স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
এটা দিনত সৰ্বাধিক ৫১,২৫৫গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ আৰোগ্য লাভৰে ভাৰতৰ অভিলেখ
এই পৰ্যন্ত মুঠ আৰোগ্য ব্যক্তিৰ সংখ্যা প্ৰায় ১১.৫লাখ
অৰোগ্য লাভৰ শতাংশ হাৰৰ নতুন অভিলেখ ৬৫.৪৪%
মৃত্যুৰ হাৰৰ অৱনমন অব্যাহত ৰাখি ২.১৩%ত উপনীত
পোষ্ট কৰা হৈছে:
02 AUG 2020 12:40PM by PIB Guwahati
শেহতীয়া ২৪ঘণ্টাত ৫১,০০০তকৈয়ো অধিক সংখ্যক ক’ভিড-১৯ আক্ৰন্তই আৰোগ্য লাভ কৰিছে ভাৰতত। এই সময়চোৱাত ৫১,২২৫গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰি চিকিত্সালয় এৰিবলৈ সক্ষম হৈছে। ইয়াকে লৈ এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছেগৈ ১১,৪৫,৬২৯গৰাকী। এটা দিনত সৰ্বাধিক সংখ্য আৰোগ্যৰ অভিলেখেৰে আৰোগ্যৰ শতাংশ হাৰ হৈছেগৈ ৬৫.৪৪%। অৰ্থাত, দিনে দিনে অধিক হাৰত আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ দেশত।
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগিতাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধান দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।

আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধান দ্ৰুত গতিত বাঢ়িবলৈ লৈছে। যোৱা ১০জুন ২০২০ত প্ৰথম বাৰৰ বাবে আক্ৰান্ত ৰোগীৰ সংখ্যাতকৈ দেশৰ আৰোগ্য ব্যক্তিৰ সংখ্যা ১৫৭৩গৰাকীৰে অধিক হৈছিল আৰু আজি এই ব্যৱধান বৃদ্ধি পাই ৫,৭৭,৮৯৯গৰাকী হৈছেগৈ।
ইফালে, এই মুহূৰ্তত দেশত ৫,৬৭,৭৩০গৰাকী ক’ভিড আক্ৰান্ত লোক বিভিন্ন চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে। মুঠ আক্ৰান্তৰ বিপৰীতে শতাংশ হিচাপত ইয়াৰ হাৰ ৩২.৪৩%।
পৰীক্ষণ, অনুসন্ধান আৰু চিকিত্সা প্ৰদান-ৰ কৌশল অৱলম্বন কৰি অব্যাহত ৰখা অভিযানৰ সুবাদত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা দ্ৰুত গতিত বঢ়াৰ বিপৰীতে মৃত্যুৰ হাৰ দ্ৰুতগতিত অৱনমিত হৈছে। আজিৰ তাৰিখত মৃত্যুৰ শতাংশ হাৰ হৈছেগৈ ২.১৩%।
ক’ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।
কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .
অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .
****
MV/SG/KB
HFW/COVID-Updates/2Aug2020/1
(ৰিলিজ আই ডি : 1643097)
অতিথি কক্ষ : 259
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam