স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ৭.২লাখলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৬২.৭২%লৈ উন্নীত

মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই ২.৪৩% হৈছে

Posted On: 21 JUL 2020 7:41PM by PIB Guwahati

ফলপ্ৰসূ নিৰীক্ষণ, পৰীক্ষণৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা, সক্ৰিয়া, প্ৰগতিশীল তথা সাক্ষ্যভিত্তিক কৌশলৰ জৰিয়তে তথা দেশজুৰি ব্যাপক হাৰত সম্প্ৰসাৰণ কৰা পৰীক্ষাগাৰৰ নেটৱৰ্ক, মানসম্পন্ন চিকিসা প্ৰট’কলে ক’ভিড-১৯ৰ চিকিসা ব্যৱস্থাত উল্লেখযোগ্য ফল লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰা ক’ভিড ৰোগীৰ সংখ্যা ২৪,৪৯১গৰাকী হৈছে৷ বৰ্তমানলৈকে দেশত ৭,২৪,৫৭৭গৰাকী ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

দেশত আৰোগ্যৰ হাৰ ৬২.৭২%লৈ উন্নীত হৈছে৷ ইফালে, ভাৰতত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই ২.৪৩% হৈছে৷

বৰ্তমান আক্ৰান্ত হৈ থকা আৰু আৰোগ্য লাভ কৰা ৰোগীৰ মাজত ব্যৱধান ৩,২২,০৪৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এতিয়া দেশত ৪,০২,৫২৯গৰাকী লোক আক্ৰান্ত হৈ চিকিসকৰ নিৰীক্ষণত আছে৷

 

বিগত ২৪ ঘণ্টাত ৩,৩৩,৩৯৫৭টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে ১,৪৩,৮১,৩০৩টা নমূনা পৰীক্ষা কৰা হৈছে৷

দেশত পৰীক্ষাগাৰৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি কৰি থকা হৈছে৷ বৰ্তমান ৮৯২টা চৰকাৰী আৰু ৩৮২টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১২৭৪টা পৰীক্ষা কাৰ্যক্ষম অৱস্থাত আছে৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৫১(চৰকাৰীঃ৩৯৮+ব্যক্তিগতঃ২৫৩)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫১৬(চৰকাৰীঃ৪৫৭+ব্যক্তিগতঃ৫৯)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০৭(চৰকাৰীঃ৩৭+ব্যক্তিগতঃ৭০)

দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ১,৭০,৫৬০টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৮৩,৯৮,৩৬২টা নমুনা পৰীক্ষা কৰা গৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1640432) Visitor Counter : 212