প্ৰতিৰক্ষা মন্ত্ৰালয়

ৰাজহুৱা পৰামৰ্শ বিচাৰি ‘প্ৰতিৰক্ষা সামগ্ৰী আহৰণ প্ৰণালী ২০২০’ৰ দ্বিতীয় খচৰা প্ৰকাশ

Posted On: 28 JUL 2020 2:41PM by PIB Guwahati

প্ৰতিৰক্ষা সামগ্ৰী সংগ্ৰহ প্ৰণালী(ডিপিপি) ২০২০ৰ দ্বিতীয় খচৰাখন সম্প্ৰতি প্ৰতিৰক্ষা সামগ্ৰী আহৰণ প্ৰণালী(ডিএপি) ২০২০ শীৰ্ষকৰে সংশ্লিষ্ট অংশীদাৰী পক্ষসমূহৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দিহা-পৰামৰ্শ/মন্তব্য আদি  বিচাৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mod.gov.in/dod/sites/default/files/Amend270720_0.pdf) ত উপলব্ধ কৰা হৈছে।

স্মৰ্তব্য যে, প্ৰতিৰক্ষা সামগ্ৰী সংগ্ৰহ প্ৰণালী(ডিপিপি) ২০২০ৰ খচৰাখন ৰাজহুৱা মন্তব্য/দিহা-পৰামৰ্শ আদি কামনাৰে যোৱা ১৭ এপ্ৰিল ২০২০ত ৱেবছাইটত উপলব্ধ কৰা হৈছিল আৰু পৰৱৰ্তি সময়ত পৰামৰ্শদানৰ সময়সীমা ৮ মে ২০২০লৈকে  বৃদ্ধি কৰা হৈছিল। তেতিয়াৰে পৰা বিভিন্ন অংশীদাৰী পক্ষ, সেৱাখণ্ড, উদ্যোগখণ্ডই আগবঢ়োৱা দিহা-পৰামৰ্শৰে ১০,০০০পৃষ্ঠাৰো অধিক ভৰি উঠিছে।

বিভিন্ন সংস্থা আদিয়ে প্ৰদান কৰা বক্তব্য, সংশ্লিষ্ট পক্ষসমূহৰ সৈতে নিৰ্দিষ্ট প্ৰসংগত তেওঁলোকৰ অভিমত গ্ৰহণৰ লক্ষ্যৰে প্ৰত্যক্ষ আৰু ৱেব-ৰ জৰিয়তে হোৱা আলোচনাৰ সবিশেষ বিশ্লেষণৰ আধাৰত পৰ্যালোচনা সমিতিয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানয়ে বিচৰা ধৰণৰ প্ৰতিৰক্ষা পৰিক্ৰমাৰ সংস্কাৰৰ আধাৰত দ্বিতীয়খন খচৰাৰ চূড়ান্ত ৰূপ প্ৰদান কৰি ৰাইজৰ ওচৰত দাখিলৰ ব্যৱস্থা কৰিছে।

সংশোধিত খচৰাখন সন্দৰ্ভত পুনৰবাৰ বিচৰা সুনিৰ্দিষ্ট বক্তব্য/দিহা-পৰামৰ্শ আদি অহা ১০ আগষ্ট ২০২০ৰ ভিতৰত প্ৰদান কৰিবলৈ গোঁহাৰি জনোৱা হৈছে।

********

ABB/Nampi/KA/DK/Savvy/ADA/KB



(Release ID: 1641899) Visitor Counter : 216