PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 JUL 2020 6:37PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া তথ্যঃ এদিনতে প্ৰায় ৩০,০০০ লোকে আৰোগ্য লাভ কৰাৰ জৰিয়তে সমগ্ৰ দেশতে আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৭.৮২ লাখৰ সংখ্যা অতিক্ৰম কৰিছে

ক্ৰমাগত দ্বিতীয় দিনৰ বাবে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ২৯,৫৫৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ আৰোগ্য পোৱা লোকৰ সংখ্যা হ’ল ৭,৮২,৬০৬ জন৷ আৰোগ্যৰ হাৰ ৬৩.১৮%লৈ বৃদ্ধি পাইছে৷ মৃ্ত্যুৰ হাৰ ২.৪১%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

ইণ্ডিয়া আইডিয়াজ সন্মিলন ২০২০ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইণ্ডিয়া আইডিয়াজ সন্মিলনত ভাষণ প্ৰদান কৰে৷ এই সন্মিলনৰ আয়োজন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত ব্যৱসায়িক পৰিষদে (ইউএছআইবিচি)৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ‘ইজ অব্ লিভিং’ আৰু ‘ইজ অব্ বিজনেছ’ৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

‘ইণ্ডিয়া আইডিয়াজ ছামিট ২০২০’-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

মণিপুৰত প্ৰধানমন্ত্ৰীয়ে পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে মণিপুৰত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ পূব আৰু উত্তৰ পূৰ্বাঞ্চলে ক’ভিডৰ সৈতে যুঁজ দিয়াৰ লগতেও ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ সৈতেও যুঁজ কৰিবলগীয়া হৈছে৷ ভাষণত তেওঁ মণিপুৰ চৰকাৰে লকডাউনৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

লেহৰ ডিআইএইচএআৰত ডিআৰডিঅ’ই স্থাপন কৰিলে ক’ভিড-১৯ পৰীক্ষণ কেন্দ্ৰ

ডিআৰডিঅ’ই লাডাখত ক’ৰোনা ৰোগীৰ চিনাক্তকৰণৰ বাবে লেহস্থিত ডিআইএইচএআৰত এক ক’ভিড-১৯ পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰে৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰীয়ে চিপিএছইৰ কেপেক্সৰ দ্বিতীয়খন পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ভিডিঅ’ কনফাৰেন্সযোগে অসামৰিক বিমান পৰিবহণ আৰু তীখা মন্ত্ৰালয়ৰ সচিব, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা ৭টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ চিএমডিৰ সৈতে চলিত বিত্তীয় বৰ্ষৰ মূলধনী ব্যয় সন্দৰ্ভত বৈঠকত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে  

সংবাদ মাধ্যমৰ উদ্যোগত ক’ভিডৰ ফলত হোৱা বিত্তীয় সমস্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে উপ ৰাষ্ট্ৰপতিয়ে

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে ক’ভিডৰ ফলত ভাৰতৰ সংবাদ মাধ্যমৰ উদ্যোগে অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হোৱাত উদ্বেগ প্ৰকাশ কৰিছে৷ তেওঁ সংবাদ মাধ্যমক জনসাধাৰণৰ মাজত সজাগতা বিতৰণ আৰু তথ্য বিনিময়ৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে প্ৰশংসাও কৰে৷

অধিক বিৱৰণৰ বাবে

দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ডিজিটেল প্লেটফ’ৰ্মসমূহ সক্ৰিয়  আৰু জবাবদিহি হ’ব লাগিবঃ শ্ৰী ৰবিশংকৰ প্ৰসাদ

কালি জি২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীমণ্ডলৰ এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়৷ সেই বৈঠকত কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে ভাৰতক প্ৰতিনিধিত্ব কৰে৷ ভাৰতৰ বিশ্বৰ ভিতৰতে বিনিয়োগৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ বীক্ষণক বাস্তৱায়িত কৰাৰ বাবে শ্ৰী প্ৰসাদে বিশ্বজনীন যোগান শৃংখলৰ গুৰুত্বৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

পিএমজিকেএৱাই-২ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে সৰ্বমুঠ ১৯.৩২ লাখ মেট্ৰিকটন খাদ্য শস্য আহৰণ কৰিছে

লকডাউনৰ সময়ৰে পৰা প্ৰায় ১৩৯.৯৭ লাখ মেট্ৰিকটন খাদ্য শস্য ৪৯৯৯ ৰে’ল ৰেকৰ জৰিয়তে পৰিবহণ হৈছে আৰু ৩০ জুন ২০২০ তাৰিখ পৰ্যন্ত মুঠ ২৮৫.০৭ লাখ মেট্ৰিকটন খাদ্য শস্য পৰিবহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ৰাজ্যখনত ক’ভিড পৰীক্ষণৰ গতি দ্ৰুত কৰাৰ বাবে পাঞ্জাৱ চৰকাৰে পাতিয়ালা, অমৃতসৰ আৰু ফৰিডকোটৰ তিনিখন চৰকাৰী চিকিৎসালয় মহাবিদ্যালয়ৰ বাবে সাতটা স্বয়ংক্ৰিয় আৰএনএ নিষ্কাশন যন্ত্ৰ ক্ৰয় কৰিব৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনত ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অতিৰিক্ত মুখ্য স্বাস্থ্য সচিব আৰ ডি ধীমানে উল্লেখ কৰিছে৷
  • কেৰালাঃ বৰ্তমানে ৮৮১৮ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্ন জিলাত ১.৫৯ লাখ লোক চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৮৬,৪৯২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১,৭৫৬ জন, মৃত্যুৰ সংখ্যা হ’ল ৩১৪৪ জন৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩,৯৪১ জন৷
  • কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৫,৮৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,০৬৯ জন৷ মৃত্যু হৈছে ১৫১৯ জন৷ ২৭,২৩৯ জনে আৰোগ্য লাভ কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ ৰাজধানী ইটানগৰৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ৰ বাবে ৰেপিড এণ্টিজেন পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ এই পৰীক্ষণৰ বাবে বিশটা দলে কাম কৰি আছে৷
  • মণিপুৰঃ মণিপুৰত সপ্তাহজোৰা লকডাউনৰ নিৰ্দেশনাৱলী জাৰি কৰা হৈছে৷ অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হৈছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১৭৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৮৮ জন আৰু ৪৮৬ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪২ জন আৰু ১৮৪ জনে আৰোগ্য লাভ কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৪,৭১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১,৭৬৩ জন৷ ৮২৩ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৯,২৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,১৫৫ জন৷ ৪৩৮ জনৰ মৃত্যু হৈছে৷ ৩৭,৬৬৬ জনে আৰোগ্য লাভ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,৩৭,৬০৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৩৬,৯৮০ জন৷ ১২,৫৫৬ জনৰ মৃত্যু হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫১,৪৮৫ জন৷ বিগত ২৪ ঘণ্টাত ১০২০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২,৩৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩৮৭ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৪,৮৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭২৩৬ জন৷
  • চট্টিশগড়ঃ বুধবাৰে ২৩০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷

 

 



(Release ID: 1640769) Visitor Counter : 198