প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ইণ্ডিয়া গ্ল’বেল উইক, ২০২০ত উদ্বোধনী ভাষণ আগবঢ়াব

৩০খন দেশৰ ৫,০০০ অংশগ্ৰহণকাৰীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 JUL 2020 5:40PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী কাইলৈ ইণ্ডিয়া গ্ল’বেল উইক ২০২০ৰ প্ৰথম দিনা উদ্বোধনী ভাষণ আগবঢ়াব৷ তিনিদিনীয়া এই অনলাইন সন্মিলনৰ বিষয় হ’লবি দ্য ৰিভাইভেলঃ ইণ্ডিয়া এণ্ড বেটাৰ নিউ ৱর্ল্ড ইণ্ডিয়া গ্ল’বেল উইক, ২০২০ত বিশ্বৰ ৩০খন দেশৰ হাজাৰ অংশগ্ৰহণকাৰীৰ সন্মুখত ৭৫সংখ্যক অধিৱেশনত ২৫০গৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়াব৷

এই অনুষ্ঠানত বক্তব্য আগবঢ়াব লগীয়া বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ, ৰে’ল আৰু শিল্প তথা বাণিজ্য মন্ত্রী শ্রী পীযুষ গোৱেল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্রী জি চি মুর্মু, ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা সদগুৰু আধ্যাত্মিক নেতা শ্রী শ্রী ৰবিশংকৰ, ব্রিটেইনৰ বিদেশমন্ত্রী ড’মিনিক ৰাব, ব্রিটেইনৰ গৃহ সচিব প্রীতি পেটেল আৰু ভাৰতত নিযুক্ত মার্কিন ৰাষ্ট্ৰদূত কেন জাষ্টৰ উল্লেখযোগ্য৷

অনুষ্ঠানত মধু নটৰাজআত্মনির্ভৰ ভাৰতশীৰ্ষক বিষয়ৰ ওপৰত এক সুন্দৰ উপস্থাপন আগবঢ়াব৷ বিখ্যাত চেতাৰ বাদক পণ্ডিত ৰবিশংকৰৰ জন্ম শতবাৰ্ষিকী তেওঁ তিনি প্ৰতিষ্ঠিত ছাত্ৰই এক সংগীতানুষ্ঠানৰ মাধ্যমেৰে তেওঁৰ শ্ৰদ্ধা জ্ঞাপন কৰিব৷

*****

VRRK/SH/DB



(Release ID: 1637617) Visitor Counter : 133