স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ৰাষ্ট্ৰীয় ক’ভিড পজিটিভিটি হাৰ ৬.৭৩% ৰ সমান্তৰালভাৱে বহু ৰাজ্যৰ নিম্ন পজিটিভিটি হাৰ

পজিটিভিটি হাৰ হ্ৰাসৰে কেন্দ্ৰৰ তৎপৰতাত দিল্লীত পৰীক্ষণৰ লক্ষ্যণীয় বৃদ্ধি

Posted On: 06 JUL 2020 2:53PM by PIB Guwahati

দেশত কভিড-১৯ মহামাৰীৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে যুটীয়া সমন্বিত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এই সমন্বিত প্ৰচেষ্টাৰ অংশস্বৰূপে, কেন্দ্ৰীয় চৰকাৰে পৰীক্ষণ বৃদ্ধি, ক্ষীপ্ৰ সংযোগ অনুসৰণ আৰু আক্ৰান্তসকলৰ সময়োচিত ক্লিনিকেল ব্যৱস্থাপনাত গুৰুত্ব প্ৰদান কৰিছে। এই প্ৰচেষ্টাই ৰাজ্যসমূহকো লক্ষ্যণীয়ভাৱে পৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰাত সহায় কৰিছে।

ইয়াৰ ফলশ্ৰুতিত দেশত পজিটিভিটি হ্ৰাস হৈছে। সম্প্ৰতি ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ হৈছে ৬.৭৩%

৫ জুলাই, ২০২০ অনুসৰি, ৰাষ্ট্ৰীয় গড়তকৈ পজিটিভিটি হাৰ নিম্ন আৰু ৰাষ্ট্ৰীয় গড়তকৈয়ে প্ৰতি মিলিয়নত পৰীক্ষণৰ হাৰ উচ্চ ৰাজ্যসমূহ হৈছেঃ

Serial No.

State

Positivity rate (in %)

Tests per million

1

ভাৰত (ৰাষ্ট্ৰীয়)

6.73

6,859

2

পুডুচেৰী

5.55

12,592

3

চণ্ডীগড়

4.36

9,090

4

অসম

2.84

9,987

5

ত্ৰিপুৰা

2.72

10,941

6

কৰ্ণাটক

2.64

9,803

7

ৰাজস্থান

2.51

10,445

8

গোৱা

2.5

44,129

9

পঞ্জাৱ

1.92

10,257

 

দিল্লীত, পৰীক্ষণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ইয়াৰ চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা উল্লেখযোগ্যভাৱে গতি প্ৰদান কৰা হয়। RT-PCR টেষ্টিং বৃদ্ধিৰ জৰিয়তে পৰীক্ষণৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে নতুন ৰেপিড এন্টিজেন পইন্ট-অৱ-কেয়াৰ (POC) টেষ্টৰ জৰিয়তেও পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে এই পৰীক্ষণ পদ্ধতিৰে মাত্ৰ ৩০ মিনিটতে ফলাফল লাভ কৰিব পাৰি।

পৰীক্ষণ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা সন্মিলিত আৰু দৃষ্টি নিবদ্ধ প্ৰচেষ্টাৰ ফলত, ১-৫ জুন, ২০২০ত প্ৰতিদিনে কৰা নমুনা পৰীক্ষাৰ গড় মাত্ৰ ৫৪৮১ হোৱাৰ বিপৰীতে ১ৰপৰা ৫ জুলাই, ২০২০ লৈ প্ৰতিদিনে নমুনা পৰীক্ষাৰ গড় ১৮,৭৬৬ লৈ লক্ষ্যণীয়ভাৱে বৃদ্ধি হয়। দিল্লীত পৰীক্ষণৰ পৰিমাণ লক্ষ্যণীয়ভাৱে বৃদ্ধি হোৱা সত্বেও, যোৱা তিনিটা সপ্তাহত পজিটিভিটি হাৰ ৩০%ৰপৰা ১০% লৈহে হ্ৰাস পাইছে।

****

MV/SG/SB



(Release ID: 1636888) Visitor Counter : 150