বিত্ত মন্ত্ৰালয়

আত্ম নিৰ্ভৰ ভাৰত পেকেজ- বৰ্তমানলৈকে অগ্ৰগতি

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ আউটিতপৰা আত্ম নিৰ্ভৰ ভাৰত পেকেজৰ ৰূপায়ণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ

Posted On: 12 JUL 2020 11:51AM by PIB Guwahati

ভাৰতৰ কভিড-১৯ মহামাৰীৰদ্বাৰা সৃষ্ট আৰ্থ-সামাজিক মন্থৰতাৰে মোকাবিলা কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ মে, ২০২০ ত দেশৰ জিডিপিৰ ১০% ৰ সমতুল্য ২০ লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক আৰু বিস্তৃত পেকেজ ঘোষণা কৰিছিল। তেওঁ আত্ম নিৰ্ভৰ ভাৰত বা ছেল্ফ-ৰিলায়েন্ট ইণ্ডিয়া মভমেন্টৰ আহ্বান জনাইছিল। তেখেতে অৰ্থনীতি, আন্তঃগাঁথনি, প্ৰণালী, স্পন্দনশীল জনতত্ত্ব আৰু চাহিদাক আত্ম নিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ হিচাপেও অভিহিত কৰে।

মাননীয় প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পাছতে, বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ১৩ মেৰপৰা ১৭ মে, ২০২০ লৈ এলানি সংবাদমেলৰ জৰিয়তে আত্ম নিৰ্ভৰ ভাৰত পেকেজৰ সবিশেষ সদৰী কৰে।

আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অধীনত অৰ্থনৈতিক পেকেজ সম্পৰ্কীয় ঘোষণাসমূহ বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰণালয়ে ৰূপায়ণৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ অৰ্থনৈতিক পেকেজ ৰূপায়ণৰ নিয়মীয়া পৰ্যালোচনা আৰু নিৰীক্ষণ কৰি আহিছে।

Image

শ্ৰীমতী নিৰ্মলা সীতাৰমণে কৰা শেহতীয়া পৰ্যালোচনাত এতিয়ালৈকে তলত উল্লেখ কৰা অগ্ৰগতিসমূহ লাভ কৰা হৈছেঃ

১। ২০০ কোটি টকা পৰ্যন্ত চৰকাৰী নিবিদা সংগ্ৰহত বিশ্বব্যাপী নিবিদাৰ অনুমোদন দিয়া নহয়

স্থানীয় এমএছএমই ক বৃহৎ সকাহ প্ৰদানৰ লক্ষ্যৰে, ব্যয় বিভাগে (Department of Expenditure) বৰ্তমানৰ জেনেৰেল ফাইনেন্সিয়েল ৰুল, ২০১৭ৰ বিধি ১৬১ (iv) আৰু গ্লৱেল টেণ্ডাৰ সম্পৰ্কীয় জিএফআৰ ৰুলৰ সংশোধনী ঘটায়। এতিয়া, কেবিনেট সচিবালয়ৰপৰা পূৰ্বেই অনুমতি লাভ নকৰাকৈ, ২০০ কোটি টকালৈকে নিবিদাৰ অৰ্থে গ্লৱেল টেণ্ডাৰ এনকুৱেৰি (জিটিই) আহ্বান কৰিব পৰা নাযাব।

২।     ঠিকাদাৰসকললৈ সকাহ

বিত্তমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে যে ইপিচি আৰু অৰ্পণ চুক্তিকে সামৰি ৰেলৱে, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয় আৰু চিপিডব্লিউডিৰ লেখীয়া সকলোবোৰ কেন্দ্ৰীয় সংস্থাৰ চুক্তিগত বাধ্যবাধকতাৰ পূৰ্ণতাৰ ম্যাদ ৬ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছে।

এই সংক্ৰান্তত, ব্যয় বিভাগে জাৰি কৰা নিৰ্দেশনাত এইবুলি প্ৰকাশ যে (ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত) ৰ্চ মেজিউৰ ক্লজ (FMC)ৰ আহ্বান মৰ্মে, ঠিকাদাৰ/সুবিধাপ্ৰাপ্ত ব্যক্তি-সংস্থাৰ ওপৰত কোনো ব্যয় বা জৰিমনা নিবিহাকৈয়ে তিনিমাহৰপৰা ছমাহলৈকে ঠিকাৰ ম্যাদ সম্প্ৰসাৰণ কৰিবপৰা যাব। লগতে এই নিৰ্দেশনাও প্ৰদান কৰা হয় যে ঠিকাদাৰ/সুবিধাপ্ৰাপ্ত ব্যক্তি-সংস্থালৈ পাৰ্ফমেঞ্চ চিকিউৰিটীৰ মূল্যৰ ৰিটাৰ্ণ মুঠ কনট্ৰেক্ট মূল্য সাপেক্ষে ধৰা যোগান/সম্পূৰ্ণ হোৱা কনট্ৰেক্ট কামৰ সমানুপাতিক হব লাগিব। একে নিৰ্দেশনা ভিন্ন বিভাগ/মন্ত্ৰণালয়সমূহেও ৰূপায়ণ কৰিব।

৩।    ৰাজ্য চৰকাৰসমূহক সহায়

পূৰ্বে কেতিয়াও নোহোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ধাৰগ্ৰহণৰ সীমা বৃদ্ধিৰ অনুৰোধ মানি লয় আৰু কেৱল ২০২০-২১ ৰ কাৰণে ৰাজ্যসমূহৰ এই হাৰ ৩% ৰপৰা ৫% লৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এই সিদ্ধান্তই ৰাজ্যসমূহক ৪.২৮ লাখ কোটি টকাৰ অতিৰিক্ত সমল যোগান ধৰিব।

Image

লক ডাউনৰ বাবে হোৱা ৰাজহ ঘাটিৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে কঠিন চাপত থকা ৰাজ্য চৰকাৰসমূহলৈ বিত্তীয় অৱস্থাৰ সহায় আগবঢ়োৱাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে, ব্যয় বিভাগে সকলো ৰাজ্য চৰকাৰলৈ নিৰ্দিষ্ট ষ্টেট লেভেল ৰিফৰ্মৰ ৰূপায়ণ সাপেক্ষে ২০২০-২১ ৰ কাৰণে সংশ্লিষ্ট ৰাজ্যৰ অভিক্ষিপ্ত জিএছডিপিৰ ২ শতাংশৰ অতিৰিক্ত ধাৰ লব পাৰিব বুলি পত্ৰযোগে অৱগত কৰে।

৪।     এমএছএমইকে সামৰি ব্যৱসায়ৰ অৰ্থে ৩ লাখ কোটি টকাৰ কলেটাৰেল-ফ্ৰী অটমেটিক লোন

ব্যৱসায়ত সহায় আগবঢ়োৱাৰ উদ্দেশৰে, ২৯ ফেব্ৰুৱাৰী, ২০২০ সাপেক্ষে বকেয়া জমাৰ ২০ শতাংশ অতিৰিক্ত ৱৰ্কিং কেপিটেল ফাইনেন্স টাৰ্ম লোন হিচাপে এটা সুবিধাজনক সুতৰ হাৰত আগবঢ়োৱা হব। ২৫ কোটি টকা পৰ্যন্ত অনাদায় আৰু ১০০ কোটি টকা পৰ্যন্ত টাৰ্ণ অভাৰৰ একাউন্টৰ ক্ষেত্ৰত এই সুবিধা উপলব্ধ হব। এনে ইউনিটসমূহে নিজাকৈ জামিন বা আমানত আগবঢ়াব নালাগে। ৪৫ লাখৰো অধিক এমএছএমইক মুঠ ৩ লাখ কোটি টকাৰ লিকুইডিটি আগবঢ়োৱাৰ জৰিয়তে এই পৰিমাণত ভাৰত চৰকাৰৰদ্বাৰা ১০০% নিশ্চিতি প্ৰদান কৰা হব।

Image

২০.০৫.২০২০ত কেবিনেটৰ অনুমোদন লাভৰ পাছত, এই আঁচনিখনৰ বাবে বিত্তীয় সেৱা বিভাগে ২৩.০৫.২০২০ত কাৰ্যকৰী নীতি-নিৰ্দেশনা জাৰি কৰে। একেদৰে ২৬.০৫.২০২০ত ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গ্যাৰেন্টী স্কিম (ECLGS) পুঁজিৰ পঞ্জীয়ন হয়। চিনাক্ত কৰা ক্ষেত্ৰসমূহত প্ৰায় ডেৰ মাহৰো কম চমু সময়ৰ ভিতৰতে লক্ষ্যণীয় অগ্ৰগতি প্ৰত্যক্ষ কৰা হয়, সমান্তৰালভাৱে এমএছএমইলৈ লোনৰ অনুমোদন তথা প্ৰদান প্ৰক্ৰিয়াও সম্পন্ন হয়। ৯ জুলাই, ২০২০ লৈকে লাভ কৰা অগ্ৰগতিসমূহ তলত উল্লেখ কৰা হলঃ

https://static.pib.gov.in/WriteReadData/userfiles/image/image004YRWC.png

 

৫।     এনবিএফচিৰ কাৰণে ৪৫,০০০ কোটি টকাৰ আংশিক ক্ৰেডিট গ্যাৰেন্টী আঁচনি ২.০

বৰ্তমানে থকা পাৰ্চিয়েল ক্ৰেডিট গ্যাৰেন্টী স্কিম (PCGS) ক পুনৰাই গঠন কৰি তোলা হব আৰু নিম্ন হাৰৰ এনবিএফচি, এইচএফচি আৰু আন মাইক্ৰ ফাইনেঞ্চ ইনষ্টিটিউচন (এমএফআই)এ ধাৰ গ্ৰহণ কৰিব পৰাকৈ সম্প্ৰসাৰণ কৰা হব। ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহলৈয়ো ২০ শতাংশ ফাৰ্ষ্ট লষ্ট চভৰেইন গ্যাৰেন্টী আগবঢ়াব।

পিচিজিএছৰ ২০.০৫.২০২০ত কেবিনেটৰ অনুমোদন লাভৰ পাছত, এই আঁচনিখনৰ বাবে ২০.০৫.২০২০ত কাৰ্যকৰী নীতি-নিৰ্দেশনা জাৰি কৰে। ১৪,০০০ কোটি টকাৰ পৰ্টফলিঅ ক্ৰয়ৰ নিমিত্তে বেংকসমূহক অনুমোদন জনোৱা হয় আৰু ৩ জুলাই, ২০২০ সাপেক্ষে সম্প্ৰতি ৬,০০০ কোটি টকাৰ বাবে অনুমোদন জনোৱা/আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে।

৬।    নাবাৰ্ডৰ জৰিয়তে কৃষকলৈ ৩০,০০০ কোটি টকাৰ অতিৰিক্ত জৰুৰীকালীন ৱৰ্কিং কেপিটেল ফাণ্ডিং

ভিড-১৯ৰ সময়ছোৱাত আৰআৰবি আৰু সমবায় বেংকসমূহলৈ নাবাৰ্ডৰদ্বাৰা ৩০,০০০ কোটি টকাৰ নতুন ফ্ৰন্ট লডেড বিশেষ ৰিফাইনেন্স সুবিধাত অনুমোদন জনোৱা যায়। এই বিশেষ সুবিধাই শস্য চপোৱাৰ পৰৱৰ্তী সময় আৰু খাৰিফ শস্যৰ গুটি সিঁচাৰ সময়ত প্ৰয়োজনীয় আহিলা সংগ্ৰহৰ ক্ষেত্ৰত অতিশয় ক্ষু্দ্ৰ আৰু উপান্ত কৃষককে ধৰি ৩ কোটিৰো অধিক কৃষকক লাভান্বিত কৰিব। সম্প্ৰতি খাৰিফ শস্যৰ গুটি সিঁচা প্ৰক্ৰিয়া পূৰ্ণ গতিত অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই সুবিধাৰ অধীনত ৩০,০০০ কোটি টকাৰ ভিতৰত ০৬.০৭.২০২০ সাপেক্ষে ২৪,৮৭৬.৮৭ কোটি টকা বিতৰণ কৰা হৈছে।

Image

৭।     টিডিএছ/টিচিএছ হাৰ হ্ৰাসৰ জৰিয়তে ৫০,০০০ কোটি টকাৰ লিকুইডিটি

ৰাজহ বিভাগে ১৩.০৫.২০২০ ত প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত আবাসীসকললৈ কৰিবলগীয়া নিৰ্দিষ্ট পৰিশোধৰ কাৰণে টিডিএছ হাৰ হ্ৰাস আৰু ১৪ মে, ২০২০ ৰপৰা ৩১ মাৰ্চ, ২০২১ লৈকে কৰিবলগীয়া লেন-দেনত ২৫% টিচিএছ হাৰ নিৰ্দিষ্ট কৰা বুলি ঘোষণা কৰে।

৮।    প্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহ

৩ জুলাই, ২০২০ ৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ৮ এপ্ৰিল আৰু ৩০ জুনৰ ভিতৰত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ (CBDT)এ ৬২,৩৬১ কোটি টকাৰো অধিক পৰিমাণৰ ২০.৪৪ লাখৰো অধিক ঘটনাৰ ৰিফাণ্ড জাৰি কৰিছে। বাকী থকা ৰিফাণ্ডসমূহৰ নিষ্পত্তিকৰণৰ অৰ্থে যাৱতীয় প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত আছে। বিভাগটোৱে ২৪.৬.২০২০ তাৰিখে জাৰি কৰা অধিসূচনা অনুসৰিও, ২০১৯-২০ বিত্তীয় বৰ্ষ (মূল্যায়ন বছৰ ২০২০-২১)ৰ কাৰণে আয়-কৰ ৰিটাৰ্ণৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২০ (ব্যক্তি ইত্যাদিসমূহৰ কাৰণে) আৰু ৩১ অক্টোবৰ, ২০২০ (কোম্পানী ইত্যাদিসমূহৰ কাৰণে)ৰপৰা ৩০ নৱেম্বৰ, ২০২০ লৈ সম্প্ৰসাৰণ কৰে। তদুপৰি, কৰ পৰীক্ষণৰ প্ৰতিবেদন দাখিলৰ সময়সীমাও ৩০ ছেপ্টেম্বৰ, ২০২০ৰ পৰা ৩১ অক্টোবৰ, ২০২০ লৈ সম্প্ৰসাৰণ কৰা হয়।

Image

Image

ৰাজহ বিভাগে সীমাবদ্ধতাৰ কাৰণে বাধাগ্ৰস্ত মূল্যায়ণৰ কাৰণে বেৰিং ডেটৰ সময়সীমা ৩০ ছেপ্টেম্বৰ, ২০২০ ৰপৰা ৩১ মাৰ্চ, ২০২১ লৈ বৃদ্ধি কৰে। ইয়াৰ অৰ্থে, ২৪.৬.২০২০ তাৰিখে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত, বিভাগটোৱে কৈছিল যে বিবাদ সে বিশ্বাস আঁচনিৰ অধীনত অতিৰিক্ত ধন অবিহনে পৰিশোধ প্ৰক্ৰিয়া ৩১ ডিচেম্বৰ, ২০২০লৈকে সম্প্ৰসাৰণ কৰা হৈছে আৰু এই সময়ছোৱাৰ ভিতৰত উক্ত ব্যৱস্থাৰ কাৰণেই বিবাদ সে বিশ্বাস আইন, ২০২০ (VsV Act)ৰ আইনী সংশোধনী অপসাৰণ কৰা যাব। তদুপৰি, একেখন অধিসূচনাৰ জৰিয়তেই, VsV আইনৰ অধীনত উল্লেখিত ২০ মাৰ্চ, ২০২০ ৰপৰা ৩০ ডিচেম্বৰ, ২০২০ ভিতৰত পৰা সমাপ্তিৰ তাৰিখ ৩১ ডিচেম্বৰ, ২০২০ লৈ সম্প্ৰসাৰণ কৰা হৈছে।

৯।     আইবিচি সম্পৰ্কীয় ব্যৱস্থাৰ জৰিয়তে সহজসাধ্য ব্যৱসায়ৰ পৰৱৰ্তী সম্প্ৰসাৰণ

আইবিচি, ২০১৬ ৰ ৪ নং দফাৰ অধীনত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰণালয়ে অক্ষমতাৰ সীমা (threshold of default) ১ কোটি টকা (বৰ্তমানে থকা ১ লাখ টকাৰ সীমাৰ পৰা)লৈ বৃদ্ধি কৰে অৰ্থাৎ ২৪.৬.২০২০ ত জাৰি কৰা অধিসূচনাত এইবুলি উল্লেখ অৰ্থশূন্যতা আৰু দেউলিয়া নিয়মাৱলী, ২০১৬ (২০১৬ৰ ৩১)ৰ ৪ নং দফাৰ অধীনত ক্ষমতা প্ৰয়োগৰে, কেন্দ্ৰীয় চৰকাৰখনে ইয়াৰদ্বাৰা উল্লেখিত দফাৰ উদ্দেশ্যৰে অক্ষমতাৰ ন্যূনতম পৰিমাণ ১ কোটি টকা নিৰ্ধাৰণ কৰে।

এমএছএমইক সহায় কৰিবলৈকে উল্লেখিত নিয়মাৱলীৰ ২৪০ এ দফাৰ অধীনত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰণালয়ে এটা বিশেষ অৰ্থশূন্যতা প্ৰস্তাৱ নিৰ্ধাৰণ কৰে। এই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা আগবঢ়োৱা হব।

অৰ্থশূন্যতা আৰু দেউলিয়া নিয়মাৱলী (সংশোধনী) অধ্যাদেশ, ২০২০ ক ৫ জুন, ২০২০ ত ঘোষণা কৰা হয় যাৰ জৰিয়তে অৰ্থশূন্যতা আৰু দেউলিয়া নিয়মাৱলী ২০১৬ ৰ ১০এ দফাৰ প্ৰৱৰ্তন কৰা হয়। যাৰ জৰিয়তে ছয় মাহ বা এনে পৰৱৰ্তী সময়ৰ কাৰণে, অৱশ্যে এনে তাৰিখৰপৰা এবছৰৰ অধিক নহয়, নিয়মাৱলীখনৰ ৭, ৯ আৰু ১০ নং দফাৰ অধীনত কৰ্পৰেট ইনচলভেন্সী ৰিজলুচন প্ৰচেচ (CIRP)ৰ অস্থায়ীভাৱে স্থগিতকৰণ আৰম্ভ হয়।

  1. ১০।   এনবিএফচি/এইচএফচি/এমএফআইৰ অৰ্থে ৩০,০০০ কোটি টকাৰ বিশেষ লিকুইডিটি আঁচনি

এনবিএফচি/এইচএফচিৰ অৰ্থে বিশেষ লিকুইডিটি আঁচনিত কেবিনেটে অনুমোদন জনোৱাৰ পাছত, এই আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিখন সন্দৰ্ভত আৰবিআয়ে নিজাকৈ ১ জুলাই, ২০২০ ত এনবিএফচি আৰু এইচএফচিলৈ জননীও জাৰি কৰে। ৭ জুলাই, ২০২০ লৈকে SBICAP এ প্ৰায় ৯,৮৭৫ কোটি টকাৰ অনুৰোধৰে ২৪ খন আবেদন লাভ কৰিছে আৰু এইসমূহৰ কাৰ্যকৰী কৰি তোলাৰ প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে। অৱশ্যে এই সংক্ৰান্তত লাভ কৰা প্ৰথমখন আবেদনত ইতিমধ্যে অনুমোদন জনোৱা হৈছে আৰু পৰৱৰ্তী কামসমূহ বাকী আছে।

****

RM/KMN/SB



(Release ID: 1638226) Visitor Counter : 388