প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২২ জুলাইত ইণ্ডিয়া আইডিয়াছ ছামিটত মুখ্য ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 JUL 2020 11:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জুলাইত ইণ্ডিয়া আইডিয়াছ ছামিটত মুখ্য ভাষণ আগবঢ়াব৷

মাৰ্কিন-ভাৰত ব্যৱসায়িক পৰিষদে এই সন্মিলন আয়োজন কৰিব৷ পৰিষদখন গঠন কৰাৰ ৪৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এইবাৰ এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ ইণ্ডিয়া আইডিয়াছ ছামিটৰ এই বছৰৰ বিষয়বস্তু হৈছেএক উন্নত ভৱিষ্যত গঢ় দিয়া

ভাৰ্চুৱেল সন্মিলনখনত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ উচ্চপৰ্যায়ৰ নীতি নিৰ্ধাৰক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়াবৰ্গ আৰু ব্যৱসায় তথা সমাজৰ আগশাৰীৰ বুদ্ধিজীৱি নেতা উপস্থিত থাকিব৷ সন্মিলনৰ আন কেইগৰাকীমান মুখ্য বক্তাৰ ভিতৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয় শংকৰ, মাৰ্কিন বৈদেশিক সচিব শ্ৰীযুক মাইক পম্পিঅ’, ভাৰ্জিনিয়াৰ ছিনেটৰ আৰু ছিনেট ইণ্ডিয়া ককাছৰ শ্ৰী মাৰ্ক ৱাৰ্ণাৰ, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰদূত শ্ৰীমতী নিকি হালে উল্লেখযোগ্য৷ এই সন্মিলনত আলোচনা কৰিবলগীয়া বিষয়বোৰৰ ভিতৰত ভাৰত-মাৰ্কিন সহযোগিতা আৰু মহামাৰীৰ পিছৰ বিশ্বত দুয়োখন দেশৰ সম্পৰ্কৰ ভৱিষ্যত আদি অন্যতম৷

***********

VRRK/SH/DB



(Release ID: 1640225) Visitor Counter : 153