PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 JUL 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ ক’ভিড গৱেষণাগাৰৰ মুঠ সংখ্যাই ১১০০ৰ সীমা অতিক্ৰম কৰিছে; ৪.২৪ লক্ষাধিক লোকে আৰোগ্য লাভ কৰিছে, সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ১.৭ লাখ অধিক হৈছে; ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হ’ল ৬০.৮৬%

ক’ভিড-১৯ পৰীক্ষণৰ সংখ্যাই ১০ মিলিয়ন (১ কোটি)ৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩,৪৬,৪৫৯টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ১,০১,৩৫,৫২৫ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ আজিৰ তাৰিখ পৰ্যন্ত সমগ্ৰ দেশতে ১১০৫টা লেব ক’ভিড পৰীক্ষণৰ বাবে কাৰ্যক্ৰম হৈ আছে৷ বিগত ২৪ ঘণ্টাত ১৫,৩৫০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ২,৫৩,২৮৭ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে৷

অধিক বিৱৰণৰ বাবে

 

সমগ্ৰ দেশতে ক’ভিডৰ পজিটিভিটী হাৰ হ’ল ৬.৭৩% আৰু বহু ৰাজ্যই নিম্ন পজিটিভিটী হাৰ প্ৰদৰ্শিত কৰিছে;

কেন্দ্ৰীয় চৰকাৰে পৰীক্ষণৰ হাৰ, সময়মতে চিকিৎসা ব্যৱস্থাপনা আদিত গুৰুত্ব বৃদ্ধই কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে পজিটিভিটীৰ হাৰ হৈছে ৬.৭৩%৷ আনহাতে কিছুমান ৰাজ্যই নিম্ন পজিটিভিটী হাৰো প্ৰদৰ্শিত কৰিছে৷ দিল্লীত বিগত তিনি সপ্তাহত পজিটিভিটীৰ হাৰ ৩০%ৰ পৰা ১০%লৈ হ্ৰাস হৈছে৷

অধিক বিৱৰণৰ বাবে

খাৰিফ শস্যৰ সময়ত সমগ্ৰ দেশতে সাৰৰ কোনো অভাৱ হোৱা নাইঃ শ্ৰী গৌড়া

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে চলিত খাৰিফ শস্যৰ সময়ছোৱাত সমগ্ৰ দেশতে সাৰৰ কোনো ধৰণৰ অভাৱ হোৱা নাই৷ এই সময়ছোৱাত সাৰৰ ডিবিটি বিক্ৰীৰ পৰিমাণ বৃদ্ধি পাইছে৷

অধিক বিৱৰণ বাবে

বিশ্ব বেংক আৰু ভাৰত চৰকাৰে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ বাবে জৰুৰীকালীন সমাধান কাৰ্যসূচীৰ উদ্দেশ্যে ৭৫০ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে

বিশ্ব বেংক আৰু ভাৰত চৰকাৰে আজি এমএছএমই জৰুৰীকালীন সমাধান কাৰ্যসূচীৰ সমৰ্থনৰ বাবে ৭৫০ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰিত কৰিছে৷  ইয়াৰ দ্বাৰা ১.৫ মিলিয়ন এমএছএমই উপকৃত হোৱাৰ সম্ভাৱনা আছে৷

অধিক বিৱৰণৰ বাবে

NATMOই প্ৰকাশ কৰিলে ক’ভিড-১৯ ডেশ্বব’ৰ্ডৰ ৪ৰ্থতম শেহতীয়া সংস্কৰণ

নেচনেল এটলাছ এণ্ড থীমেটিক মেপিং অৰ্গনাইজেছনে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত ক’ভিড-১৯ ডেশ্বব’ৰ্ডৰ চতুৰ্থতম শেহতীয়া সংস্কৰণ মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ মুঠ ২,২২৮ ৰোগীয়ে বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্ন জিলাত ১,৭৭,৯৯৫ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১১,১৫১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৮৬০ জন৷ ১৫১০ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩,৪৭৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,২৫১ জন৷ ৩৭২ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,০১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮৬০ জন, মুকলি কৰি দিয়া হৈছে ৮৯২০ জনক৷ মৃত্যু হৈছে ২৩৯ জনৰ৷
  • তেলেংগানাঃ  কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩৯০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৯০৪ জনৰ মৃত্যু হৈছে৷ ১২৭০৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,০৬,৬১৯ জন৷ বিগত ২৪ ঘণ্টাত ৬,৫৫৫ জন ৰোগীয়ে নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬,১২৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮২৭৮ জন আৰু ২৫,৯০০ জনে আৰোগ্য লাভ কৰিছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,১৬৪ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,৯৩০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯১১ জন৷ ১১,৪১১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২০৭ জন৷ ৬১৫ জন সক্ৰিয় ৰোগী ৰাজ্যখনত আছে৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭৬১ জন৷ ৯৩৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮১৮ জন৷
  • অৰুণাচল প্ৰদেশঃ মুঠ ২৬,৮০৮ টা নমুনা সংগ্ৰহ কৰা হৈছে আৰু ১২,৯২৫ টা আৰটি পিচিআৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷
  • অসমঃ ৰাজ্যিক স্বাস্থ্য বিভাগে ৭ জুলাই ২০২০ তাৰিখৰ পৰা গুৱাহাটী পৌৰ নিগমৰ অধীনত পাণ্ডু এলেকাৰ ২ নং ৱাৰ্ডত ঘৰে ঘৰে ক’ভিড-১৯ৰ পৰীক্ষণ আৰম্ভ কৰিব৷
  • মেঘালয়ঃ অসমৰ পৰা অহা আৰু এজন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯ জন আৰু আৰোগ্য লাভ কৰিছে ৪৩ জনে৷
  • মণিপুৰঃ মণিপুৰৰ ৰাজ্যিক স্বাস্থ্য অভিযানে ৮৭৮৭৪৫৭০৩৫, ৯৪০২৭৫১৩৬৪  এই নম্বৰ দুটাত টেলিফোনিক সহায়ৰ বাবে চৌবিশ ঘণ্টাই কাৰ্যক্ষম বুলি ঘোষণা কৰিছে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৫৮ জন৷ আৰোগ্য লাভ কৰিছে ১৩৩ জনে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯১ জন৷



(Release ID: 1636898) Visitor Counter : 193