স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যা ১.৭৫গুণ অধিক

আৰোগ্য আৰু আক্ৰন্তৰ ৰোগীৰ মাজৰ ব্যৱধানে অতিক্ৰম কৰিলে ২লাখৰ ঘৰ

আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ উন্নীত হ’ল ৬২.০৯শতাংশলৈ

Posted On: 09 JUL 2020 6:20PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে লাভ কৰা সাফল্যৰ আন এক নিদৰ্শন দাঙি ধৰি আজি দেশৰ আৰোগ্য আৰু আক্ৰন্তৰ ৰোগীৰ মাজৰ ব্যৱধানে অতিক্ৰম কৰিলে ২লাখৰ ঘৰআজিৰ তাৰিখত এই সংখ্যা হৈছেগৈ ২,০৬,৫৮৮গৰাকী। আৰোগ্য লাভ কৰা সকলৰ সংখ্যা আক্ৰান্তৰ সংখ্যা ১.৭৫(প্ৰায় দুগুণ)গুণলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, বিগত ২৪ঘণ্টাত ১৯,৫৪৭গৰাকী কভিড আক্ৰন্তই আৰোগ্য লাভ কৰিছে। ইয়াকে ধৰি দেশত আৰোগ্য লাভ কৰা কভিড আক্ৰান্তৰমুঠ সংখ্যা আজি ৪,৭৬,৩৭৭লৈ বৃদ্ধি পালে। সতৰ্ক নিৰীক্ষণ, আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহোতাসকলৰ ঘৰে ঘৰে গৈ অনুসন্ধানচলোৱা, অবিলম্ব নিৰ্ণয়, ক্ষীপ্ৰ আচুতীয়াকৰণৰ দৰে কাৰ্যপন্থা অৱলম্বনেৰে গ্ৰহণ কৰা তত্পৰতাৰ সুবাদতে এনে সুফল লাভ কৰিব পৰা গৈছে।

শেহতীয়া ভাবে দেশত মুঠ ২,৬৯,৭৮৯গৰাকী কভিড আক্ৰন্তলোক চিকিত্সাধীন হৈ আছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001E01V.jpg

 

ভাৰতত আৰোগ্য লাভৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আজিৰ তাৰিখত আৰোগ্য লাভৰ শতকৰা হাৰ হৈছেগৈ ৬২.০৯শতাংশ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002ZEYU.jpg

আন দেশৰ তুলনাত ভাৰতত প্ৰতি লাখ মানুহৰ মাজত কভিড আক্ৰন্তৰ সংখ্যা ১৯৫.৫বুলি ঠাৱৰ কৰা হৈছে। আজিৰ তাৰিখতো এই সংখ্যা পৃথিৱীৰ ভিতৰতে ন্যূনতম বুলি চিহ্নিত হৈছে। সেইদৰে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে কভিড আক্ৰান্তৰ মৃত্যুৰ গড় ১৫.৩১, অৰ্থাত্ শতকৰা হাৰ হল ২.৭৫শতাংশ। পিচে, আজিৰ তাৰিখত ইয়াৰগোলকীয় হাৰ হল ৬৮.৭শতাংশ।

যোৱা ২৪ ঘণ্টাত মুঠ ২,৬৭,০৬১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াকে ধৰি এই পৰ্যন্ত দেশত মুঠ ১,০৭,৪০,৮৩২টা নমুনা পৰীক্ষা কৰা হৈছে।

আজিৰ তাৰিখত দেশত ১১৩২টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ৮০৫টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ৩২৭টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ-৬০৩টা(চৰকাৰী-৩৭৩টা+ব্যক্তিগত খণ্ডত-২৩০টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৪৩৫টা(চৰকাৰী-৪০০টা+ব্যক্তিগত-৩৫টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ-৯৪টা (চৰকাৰী-৩৩টা+ব্যক্তিগত-৬১টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

****

MV/SG/KB



(Release ID: 1637762) Visitor Counter : 141