স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনত সৰ্বাধিক ৪.২লাখটা ক’ভিড-ৰ নমুনা পৰীক্ষণৰে ভাৰতৰ অভিলেখ

এই পৰ্যন্ত মুঠ ১.৬কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন

মৃত্যুৰ হাৰ ২.৩৫শতাংশলৈ দ্ৰুত অৱনমন

Posted On: 25 JUL 2020 2:25PM by PIB Guwahati

প্ৰথমবাৰৰ বাবে, এদিনত সৰ্বাধিক ৪,২০,০০০টা কভিড-ৰ নমুনা পৰীক্ষণৰে বস্তুতঃ অভিলেখ ৰচনা কৰিছে ভাৰতে। যোৱা এটা সপ্তাহত প্ৰতিদিনে একেৰাহে সম্পন্ন কৰা ৩,৫০,০০০টা পৰীক্ষণৰ অভিলেখক এই সংখ্যা পিচুৱাই থৈ আহিল। বিগত ২৪ঘণ্টাত সম্পন্ন কৰা ৪,২০,৮৯৮টা পৰীক্ষাৰ পিচত দেশত সম্পন্ন হোৱা পৰীক্ষণৰ হাৰ প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে ১১,৪৮৫লৈ বৃদ্ধি পালে। আনহাতে, এই পৰ্যন্ত দেশত সম্পন্ন হোৱা সৰ্বমুঠ পৰীক্ষণৰ সংখ্যায়ো ১,৫৮,৪৯,০৬৮ৰ ঘৰ স্পৰ্শ কৰিলে। দুয়োটা ক্ষেত্ৰতে ইতিবাচক দিশত উৰ্ধ্বগামী গতি অব্যাহত থকা পৰিলক্ষিত হৈছে।

ভাৰতৰ সাফল্যৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা কাৰকসমূহৰ অন্যতম হল পৰীক্ষাগাৰৰ দ্ৰুতগতিত সংখ্যা বৃদ্ধি। চলিত বৰ্ষৰ জানুৱাৰী মাহত মাত্ৰ এটা পৰীক্ষাগাৰ থকা দেশখনত আজিৰ তাৰিখত পৰীক্ষাগাৰৰ সংখ্যা হৈছেগৈ ১৩০১টা। ইয়াৰে ৯০২টা চৰকাৰী খণ্ডত আৰু ৩৯৯টা বেচৰকাৰী খণ্ডত স্থাপন কৰা হৈছে। 

ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগিতাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদতে এই সাফল্য অৰ্জন কৰিব পৰা গৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষজ্ঞসকলৰ লগতে এইমছ-দিল্লীৰ বিশেষজ্ঞ চিকিত্সকৰ সহযোগিতাৰে গঠিত যুটীয়া নিৰীক্ষণ গোট, আইচিএমআৰ, এনচিডিচিৰ দৰে উত্কৰ্ষতাৰ কেন্দ্ৰ সদৃশ সংস্থাৰ নীতি-নিৰ্দেশনাৰে পৰিচালিত কাৰ্যক্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈছে। এই সকলোৰে সমন্বিত প্ৰয়াসৰ সুবাদত আজিৰ তাৰিখত দেশত কভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ ২.৩৫শতাংশলৈ অৱনমিত হৈছে। এই হাৰ পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বনিম্ন বুলি চিহ্নিত হৈছে।

শেহতীয়া ২৪ ঘণ্টাত দেশত মুঠ ৩২,২২৩গৰাকী লোকে আৰোগ্য লাভ কৰাৰ লগতে হাস্পটালৰ পৰা ঘৰলৈ ওভতাৰ অনুমতি লাভ কৰিছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৮,৪৯,৪৩১গৰাকী হৈছেগৈ। শেহতীয়া হিচাপত আৰোগ্যৰ হাৰ ৬৩.৫৪শতাংশ হৈছেগৈ।

আজিৰ তাৰিখত দেশত আক্ৰান্ত ৰোগীৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যাৰ ব্যৱধান ৩,৯৩,৩৬০গৰাকী হৈছেগৈ।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

.

****

MV/SG/KB



(Release ID: 1641306) Visitor Counter : 97