জল শক্তি মন্ত্ৰালয়

জল জীৱন অভিযান : আনকতকৈ আগবঢ়াৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ৰাজ্যসমূহ

৭খন ৰাজ্যই ২০২০-২০২১বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা লক্ষ্যৰ ১০শতাংশতকৈয়ো অধিক সম্পন্ন কৰিছে

Posted On: 21 JUL 2020 6:49PM by PIB Guwahati

২০১৯চনৰ আগষ্ট মাহত শুভাৰম্ভ ঘোষণা কৰা জল জীৱন অভিযানৰ ২০১৯-২০বৰ্ষৰ কাৰ্যক্ৰমে ইতিমধ্যে ৭টা মাহ অতিক্ৰম কৰাৰ মুহূৰ্তত দেশত এই পৰ্যন্ত প্ৰায় ৮৫ লাখ গ্ৰামীণ পৰিয়ালক পানীৰ নলীৰ সংযোগ প্ৰদান কৰা হৈছে। কভিড-১৯ মহামাৰীৰ মাজতো, আনলক-১ আৰম্ভ হোৱাৰে পৰা ২০২০-২১বৰ্ষৰ বাবে ধাৰ্য কৰা লক্ষ্যৰ প্ৰায় ৫৫লাখ নলীৰ সংযোগ প্ৰদান কৰা হৈছে। এতেকে, প্ৰতিদিনে প্ৰায় ১লাখ পৰিয়ালক নলীৰ সংযোগ প্ৰদান কৰি থকা হৈছে বুলি কব পাৰি।

আজিৰ তাৰিখত, ৭খন ৰাজ্য যথা, বিহাৰ, তেলেংগাণা, মহাৰাষ্ট্ৰ, হাৰিয়াণা, গুজৰাট, হিমাচল প্ৰদেশ আৰু মিজোৰামে ইতিমধ্যেই ১০শতাংশৰো অধিক পৰিয়াললৈ নলীৰ সংযোগ দিবলৈ সক্ষম হৈছেই। সেইদৰে, তামিল নাডু, কৰ্ণাটক, ওড়িশা, আৰু মণিপুৰ আদি ৰাজ্যয়ো এই সময়চোৱাত আশানুৰূপ ভাবে অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই কথাই গ্ৰাম্য পৰিয়ালসমূহলৈ বুনিয়াদী সা-সুবিধাসমূহ আগবঢ়োৱাৰ বাবে জল জীৱন অভিযানৰ দৰে ধ্বজাবাহী কাৰ্যক্ৰমে নিৰ্দ্ধাৰণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাজ্যসমূহে প্ৰদৰ্শন কৰা প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰিছে।

দেশৰ ১৮.৯৩কোটি গ্ৰামীণ পৰিয়ালৰ ভিতৰৰ ৪.৬০কোটি(২৪.৩০শতাংশ) পৰিয়াললৈ ইতিমধ্যে পানী যোগনৰ বাবে নলীৰ সংযোগ প্ৰদান কৰা হৈছে। এতিয়া অৱশিষ্ট ১৪.৩৩কোটি পৰিয়াললৈ নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰতে নলীৰ সংযোগ দিয়াতো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই লক্ষ্যত উপনীত হোৱাৰ বাবেই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহে প্ৰতিদিনে ১লাখতকৈয়ো অধিক হাৰত সংযোগ দিয়াৰ ব্যৱস্থা কৰি আছে।

জল জীৱন অভিযান ৰূপায়ণৰ বাবে ২০২০-২১বিত্তীয় বৰ্ষত ২৩,৫০০কোটি টকাৰ পুঁজি আৱণ্টিত কৰা হৈছে। ইফালে, পঞ্চদশ বিত্তীয় আয়োগে আগবঢ়োৱা গাঁও অঞ্চলৰ স্থনীয় নিকায়সমূহলৈ দিয়া আৱণ্টনৰ ৫০শতাংশ পুঁজি অৰ্থাত্ ৩০,৩৭৫ কোটি টকা পানী যোগান আৰু অনাময় শীতানৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰে ৫০শতাংশ ধন ইতিমধ্যে ৰাজ্যসমূহলৈ মোকলাই দিয়া হৈছে। ইয়াৰ সুবাদত গ্ৰাম্যাঞ্চলসমূহত পানী যোগান আৰু অনাময় সা-সুবিধাসমূহ উপলব্ধ কৰাৰ বাবে অব্যাহত থকা কাৰ্যক্ৰম ৰূপায়ণ প্ৰক্ৰিয়া সহজ হৈ উঠিব বুলি আশা কৰা হৈছে।    

*****

APS/SG/PK/MS/KB



(Release ID: 1640489) Visitor Counter : 174