স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২কোটিতকৈ অধিক কভিডৰ নমুনা পৰীক্ষাৰে ভাৰতৰ অভিলেখ স্থাপন

প্ৰতি নিযুত লোকৰ মাজত ১৪৬৪০লৈ বৃদ্ধি পৰীক্ষা

Posted On: 03 AUG 2020 2:13PM by PIB Guwahati

ভাৰতে এতিয়ালৈকে ২,০২,০২,৮৫৮টা কভিড-১৯ৰ নমুনা পৰীক্ষাৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। কভিড-১৯ নিয়ন্ত্ৰণৰ বাবে আক্ৰমণাত্মক গতিত নমুনা পৰীক্ষা, সংক্ৰমণৰ দ্ৰুত চিনাক্তকৰণ আৰু পৃথকীকৰণ কৰা আৰু খৰতকীয়াকৈ চিকিত্সাৰ ব্যৱস্থা কৰা কৌশল অৱলম্বন কৰিবলৈ কেন্দ্ৰই দিয়া পৰামৰ্শ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পালন কৰিছে। ইয়াৰ ফলত দেশত কভিডৰ নমুনা পৰীক্ষা কৰাৰ সুযোগ বৃদ্ধি পাইছে আৰু সেয়ে ব্যাপক হাৰত নমুনা পৰীক্ষা কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত ৩,৮১,০২৭ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত প্ৰতি নিযুত লোকৰ মাজত নমুনা পৰীক্ষাৰ সংখ্যা ১৪৬৪০লৈ বৃদ্ধি পালে। বৰ্তমান ভাৰতত প্ৰতি নিযুত লোকৰ মাজত ১৪৬৪০ নমুনা পৰীক্ষা সম্পন্ন হৈছে। দেশত প্ৰতি নিযুত লোকৰ মাজত নমুনা পৰীক্ষাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ২৪ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত লোকৰ মাজত নমুনা পৰীক্ষাৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

২৪ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত লোকৰ মাজত নমুনা পৰীক্ষাৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক

কভিড-১৯ৰ নমুনা পৰীক্ষা কৰাৰ বাবে দেশত বৰ্তমান ৯১৪টা চৰকাৰী আৰু ৪৩৪ টা বেচৰকাৰী, মুঠ ১৩৪৮টা পৰীক্ষাগাৰ আছে। ইয়াত নিম্নলিখিতসমূহ অন্তৰ্ভুক্ত হৈছেঃ

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৮৬(চৰকাৰীঃ৪১৮+বেচৰকাৰীঃ২৬৮)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫৫৬(চৰকাৰীঃ৪৬৫+বেচৰকাৰীঃ৯১)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০৬(চৰকাৰীঃ৩১+বেচৰকাৰীঃ৭৫)

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

MV/SG/KG



(Release ID: 1644457) Visitor Counter : 225