স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘পৰীক্ষা, চিনাক্ত আৰু চিকিৎসা’ কৌশল অভিযান ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে পৰীক্ষাগাৰৰ আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে

বৰ্তমানলৈকে ১.৫কোটিতকৈও অধিক ক’ভিড-১৯ নমূনা পৰীক্ষা কৰা হৈছে

Posted On: 24 JUL 2020 3:22PM by PIB Guwahati

বৰ্তমানলৈকে ১.৫ কোটিতকৈও(১,৫৪,২৮,১৭০) অধিক ক’ভিড-১৯ নমূনা পৰীক্ষা কৰা হৈছে৷ ক’ভিড-১৯ চিনাক্তকৰণৰ বাবে বিগত ২৪ ঘণ্টাত ৩,৫২,৮০১টা নমূনা পৰীক্ষা কৰা হৈছে৷

এই কৌশল গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰতত প্ৰতি ১০লাখ লোকৰ বিপৰীতে ১১১৭৯.৮৩টা পৰীক্ষা কৰা হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001QN31.jpg

কেন্দ্ৰীয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে পৰীক্ষাৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত ব্যাপক তপৰতা অৱলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে নমূনা পৰীক্ষা কৰা লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে৷

http://pibphoto.nic.in/documents/rlink/2020/jul/i202072401.gif

আইচিএমআৰৰ দ্বাৰা অনুমোদিত আৰটি-পিচিআৰ পৰীক্ষাগাৰসমূহ শেহতীয়া পৰীক্ষা কৌশলৰ মেৰুদণ্ডস্বৰূপ৷ দেশত ৮৯৭টা চৰকাৰী আৰু ৩৯৩টা ব্যক্তিগত খণ্ডসহ মুঠ পৰীক্ষাগাৰৰ সংখ্যা ১,২৯০টালৈ বৃদ্ধি পাইছে৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৫৩(চৰকাৰীঃ৩৯৯+ব্যক্তিগতঃ২৫৪)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫৩০(চৰকাৰীঃ৪৬৬+ব্যক্তিগতঃ৬৪)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০৭(চৰকাৰীঃ৩৭+ব্যক্তিগতঃ৭৫)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1641097) Visitor Counter : 115