যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

এনৱাইকেএছ, এনএছএছ স্বেচ্ছাসেৱকৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যসমূহক আহ্বান শ্ৰী কিৰেন ৰিজিজুৰ

এক দেশ এক ক্ৰীড়া নীতিৰ জৰিয়তে অলিম্পিকৰ গৌৰৱ অৰ্জনৰ প্ৰয়াসক প্ৰশংসা ৰাজ্যসমূহৰ

আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰীবৰ্গৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গক সম্বোধন শ্ৰী কিৰেন ৰিজিজুৰ

Posted On: 14 JUL 2020 6:29PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুয়ে আজি ভিডিঅকনফাৰেন্সিংযোগে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰীবৰ্গৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গক সম্বোধন কৰে৷ দুদিনীয়া বৈঠকৰ প্ৰথমদিনা আজি যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে যোগ দিয়ে, তেওঁলোকে ভিড-১৯ৰ পাছত সময়ছোৱাত খেলাধুলা আৰম্ভ কৰাৰ বিষয়ত তেওঁলোকৰ পৰিকল্পনাৰ কথা অৱগত কৰে৷ ৰাজ্যিক পৰ্যায়ত নেহৰু যুৱ কেন্দ্ৰ সংগঠন(এনৱাইকেএছ)আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ) স্বেচ্ছাসেৱকসকলক ৰাজ্যিক পৰ্যায়ত বিভিন্ন কাৰ্যসূচীত আৰু অধিক পৰিমাণে যোগদানৰ বিষয়ৰ সন্দৰ্ভতো বৈঠকত আলোচনা হয়৷

এই উপলক্ষে মন্ত্ৰী ৰিজিজুয়ে কয় যে ভিড-১৯ মহামাৰীৰ সময়ত অসামৰিক প্ৰশাসনৰ সৈতে এনৱাইকেএছ আৰু এনএছএছে স্বেচ্ছাসেৱকসকলে যথেষ্ট ভাল কাম কৰিছে৷ বর্তমান দেশ ৭৫ লাখ স্বেচ্ছাসেৱক এই কামৰ সৈতে জড়িত৷ আনলক-২ত এই সংখ্যা কোটিলৈ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে৷ প্ৰধানমন্ত্রীয়ে ইতিমধ্যেআত্মনির্ভৰ ভাৰতকাৰ্যসূচী ঘোষণা কৰিছে৷ দেশৰ বিভিন্ন খণ্ড মুক্ত কৰা হৈছে-আমাৰ স্বেচ্ছাসেৱকসকলে কৃষক, ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি সমাজৰ প্ৰতিগৰাকী ব্যক্তিক এই আঁচনিৰ সুবিধাৰ বিষয়ে সজাগ কৰি তোলাৰ কাম হাতত ব লাগিব৷ মন্ত্রীগৰাকীয়ে সকলো ৰাজ্যক স্বেচ্ছাসেৱকসকলক এই সজাগতা গঢ়ি তোলাৰ কামত লগোৱাৰ প্ৰস্তাৱ আগবঢ়ায়৷ এইসকল স্বেচ্ছাসেৱকে জিলা প্ৰশাসনৰ অধীনত পোনপটীয়াভাৱে কাম কৰিব য কেন্দ্ৰ হস্তক্ষেপ কম থাকিব৷

বৈঠকত তৃণমূল পৰ্যায়ৰ খেলাধুলা আৰু প্ৰতিখন ৰাজ্যত অলিম্পিকৰ বাবে প্ৰশিক্ষণক লৈ আলোচনা হয়৷ প্ৰতিখন ৰাজ্যত এটাকৈ খেলো ইণ্ডিয়া উকৰ্ষমূলক ৰাজ্যিক কেন্দ্ৰ (কেআইএছচিই) গঢ়ি তোলা আৰু এক ৰাজ্য এক ক্ৰীড়া নীতিক ৰাজ্যসমূহে শলাগ লৈছে৷ যিসমূহ ৰাজ্যই পৰম্পৰাগতভাৱে কোনো এক নির্দিষ্ট খেলত যথেষ্ট শক্তিশালী তাত সেই খেলবিধক লৈয়েই চর্চা কৰা ব৷ কেআইএছচিয়ে সেই নির্দিষ্ট খেলবিধৰ বাবে সংশ্লিষ্ট ৰাজ্যখনৰ সমন্বয়ৰক্ষী কেন্দ্ৰ হিচাপে কাম কৰিবখেলুৱৈসকলে তাত বিশ্বমানৰ প্ৰশিক্ষণ লাভ কৰিব যাতে তেওঁলোকে অলিম্পিকৰ দৰে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব পাৰে৷ ৰাজ্যসমূহে প্ৰচলিত ক্ৰীড়াৰ বাহিৰেও অন্যান্য খেলটো খেলুৱৈসকলক প্ৰশিক্ষণ দিব পাৰিব, কিন্তু এবিধ বা দুবিধ খেলৰ ওপৰতে অধিক জোৰ দিব লাগিব৷ ৰাজ্যসমূহৰ প্ৰতিনিধিৰাসকলে জনাইছে যে দেশত প্ৰতিখন জিলাত মুছ ,০০০ খেলো ইণ্ডিয়া কেন্দ্ৰ 

নিৰ্মাণ কৰাৰ ফলত আঞ্চলিক পৰ্যায়ত প্ৰতিভাসম্পন্ন খেলুৱৈ বাছনি কৰাৰ ক্ষেত্রত যথেষ্ট সুবিধা হৈছে৷ ইয়াৰ ফলত দেশজুৰি খেলাধুলাৰ এক পৰিৱেশ সৃষ্টি হৈছে৷ বিভিন্ন ৰাজ্যত তৃণমূল পৰ্যায়ত লাভ কৰা সাফল্যৰ কথাও বৈঠকত দাঙি ধৰে৷ বৈঠকত মন্ত্রীকে ধৰি ৰাজ্যৰ প্ৰতিনিধিবৰ্গই কেতবোৰ মূল্যবান মতামত আগবঢ়ায়৷

প্ৰথম দিনাৰ ভাৰ্চুৱেল বৈঠকত অন্ধ্ৰপ্ৰদেশ, অসম, চত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচলপ্ৰদেশ, জম্মু-কাশ্মীৰ, কর্ণাটক, কেৰালা, লাদাখ, মহাৰাষ্ট্ৰ, ওড়িশা, পাঞ্জাৱ, ৰাজস্থান, তামিলনাড়ু, তেলেংগানা, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ বাকী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলৰ সৈতে কাইলৈ এই সম্পৰ্কীয় দ্বিতীয় বৈঠক অনুষ্ঠিত ব৷

*******

NB/AKJ/OA/DB



(Release ID: 1638726) Visitor Counter : 118