প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইবিএমৰ মুখ্য কাৰ্যবাহী বিষয়া অৰৱিন্দ কৃষ্ণৰ সৈতে প্ৰধানমন্ত্রীৰ বার্তালাপ

আমি আত্মনির্ভৰ ভাৰতৰ পথত আগুৱাই গৈছে, যাতে বিশ্বব্যাপি প্ৰতিযোগিতাৰ উপযোগী হৈ উঠিব পাৰে আৰু যোগান শৃংখলাৰ বিকাশ ঘটাব পৰা যায়ঃ প্ৰধানমন্ত্ৰী

ভাৰতত বিনিয়োগৰ বাবে এয়াই উত্তম সময়ঃ প্ৰধানমন্ত্ৰী

‘ঘৰৰ পৰা কাম’ৰ বিষয়টোক প্ৰযুক্তিগত পৰিৱর্তনৰ জৰিয়তে মসৃণ ৰূপত সুনিশ্চিত কৰাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

আইবিএমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰকীয়ে আত্ননির্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতিও আস্থা প্ৰকাশ কৰে; ভাৰতত আইবিএমৰ বিশাল বিনিয়োগেৰ পৰিকল্পনা সম্পর্কে প্ৰধানমন্ত্ৰীক থোৰতে অৱগত কৰে

Posted On: 20 JUL 2020 5:42PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সযোগে আইবিএমৰ প্ৰধান কার্যর্বাহী বিষয়া অৰৱিন্দ কৃষ্ণৰ সৈতে বাৰ্তালাপ কৰে৷

চলিত বৰ্ষৰ আৰম্ভণিতে অৰৱিন্দ কৃষ্ণ আইবিএমৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সৈতে আইবিএমৰ দৃঢ় সংযোগৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে দেশত এই সংস্থাৰ বিশাল উপস্থিতিৰ কথা উল্লেখ কৰি কয় যে ২০খন চহৰত লাখতকৈও অধিক লোকে এই সংস্থাটোত কাম কৰি আছে৷

বাণিজ্য ক্ষেত্রত ভিডৰ প্ৰভাৱ সম্পর্কে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে জনায় যেঘৰৰ পৰা কাম বিষয়টোক ব্যাপক ৰূপত গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্রত প্ৰযুক্তিগত পৰিৱর্তন মসৃণ কৰাৰ লক্ষ্যৰে চৰকাৰে আন্তঃগাঁথনি, সংযোগ আৰু উপযুক্ত পৰিৱেশ সৃষ্টি ধাৰাবাহিকভাৱে প্ৰচেষ্টা হাতত লৈছে৷ বৰ্তমান আইবিএমে ৭৫ শতাংশ কর্মীক ঘৰৰ পৰা কাম কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ সৈতে জড়িত প্ৰযুক্তিগত সমস্যাবোৰৰ বিষয়ক লৈও তেওঁ আলোচনা কৰে৷

প্ৰধানমন্ত্রীয়ে দেশত ২০০খন বিদ্যালয়ত চিবিএছইৰ সহযোগিতাত কৃত্রিম বুদ্ধিমত্তা বিষয়ত পাঠক্ৰম আৰম্ভ কৰাৰ ক্ষেত্রত আইবিএমে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ কয় যে দেশৰ প্ৰযুক্তিগত মনোভাৱক আৰু আগুৱাই নিয়াত যাতে চৰকাৰে প্রাথমিক পর্যায়ত কৃত্রিম বুদ্ধিমত্তা, যন্ত্ৰ প্ৰশিক্ষণ ইত্যাদি ক্ষেত্রত ধাৰণাসমূহে শিক্ষার্থীসকলৰ মাজত প্ৰৱর্তনৰ বিষয়ত কাম চলাই গৈছে৷ আইবিএমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰকীয়ে কয় যে যুক্তি আৰু তথ্যক্ষেত্ৰ সম্পর্কে মৌলিক দক্ষতা বৃদ্ধি কৰা উচিত। ছাত্ৰ-ছাত্রীসকলক আৱেগেৰে শিকোৱা প্ৰয়োজন বুলিও তেওঁ কয়৷

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতত বিনিয়োগৰ বাবে এয়াই উত্তম সময়। তেওঁ কয় যে প্ৰযুক্তি খণ্ডৰ বিনিয়োগক আদৰণি জনোৱাৰ লগতে সমর্থন জনোৱা হৈছে৷ তেওঁ কয় যে বিশ্বত যিসময়ত মন্দাৱস্থাই দেখা দিছে, সেই সময়ক ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ বৃদ্ধি পাইছে। তেওঁ কয় যে দেশআত্মনির্ভৰ ভাৰত পথত আগুৱাই গৈছে, যাতে বিশ্বব্যাপি প্ৰতিযোগিতাৰ উপযোগী হৈ উঠিব পাৰে আৰু যোগান শৃংখলাৰ বিকাশ ঘটাব পাৰে৷ আইবিএমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰকীয়ে ভাৰতত আইবিএমৰ বিশাল বিনিয়োগেৰ পৰিকল্পনা সম্পর্কে প্ৰধানমন্ত্রীকে অৱগত কৰে৷ তেওঁ আত্ননির্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতিও আস্থা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্রীয়ে বিগত বছৰত স্বাস্থ্য খণ্ডত উন্নয়ন আৰু উন্নত মানৰ স্বাস্থ্য সেৱা প্ৰদানৰ জৰিয়তে সাধাৰণ জনতাৰ বাবে সুলভ চিকিসা ব্যস্থা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সম্পর্কেও দাঙি কৰে৷ স্বাস্থ্য সেৱাৰ ক্ষেত্রত ভাৰতত কৃত্রিম বুদ্ধিমত্তাভিত্তিক সৰঞ্জাম সৃষ্টিৰ সম্ভাৱনা আৰু ৰোগৰ পূর্বাভাস আৰু বিশ্লেষণৰ বাবে আৰু ভাল আৰ্হি গঢ়ি তোলাৰ বিষয়ত গৱেষণাৰ সুযোগ আছে বুলিও তেওঁ সদৰি কৰে৷ সাধাৰণ জনতাৰ বাবে ৰাহি আৰু সমস্যাবিহীন এক সু-সংহত, প্ৰযুক্তি তথা তথ্য ভিত্তিক স্বাস্থ্য সেৱা ব্যৱস্থাপনাৰ উন্নয়নৰ ওপৰ জোৰ দিয়ে৷ তেওঁ উল্লেখ কৰে যে আইবিএমে স্বাস্থ্য সেৱা ক্ষেত্ৰত আগুৱাই নিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ আইবিএমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ সন্দৰ্ভত প্ৰধানমন্ত্রীৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰাৰ লগতে এই ৰোগৰ প্রাৰম্ভিক অৱস্থাত চিনাক্তকৰণৰ ক্ষেত্রত প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্পৰ্কেও অৱগত কৰে৷

বাৰ্তালাপৰ সময়ত তথ্য সুৰক্ষা, চাইবাৰ আক্ৰমণ আৰু যোগৰ জৰিয়তে স্বাস্থ্য সুবিধাৰ বিষয়সমূহক লৈও আলোচনা হয়৷

 

.

****

 

VRRK/SH/DB



(Release ID: 1640224) Visitor Counter : 190