প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কলকাটা, মুম্বাই আৰু নয়ডাত উচ্চ সামৰ্থ্যবিশিষ্ট ক’ভিড পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

দেশত প্ৰতিদিনে পাঁচলাখৰো অধিক নমুনাৰ পৰীক্ষণ সম্ভৱ হৈছে, অগন্তুক সপ্তাহচেৰেকত এই সামৰ্থ্য ১০লাখলৈ বৃদ্ধিৰ প্ৰয়াস অব্যাহত আছে : প্ৰধানমন্ত্ৰী

দেশত এই মুহূৰ্তত ১১,০০০ ক’ভিড সেৱাকেন্দ্ৰ আৰু ১১লাখৰো অধিক একান্তকৰণ কক্ষৰ বিচনাৰ ব্যৱস্থা আছে

স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ণৰ লগতে ইতিমধ্যে গ্ৰামাঞ্চলত থকা স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

জটিল পৰিস্থিতিৰ মাজতো সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লগতে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্য মন্ত্ৰীমণ্ডলীয়ে

Posted On: 27 JUL 2020 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কলকাটা, মুম্বাই আৰু নয়ডাত তিনিটা উচ্চ সামৰ্থ্যবিশিষ্ট কভিড পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। কেউটা কেন্দ্ৰ কলকাটা, মুম্বাই আৰু নয়ডাত থকা ভাৰতীয় চিকিত্সা গৱেষণা প্ৰতিষ্ঠানৰাষ্ট্ৰীয় প্ৰতিষ্ঠান-চৌহদত স্থাপন কৰা হয়।

এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উন্নত প্ৰযুক্তি সম্বলিত কলা-সন্মতৰূপত প্ৰতিস্থা কৰা এইকেইটা কভিড পৰীক্ষণ কেন্দ্ৰই কভিড পৰীক্ষণৰ সামৰ্থ্য প্ৰতিদিনে প্ৰায় ১০,০০০ৰে বৰ্দ্ধন কৰিব। অধিক পৰীক্ষণে ৰোগৰ তাতক্ষণিক নিশ্চিতকৰণ সম্ভৱ কৰাৰ লগতে অবিলম্ব চিকিতসাৰ হাৰ বৃদ্ধি কৰিব আৰু ইয়ে ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক অধিক গতি প্ৰদান কৰিব। তেওঁ, এইকেইটা পৰীক্ষাকেন্দ্ৰ কেৱল কভিড-১৯ৰ নমুনা পৰীক্ষণতে সীমাবদ্ধ নাথাকি ভৱিষ্যতে হেপাটাইটিছ বি আৰু চি, এইচআইভি, ডেংগুৰ দৰে আন বহুবিধ ব্যাধিৰ পৰীক্ষাও সম্পন্ন কৰাৰ বাবে সাজু হৈ উঠিব বুলি উল্লেখ কৰে।

সময়োচিত সিদ্ধান্ত :

চৰকাৰে গ্ৰহণ কৰা সময়োচিত সিদ্ধান্তৰ সুবাদতে পৃথিৱীৰ আন দেশসমূহত কভিডৰ বাবে হোৱা মৃত্যুৰ হাৰৰ তুলনাত ভাৰতৰ হাৰ এতিয়াও ভাল বুলি বিশেষভাবে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। সেইদৰে আন দেশসমূহৰ তুলনাত আৰোগ্যৰ ক্ষেত্ৰতো ভাৰতৰ হাৰ উন্নত আৰু দিনে দিনে এই হাৰ আৰু অধিক উন্নত হৈ 

থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা প্ৰায় ১০লাখ হৈছেগৈ।

ৰোনাকেন্দ্ৰিক স্বাস্থ্য আন্তঃগাঁথনি:

দেশত কৰোনা-কেন্দ্ৰিক স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণৰ বিশেষ প্ৰয়োজনীয়তা থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ দ্ৰুত উন্নয়নত গুৰুত্ব আৰোপ কৰে। প্ৰসংগক্ৰমে তেওঁ কৰোনা-বিৰোধী যুঁজখনৰ আৰম্ভনীতে কেন্দ্ৰীয় চৰকাৰে ১৫০০০কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ কথা উল্লেখ কৰে। আজিৰ তাৰিখত দেশত ১১,০০০ কভিড সেৱাকেন্দ্ৰ আৰু ১১লাখৰো অধিক একান্তকৰণ কক্ষৰ বিচনাৰ ব্যৱস্থা আছে বুলিও জানিবলৈ দিয়ে।

যোৱা জানুৱাৰী মাহত ৰোগ পৰীক্ষণৰ বাবে কেৱল এটা পৰীক্ষাগাৰ থকা দেশখনত এতিয়া প্ৰায় ১৩০০টা পৰীক্ষাগাৰ আছে বুলিও তথ্য দাঙি ধৰে প্ৰধানমন্তৰীগৰাকীয়ে। তেওঁ কয়, দেশত প্ৰতিদিনে পাঁচলাখৰো অধিক নমুনাৰ পৰীক্ষণ সম্ভৱ হৈছে আৰু অগন্তুক সপ্তাহচেৰেকত এই সামৰ্থ্য ১০লাখলৈ বৃদ্ধিৰ প্ৰয়াস অব্যাহত আছে।

আজিৰ তাৰিখত ভাৰত দ্বিতীয় সৰ্বাধিক পিপিই কিট প্ৰস্তুতকাৰী দেশ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ছমাহৰ আগতে এটাও পিপিই কিট উত্পাদন নকৰা দেশখনে এতিয়া ১২০০ উত্পাদন কেন্দ্ৰত দিনে ৫লাখৰো অধিক পিপিই কিট প্ৰস্তুত কৰে। সেইদৰে প্ৰতিদিনে ৩লাখৰো অধিক এন-৯৫ মাস্ক প্ৰস্তুত কৰিব পৰা হোৱা ভাৰতে ভেণ্টিলেটৰ নিৰ্মাণৰ সামৰ্থ্য বছৰি ৩লাখটালৈ বৃদ্ধি কৰাৰ লগতে মেডিকেল অক্সিজেন চিলিণ্ডাৰ উত্পাদনৰ হাৰো বহু পৰিমাণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে, স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ণৰ লগতে ইতিমধ্যে গ্ৰামাঞ্চলত থকা স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

উত্সৱৰ সময়ত নিৰাপদে থাকক:

অনাগত দিনত আহিব লগা উত্সৱ উদযাপনৰ সময়ত ভাইৰাছৰ সংক্ৰমণ যাতে বাঢ়িব নোৱাৰে তাৰ বাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা-ৰ উপকাৰিতাসমূহ সময়ত দুখীয়া ৰাইজৰ ওচৰত পোৱাটো নিশ্চিত কৰাৰ প্ৰসংগতো গুৰুত্ব আৰোপ কৰে। প্ৰতিষেধক উদ্ভাৱন নোহোৱা পৰ্যন্ত সামাজিক ব্যৱধান বিধি, মাস্ক পৰিধান আৰু চাবোনৰে হাত পৰিষ্কৰণৰ দৰে বিধি-বিধানসমূহ মানি চলিবলৈ সকলোকে সঁকীয়াই দিয়ে।

মুখ্য মন্ত্ৰীসকলৰ ধন্যবাদ:

জটিল পৰিস্থিতিৰ মাজতো সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লগতে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্য মন্ত্ৰীসকলে। অনুষ্ঠানত মুখ্য মন্ত্ৰীত্ৰয় উদ্ধৱ থাকৰে, মমতা বেনাৰ্জী আৰু যোগী আদিত্যনাথে কৃতজ্ঞতাসূচক মন্তব্য আগবঢ়ায়।

 

***

 

AM/AP/KB



(Release ID: 1641948) Visitor Counter : 217