কেবিনেট

অৰিয়েণ্টেল ইনছিউৰেন্স কোম্পানী লিমিটেড, নেচনেল ইনছিউৰেন্স কোম্পানী লিমিটেড আৰু ইউনাইটেড ইণ্ডিয়া ইনছিউৰেন্স কোম্পানী লিমিটেডকে ধৰি তিনিটা ৰাজহুৱা খণ্ডৰ বীমা উদ্যোগৰ মূলধনৰ একত্ৰীকৰণত কেবিনেটৰ অনুমোদন

Posted On: 08 JUL 2020 4:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি অৰিয়েণ্টেল ইনছিউৰেন্স কোম্পানী লিমিটেড, নেচনেল ইনছিউৰেন্স কোম্পানী লিমিটেড আৰু ইউনাইটেড ইণ্ডিয়া ইনছিউৰেন্স কোম্পানী লিমিটেডকে ধৰি তিনিটা ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীৰ মুঠ ১২,৪৫০ কোটি টকাৰ মূলধনৰ একত্ৰীকৰণত অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰে ৩,৪৭৫ কোটি টকা তৎকালীনভাৱে মুকলি কৰি দিয়া হ’ব৷ বাকী থকা ৬৪৭৫ কোটি টকাৰ বেলেঞ্চ পিছলৈ একত্ৰীকৰণ কৰা হ’ব৷ কেবিনেটে এনআইচিএলৰ ৭৫০০ কোটি টকা, ইউআইআইচিএএল আৰু অ’আইচিএলৰ বাবে ৫০০০ কোটি টকাৰ অনুমোদিত শ্বেয়াৰ মূলধন বৃদ্ধিৰ বাবেও অনুমোদন প্ৰদান কৰিছে৷

প্ৰভাৱঃ

মূলধনৰ একত্ৰীকৰণৰ দ্বাৰা তিনিওটা বীমা উদ্যোগে তেওঁলোকৰ বিত্তীয় আৰু দেউলীয়া অৱস্থাৰ উন্নতি সাধিব পাৰিব৷

গতি সন্মুখলৈঃ

যোগান ধৰা মূলধনৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে চৰকাৰে এক বিশদ নিৰ্দেশনাৱলী জাৰি কৰিছে৷

*****

VRRK/SH/MANN



(Release ID: 1637487) Visitor Counter : 150