প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামীশ্ৰী মহাৰাজৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 16 JUL 2020 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামীশ্ৰী মহাৰাজৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, আমি সদায় আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামীশ্ৰী মহাৰাজক সমাজৰ প্ৰতি তেওঁ আগবঢ়োৱা বিনম্ৰ সেৱাৰ বাবে মনত ৰাখিম৷ তেওঁ মানৱ জীৱনৰ দুখ-যাতনা লাঘৱ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল৷ তেওঁক কেৱল ভাৰতে নহয়, বিশ্বৰ অগণন লোকে স্মৰণ কৰিব৷

আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামীশ্ৰী মহাৰাজ অপৰিসীম জ্ঞানেৰে সমৃদ্ধ আছিল৷ সামূহিক সেৱা, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বাবে তেওঁক সকলোৱে সদায় মনত ৰাখিব৷ বিগত সময়ত তেওঁ সৈতে বহুবাৰ হোৱা বাৰ্তালাপ মই কেতিয়াও পাহিৰব নোৱাৰিম৷ ওম শান্তি"

***

VRRK/SH/DB



(Release ID: 1639068) Visitor Counter : 139