

নিয়মীয়া যাত্ৰীবাহী আৰু নগৰৰ উপকণ্ঠীয় ৰে’ল সেৱাসমূহ পৰৱৰ্তী জাননী প্ৰকাশ নোহোৱা পৰ্যন্ত বন্ধ থাকিব

নিয়মীয়া যাত্ৰীবাহী আৰু নগৰৰ উপকণ্ঠীয় ৰে’ল সেৱাসমূহ পৰৱৰ্তী জাননী প্ৰকাশ নোহোৱা পৰ্যন্ত বন্ধ থাকিব৷ বৰ্তমানে ২৩০ খন বিশেষ ৰে’লে চলাচল কৰি আছে৷ মুম্বাইত স্থানীয় ৰে’ল সীমিত পৰিমাণত চলাচল কৰি আছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ তিনি বছৰীয়া বৰ্ষপূৰ্তিত ‘কানেক্টিং, কমিউনিকেটিং, চেঞ্জিং’ শীৰ্ষক এক ই-বুক মুকলি কৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ তিনি বছৰীয়া বৰ্ষপূৰ্তিত ‘কানেক্টিং, কমিউনিকেটিং, চেঞ্জিং’ শীৰ্ষক এখন ই-বুক মুকলি কৰে৷ এই ই-বুকখনৰ ছপা সংস্কৰণ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা পিএছইউ আৰু অ’এফবিৰ সুবিধাসমূহৰ আধুনিকীকৰণ/উন্নীতকৰণ তথা নতুন আন্তঃগাঁথনি মুকলি কৰিলে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিহে কালি ডিজিটেল লিংকযোগে প্ৰতিৰক্ষা পিএছইউ আৰু অ’এফবিৰ সুবিধাসমূহৰ আধুনিকীতৰণ/উন্নীতকৰণ তথা নতুন আন্তঃগাঁথনি মুকলি কৰে৷ এই কাৰ্যসূচী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আত্মনিৰ্ভৰ ভাৰত সপ্তাহ উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰৰ জিলা চিকিৎসালয়ত মডুলাৰ অস্ত্ৰোপচাৰ গৃহ নিৰ্মাণৰ চুক্তিত স্বাক্ষৰ কৰিলে পিএফচিয়ে

ভাৰতৰ অগ্ৰণী এনবিএফচি পাৱাৰ ফাইনেন্স কৰ্প’ৰেচন লিমিটেডে (পিএফচিৃ) আজি উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰৰ জিলা প্ৰশাসনৰ সৈতে জিলা চিকিৎসালয়ত মডুলাৰ অস্ত্ৰোপচাৰ গৃহ নিৰ্মাণৰ চুক্তিত স্বাক্ষৰ কৰে৷ পিএফচিয়ে এই প্ৰকল্প ৰূপায়নৰ বাবে চৌৰানব্বৈ লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ সংকটৰ সময়ত উদ্ভাসিত হোৱা ডিজিটেল পৰিৱৰ্তনৰ সুযোগৰ বিষয়ে আলোকপাত কৰি ডিএছটিৰ সচিবে

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই ক’ভিড-১৯ৰ সংকটৰ সময়ত উদ্ভাসিত হোৱা ডিজিটেল পৰিৱৰ্তনৰ সুযোগৰ বিষয়ে আলোকপাত কৰি সমগ্ৰ দেশবাসীকে ইয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ ক’ভিডে প্ৰায় সকলো খণ্ডকে প্ৰভাৱিত কৰা বুলি মন্তব্য প্ৰদান কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে অৱশ্যে বিভিন্ন খণ্ডত নানা সুযোগৰো সৃষ্টি হৈছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ পাঞ্জাৱৰ উত্তৰে নেচনেল ইনষ্টিটিউট অব্ ভাইৰ’ল’জী চেণ্টাৰ স্থাপনৰ বাবে ভাৰত চৰকাৰে অনুমোদন প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছেৰ’ ছাৰ্ভে বৈঠকত খতিয়ান গ্ৰহণ কৰি কয় যে হাৰিয়ানাৰ চৰকাৰে ছেৰ’ ছাৰ্ভে প্ৰণয়নৰ বাবে ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছে৷
  • হিমাচল প্ৰদেশেঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণ সন্মান নিধিৰ অধীনত ৮.৫ কোটি কৃষকৰ বেংক একাউণ্টলৈ প্ৰথমটো কিস্তি হিচাপে ১৭,০০০ কোটি টকা  মুকলি কৰি দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে ৰাজ্যখনৰ মুখ্য সচিবে ১৫ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰিছে৷
  • মণিপুৰঃ আজি মণিপুৰত ক’ভিড-১৯ আক্ৰান্ত ৬০ বৰ্ষীয় বৃদ্ধলোক এজনৰ জেএনআইএমএছত মৃত্যু ঘটিছে৷ ইয়াৰ সৈতে ৰাজ্যখনত মুঠ ১২ জন লোকৰ মৃত্যু ঘটিছে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০০ জন৷ কালি তিনিজন লোক নতুনকৈ ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছে৷
  • কেৰালাঃ মুঠ ১২,৭৩৭ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ১.৪৯ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,০২,৮১৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,০৯৯ জন৷ ৫০৪১ জনৰ  মৃত্যু হৈছে৷ ২,৪৪,৬৭৫ জন লোকক মুকলি কৰি দিয়া হৈছে৷ চেন্নাইত ১১,৩২৮ জন সক্ৰিয় ৰোগী আছে৷
  • কৰ্ণাটকঃ ৰাজ্যখনত প্ৰতিদিনে এই পৰ্যন্ত ২০,০০০ কৈ ক’ভিড পৰীক্ষণ অনুষ্ঠিত হৈ থকাৰ বিপৰীতে এতিয়া এই সংখ্যা ৫০,০০০ লৈ বৃদ্ধি কৰা হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮২৩৫৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯৯০৮ জন৷ কালি ৪২৬৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫২১৮ জনক মুকলি কৰি দিয়া হৈছে আৰু ১১৪ জনৰ মৃত্যু ঘটিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৩৫,৫২৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭,৭৭৩ জন৷ ২১১৬ জনৰ মৃত্যু হৈছে৷ ১,৪৫,৬৩৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮২,৬৪৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৬২৮ জন৷ ৬৪৫ জনৰ মৃত্যু হৈছে৷ ৫৯,৩৭৪ জনক মুকলি কৰি দিয়া হৈছে৷

Image

Image



(Release ID: 1645182) Visitor Counter : 215