PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 AUG 2020 6:31PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত আৰোগ্য হোৱা লোকৰ সংখ্যা ১৪.২ লাখ হৈছে; আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে উন্নতি হৈ আজি ৬৮.৩২% হৈছে; ৰাষ্ট্ৰীয় পৰ্যায়ত মৃত্যুৰ হাৰ ২.০৪%লৈ অৱনমিত হৈছে

সমগ্ৰ বিশ্বতে প্ৰতি মিলিয়নত ২৪২৫ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা হৈছে ১৪৬৯ যি সবাতোকৈ নিম্ন৷ মৃত্যুৰ হাৰ আজি ২.০৪%লৈ অৱনমিত হৈছে৷ ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ৪৮,৯০০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,২৭,০০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,১৯,০৮৮ জন৷ ভাৰতত মুঠ ১৩৯৬ টা গৱেষণাগাৰত পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে  

 

কেন্দ্ৰই ৰাজ্যসমূহক ক’ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সমন্বয়মূলক প্ৰচেষ্টাৰ ফলত দেশত ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস হৈছে৷ বৰ্তমানে ২.০৪%লৈ মৃত্যুৰ হাৰ অৱনমিত হৈছে৷ ৭ আৰু ৮ আগষ্ট তাৰিখে স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণৰ সভাপতিত্বত দুখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত ৰাজ্যসমূহ ক’ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়৷

অধিক বিৱৰণৰ বাবে

 

 

ক’ভিড-১৯ৰ ফলত মৃত্যুৰ সংখ্যা অধিক হোৱা জিলাসমূহৰ সৈতে স্বাস্থ্য মন্ত্ৰালয়ৰ যোগাযোগ

যিসমূহ জিলাত ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ অধিক হৈছে সেইসমূহৰ বিষয়ে স্বাস্থ্য মন্ত্ৰালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ এই সন্দৰ্ভত স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণৰ সভাপতিত্বত ভাৰ্চুৱেলি এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত গুজৰাটৰ আহমেদাবাদ আৰু চুৰাট; কৰ্ণাটকৰ বেলাগাভি, বেংগালুৰু আৰবান, কলাবুৰাগি আৰু উড়ুপি; তামিলনাডুৰ চেন্নাই, কাঞ্চিপুৰম, ৰাণিপেত, থেনি, থিৰুভাল্লুৰ, তিৰুচিৰাপ্পলি, টুটিকৰণ আৰু বিৰুদ্ধনগৰ; তেলেংগানাৰ হায়দৰাবাদ, মেডচন, মালকাগঞ্জ জিলা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

চাৰিদিনলৈ একেৰাহে ভাৰতত বিগত ২৪ ঘণ্টাত ৬ লক্ষাধিক নমুনা পৰীক্ষণ কৰা হৈছে

ভাৰতে চাৰিদিনলৈ একেৰাহে নমুনা পৰীক্ষণৰ ক্ষেত্ৰত উচ্চ হাৰ প্ৰদৰ্শিত কৰি বিগত ২৪ ঘণ্টাত ৬ লক্ষাধিত নমুনা পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৬,৩৯,০৪২ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ২,২৭,৮৮,৩৯৩টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত দেশত ১৩৮৩ টা গৱেষণাগাৰত পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ সম্প্ৰসাৰণঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকা স্বাস্থ্য কৰ্মীসকলৰ বীমা পুনৰ ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে

অধিক বিৱৰণৰ বাবে

 

২৪০০খন আচুতীয়া বিচনাৰ সৈতে ২১খন ইএছআইচি চিকিৎসালয়ক উৎসৰ্গিত ক’ভিড-১৯ৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছেঃ সন্তোষ গংগৱাৰ

শ্ৰম আৰু নিয়োজন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংগৱাৰ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খাট্টাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ ইএছআইচি চিকিৎসা মহাবিদ্যালয়ত প্লাজমা বেংক মুকলি কৰে৷ শ্ৰী গংগৱাৰে কয় যে সমগ্ৰ ভাৰততে ২১ খন ইএছআইচি চিকিৎসালয়ক ক’ভিড-১৯ৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

পিএমএৱাই(নগৰ)ৰ অধীনত প্ৰায় ১০.২৮ লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱৰ অনুমোদন প্ৰদান কৰা হৈছে

প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত ৭ আগষ্ট ২০২০ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় অনুমোদন আৰু নিৰীক্ষণ কমিটীৰ ৫১তম বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ১৯ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে অংশগ্ৰহণ কৰে৷ অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ পৰা প্ৰায় ১০.২৮ লাখ গৃহ নিৰ্মাণৰ বাবে প্ৰায় ১৫৮৯টা প্ৰস্তাৱনা দাখিল কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

এমএছএমইৰ বাবে ক’ভিড-১৯ সম্পৰ্কীয় বিভিন্ন প্ৰকল্পৰ ৱেবিনাৰত পানী পৰিষ্কাৰকৰণ প্ৰযুক্তিক গুৰুত্ব প্ৰদান কৰা হৈছে

চিএছআইআৰ-চিএমইআৰআইৰ সঞ্চালক অধ্যাপক হৰিশ হিৰানী আৰু পাটনা এমএছএমইৰ সঞ্চালক শ্ৰী বিশ্ব মোহন ঝাই ৭ আগষ্ট ২০২০ তাৰিখে ৱেবিনাৰযোগে পানী পৰিষ্কাৰকৰণ প্ৰযুক্তিক গুৰুত্ব প্ৰদান কৰি ক’ভিড-১৯ সম্পৰ্কীয় প্ৰযুক্তিৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে মিডপুত এক উৎসৰ্গিত ক’ভিড স্বাস্থ্য কেন্দ্ৰ মুকলি কৰে৷
  • মণিপুৰঃ মণিপুৰত পিএইচচি লেইমাপকপমৰ ৪জন চিকিৎসক আৰু এগৰাকী নাৰ্চৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে৷
  • মিজোৰামঃ মিজোৰামত আজি সাতজন লোকক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭০জন৷ ২৯৬ জনক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৬৬ জন৷
  • নাগালেণ্ডঃ মুঠ ৬০৭টা নমুনা পৰীক্ষণ কৰা হৈছে৷ ইয়াৰে ৩১ জনৰ দেহত ক’ৰোনাৰ বীজাণুৰ অৱস্থিতি পোৱা গৈছে৷
  • কেৰালাঃ বৰ্তমানে ১২,৪১১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্ন জিলাত ১,৪৯,৬৮৪ জন ৰোগী নিৰীক্ষণৰ অধীনত আছে৷
  • মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৮৫,০২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২,৭৫৯ জন৷ মৃত্যু হৈছে ৪৬৯০ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৬০৬ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬৪,৯২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৭,৬৮৬ জন৷ মৃত্যু হৈছে ২৯৯৮ জনৰ৷ মুকলি কৰি দিয়া হৈছে ৮৪,২৩২ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,০৬,৯৬০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৪,৬৫৪ জন৷ ১৮৪২ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৭,৫১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৫৬৮ জন৷ ৬১৫ জনৰ মৃত্যু হৈছে৷ ৫৪,৩৩০ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪,৯০,২৬২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৪৫,৫৮২ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৮,৮৮৫ জন৷
  • ৰাজস্থানঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ ১৩,১৯৫ জন৷ মুঠ ৰোগীৰ সংখ্যাই ৫০ সহস্ৰাধিকৰ সীমা অতিক্ৰম কৰিছে৷
  • মধ্য প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৭৩৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে এই পৰ্যন্ত মুঠ ৩৭,২৯৮ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ২৭,৬২১ জনে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ শুকুৰবাৰে ৩৭৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে এই পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০০২ জন৷

Image



(Release ID: 1644483) Visitor Counter : 169