PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 AUG 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে অভিলেখ সংখ্যক ৫১,২৫৫ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে ; প্ৰায় ১১.৫ লাখ লোকে আৰোগ্য লাভ কৰিছে ; আৰোগ্যৰ হাৰে ৬৫.৪৪%ৰ নতুন সীমা স্পৰ্শ কৰিছে; মৃত্যুৰ হাৰ ক্ৰমান্বয়ে অৱনমিত হৈ ২.১৩% হৈছে

বিগত ২৪ ঘণ্টাত ৫১ সহস্ৰাধিক লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ১১,৪৫,৬২৯ জন৷ আৰোগ্যৰ হাৰ ৬৫.৪৪%লৈ বৃদ্ধি হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৬৭,৭৩০ জন৷  ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ ২.১৩%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ছাৰ্চ-চিঅ’ভি-২ৰ প্ৰথমটো সৰ্বভাৰতীয় ১০০০ জিনম অনুক্ৰমণৰ সফল সমাপনৰ বিষয়ে ঘোষণা কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

বিজ্ঞান আৰু প্ৰযুক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি ছাৰ্চ-চিঅ’ভি-২ৰ প্ৰথমটো সৰ্বভাৰতীয় ১০০০ জিনম অনুক্ৰমণৰ সফল সমাপনৰ বিষয়ে ঘোষণা কৰিছে৷ মন্ত্ৰীগৰাকীয়ে অভিলেখ সময়ত জৈৱ প্ৰযুক্তি বিভাগে স্থাপন কৰা পাঁচটা উৎসৰ্গিত ক’ভিড-১৯ বায়’-ৰেপ’জিটৰিজৰ বৃহত্তম নেটৱৰ্কটো দেশলৈ বুলি উচৰ্গা কৰে৷

অধিক বিৱৰণৰ বাবে

 

বিশ্বৰ সৰ্ববৃহৎ অনলাইন হেকাথনৰ গ্ৰেণ্ড ফাইনেলৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফাইনেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীসকলে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বাবে বিভিন্ন সমাধানৰ দিশত কাম কৰি আছে৷ সমস্যাসমূহৰ সমাধানৰ লগতে ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰত্যাশাসমূহো তথ্য, ডিজিটাইজেছন আৰু হাই-টেক ফিউচাৰৰ দিশৰ পৰা সৱলীকৃত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

জেএনচিএএছআৰৰ বিজ্ঞানীসকলে মহামাৰী সম্বন্ধীয় গুৰুত্বপূৰ্ণ সংসাধনসমূহৰ অনুমান লগাবলৈ তথা ইয়াৰ বাবে উপযুক্ত ৰণনীতি প্ৰস্তুত কৰিবলৈ অনুকূল মডেল প্ৰস্তুত কৰিছে

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত জৱাহৰলাল নেহৰু ফ’ৰ এডভান্সড ছায়েণ্টিফিক ৰিচাৰ্ছ (জেএনচিএএছআৰ)ৰ বিজ্ঞানীসকলে ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্স (আইআইএছচি)ৰ সহযোগত ক’ভিড-১৯ৰ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে৷

অধিক বিৱৰণৰ বাবে

ধূপ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ এক নতুন আঁচনিত অনুমোদন জনালে শ্ৰী নীতিন গাডকাৰীয়ে

কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে ধূপ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগৰ (কেভিআইচি) এক প্ৰস্তাৱক অনুমোদন জনাইছে৷ এই কাৰ্যসূচীক ‘‘খাদী অগৰবত্তী আত্মনিৰ্ভৰ মিছন’’ হিচাপে নাম দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰথমবাৰলৈ ৰে’লৱে মন্ত্ৰালয়ে আয়োজন কৰিছে ২৩২০ গৰাকী বয়োজ্যেষ্ঠ বিষয়াৰ ভাৰ্চুৱেল অৱসৰ কাৰ্যসূচী

প্ৰথমবাৰলৈ ৰে’লৱে মন্ত্ৰালয়ে ৩১ জুলাই ২০২০ তাৰিখে ভাৰতীয় ৰে’লৱেৰ বিষয়া/কৰ্মচাৰীসকলৰ বাবে এক ভাৰ্চুৱেল অৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই কাৰ্যসূচীত সকলো মণ্ডল/শাখা/উৎপাদন গোট একেটা প্লেটফ’ৰ্মতে সমবেত হৈছিল৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

 

    • পাঞ্জাৱঃ মিছন ফটেহৰ অধীনত পাঞ্জাৱ চৰকাৰ, চিকিৎসা শিক্ষা বিভাগ আৰু গৱেষণাই ক’ৰোনা প্ৰতিৰোধৰ সজাগতা অভিযানৰ সূচনা কৰিছে৷
    • কেৰালাঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮৬২ জন আৰু বিভিন্ন জিলাত ১.৪৩ লাখ লোক চিকিৎসকৰ নিৰীক্ষণত আছে৷
    • তামিলনাডুঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ২.৫ লাখ৷ মৃত্যু হৈছে ৪,০৩৪ জন৷
    • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,২৯,২৮৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩,২১৯ জন৷ ২৪১২ জনৰ মৃত্যু হৈছে৷
    • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫০,২০৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭২,১৮৮ জন৷ ১৪০৭ জনৰ মৃত্যু হৈছে৷
    • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৬,৬৭৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮,৫৪৭ জন৷ ৫৪০ জনৰ মৃত্যু হৈছে৷ ৪৭,৫৯০ জনক মুকলি কৰি দিয়া হৈছে৷
    • অৰুণাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল ড বি ডি মিশ্ৰক সাক্ষাৎ কৰি ৰাজ্যখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰে৷
    • অসমঃ অসমত ক’ভিড-১৯ৰ ফলত হোৱাৰ মৃত্যুৰ হাৰ হ’ল ০.২৪%৷ আৰোগ্যৰ হাৰ হ’ল ৭৫%৷ প্ৰতি মিলিয়নত ২৭,৫৪৪ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই তথ্য টুইটাৰত প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
    • মণিপুৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৫১ জন৷ আৰোগ্যৰ হাৰ হ’ল ৬১%৷
    • মহাৰাষ্ট্ৰঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৯ লাখ৷ ১৫,৩১৬ জনৰ মৃত্যু হৈছে৷
    • গুজৰাটঃ ৰাজ্যখনত ৰোগীৰ সংখ্যাই ৪৫,০০০ৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ১১৩৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
    • ৰাজস্থানঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৩৯১ জন৷ আজি ৰাতিপুৱা ৫৬১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷
    • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২,৬১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭৬৯ জন৷
    • গোৱাঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭০৫ জন৷ শনিবাৰে ২৮০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷

ফেক্ট চেক 

 



(Release ID: 1643090) Visitor Counter : 225