স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ হাৰ বিশ্বৰ ভিতৰতে নিম্নতম প্ৰায় ৪.৪লাখ লোক আৰোগ্য, আক্ৰান্ত হৈ থকাতকৈ আৰোগ্যৰ ব্যৱধান ১.৮লাখতকৈ অধিক হৈছে

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৬১% অতিক্ৰম

Posted On: 07 JUL 2020 2:26PM by PIB Guwahati

বিশ্ব স্বাস্থ্য সংস্থাই ৬জুলাই, ২০২০ত প্ৰকাশ কৰা ১৬৮সংখ্যক প্ৰতিবেদন মতে প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ হাৰ বিশ্বৰ ভিতৰতে নিম্নতম৷ ভাৰতৰ প্ৰতি ১০লাখ জনসংখ্যাৰ ভিতৰত ৫০৫.৩৭জনৰ বিপৰীতে বিশ্বৰ হাৰ হৈছে ১৪৫৩.২৫জন৷

প্ৰতি ১০লাখ জনসংখ্যাৰ ভিতৰত চিলিত ১৫,৪৫৯.৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে পেৰু, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, স্পেইনত ক্ৰমে ৯০৭০.৮, ৮৫৬০.৫, ৭৪১৯.১ আৰু ৫৩৫৮.৭জন আক্ৰান্ত হৈছে৷

একেদৰে হুৰ প্ৰতিবেদনত ভাৰতত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে মৃত্যুৰ হাৰো সৰ্বনিম্ন হৈছে৷ ভাৰতত প্ৰতি ১০লাখ জনসংখ্যাৰ বিপৰীতে ১৪.২৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বিশ্বৰ হাৰ ভাৰতৰ তুলনাত চাৰিগুনতকৈও অধিক ৬৮.২৯ হৈছে৷

ব্ৰিটেইনত প্ৰতি ১০লাখত সৰ্বাধিক ৫৬১.৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে স্পেইন, ইটালী, ফ্ৰান্স আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত এই হাৰ ক্ৰমে ৬০৭.১, ৫৭৬.৬, ৪৫৬.৭ আৰু ৩৯১.০ হৈছে৷

ভাৰতে ক’ভিড-১৯ৰ বাবে উপযুক্ত চিকিসা ব্যৱস্থাপনা কৰিবলৈ সক্ষম হৈছে৷ ৭ জুলাই, ২০২০লৈকে ভাৰতত ১২০১খন সমৰ্পিত ক’ভিড হাস্পতাল, ২৬১১খন সমৰ্পিত ক’ভিড হেল্থকেয়াৰ আৰু ৯৯০৯টা ক’ভিড কেয়াৰ চেণ্টাৰ ব্যৱস্থা কৰিছে৷ সময়মতে চিনাক্তকৰণ কৰিব পৰাকৈ কৰা ব্যৱস্থাপনাই ভাৰত আৰোগ্যৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ কম কৰাত সহায় কৰিছে৷

বিগত ২৪ ঘণ্টাত ১৫,৫১৫গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৪,৩৯,৯৪৭গৰাকী লোক আৰোগ্য হৈছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ ফলস্বৰূপে দেশত এই ৰোগত বৰ্তমান আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যাতকৈ প্ৰায় ১,৮০,৩৯০গৰাকী লোক আৰোগ্য হৈছে৷ বৰ্তমানলৈকে আৰোগ্যৰ হাৰ ৬১.১৩% হৈছে৷

বৰ্তমান চিকিসকৰ নিৰীক্ষণত ২,৫৯,৫৫৭গৰাকী লোক আক্ৰান্ত অৱস্থাত আছে৷

দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ২,৪১,৪৩০টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ১,০২,১১,০৯২টা নমুনা পৰীক্ষা কৰা গৈছে।

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰা হৈছে৷ ৭৯৩টা চৰকাৰী আৰু ৩২২টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১১১৫টা পৰীক্ষাগাৰ দেশ আছে৷ ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৯৮(চৰকাৰীঃ৩৭২+ব্যক্তিগতঃ২২৬)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪২৩(চৰকাৰীঃ৩৮৮+ব্যক্তিগতঃ৩৫)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৯৪(চৰকাৰীঃ৩৩+ব্যক্তিগতঃ৬১)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1637220) Visitor Counter : 162