স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত ২৪ ঘণ্টাক ২৩,৬০০জনতকৈ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে

আক্ৰান্ত হৈ থকা ৰোগীতকৈ ৩লাখ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে

প্ৰতি ১০লাখ লোকৰ বিপৰীতে(টিপিএম) প্ৰায় ১০,০০০ লোকৰ পৰীক্ষা কৰা হৈছে

Posted On: 19 JUL 2020 5:56PM by PIB Guwahati
কেন্দ্ৰীয় আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা আগ্ৰাসী পৰীক্ষণ আৰু সমসাময়িক চিকিৎসাই ক’ভিড ৰোগী চিনাক্তকৰণত সহায় কৰিছে৷ ইফালে, গুৰুত্বভাৱে আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত মানসম্পন্ন পৰিচৰ্যা প্ৰট’কলৰ জৰিয়তে ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাপনাৰ ফলত দেশত ক’ভিড ৰোগীৰ উচ্চ আৰোগ্যৰ হাৰ সুনিশ্চিত কৰিছে৷
বিগত ২৪ ঘণ্টাত ২৩,৬৭২গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ আৰোগ্য আৰু আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য ৩,০৪,০৪৩লৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে সৰ্বমুঠ ৬,৭৭,৪২২ গৰাকী ৰোগী ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান আৰোগ্যৰ হাৰ ৬২.৮৬শতাংশ হৈছে৷
বৰ্তমান আক্ৰান্ত হৈ থকা ৩,৭৩,৩৭৯গৰাকী ৰোগী হাস্পতাল আৰু হোম আইছ’লেচনত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে৷
দেশত পৰীক্ষাৰ আন্তঃগাঁথনি ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে৷ আইচিএমআৰে সকলো পঞ্জীয়নভূক্ত চিকিৎসকক পৰীক্ষাৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ অনুমোদন জনাইছে৷ সমগ্ৰ দেশত ব্যাপক হাৰত ৰেপিড টেষ্ট সম্পন্ন কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৫৮,১২৭টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে ১,৩৭,৯১,৮৬৯টা নমূনা পৰীক্ষা কৰা হৈছে, যিটো প্ৰতি ১০লাখত গড়ে ৯৯৯৪.১ টা নমূনা পৰীক্ষা কৰা হৈছে৷
পৰীক্ষাগাৰৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি কৰি থকা হৈছে৷ বৰ্তমান ৮৮৯টা চৰকাৰী আৰু ৩৭৩টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১২৬২টা পৰীক্ষা কাৰ্যক্ষম অৱস্থাত আছে৷ সেইবোৰ হৈছে৷
সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৪৮(চৰকাৰীঃ৩৯৭+ব্যক্তিগতঃ২৫১)
ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫১০(চৰকাৰীঃ৪৫৫+ব্যক্তিগতঃ৫৫)
চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০৪(চৰকাৰীঃ৩৭+ব্যক্তিগতঃ৬৭)
দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ১,৭০,৫৬০টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৮৩,৯৮,৩৬২টা নমুনা পৰীক্ষা কৰা গৈছে।
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
 
****
 
MV/SG/DB


(Release ID: 1639905) Visitor Counter : 173