PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 JUL 2020 6:19PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ আৰোগ্য হোৱা ৰোগীৰ সংখ্যাই ৪ লাখৰ সীমা অতিক্ৰম কৰিছে; আৰোগ্য হোৱাৰ লোকৰ সংখ্যাই সক্ৰিয় ৰোগীতকৈ ১.৬৫ লাখৰ ব্যৱধানৰ সীমা স্পৰ্শ কৰিছে

আজি পৰ্যন্ত ক’ভিড-১৯ৰ পৰা আৰোগ্য পোৱা ৰোগীৰ সংখ্যা হ’ল ৪,০৯,০৮২ জন৷ বিগত ২৪ ঘণ্টাত ১৪,৮৫৬ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১,৬৪,২৬৮ জন বৃদ্ধি পাইছে৷ সৰ্বভাৰতীয় স্তৰত ৰোগৰ আৰোগ্য হাৰ হ’ল ৬০.৭৭%৷ ২,৪৪,৮১৪ জন সক্ৰিয় ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে দিল্লীৰ চৰ্দাৰ বল্লভ ভাই পেটেল ক’ভিড হাস্পতাল পৰিদৰ্শন কৰে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী হৰ্ষ ৱৰ্ধনৰ সৈতে দিল্লীৰ ১০০০খন বিচনাযুক্ত তথা ২৫০টা ইনটেনছিভ কেয়াৰযুক্ত চৰ্দাৰ বল্লভ ভাই পেটেল ক’ভিড হাস্পতাল পৰিদৰ্শন কৰে৷ এই হাস্পতালখন ১২ দিনত নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ৰাজস্থানত আশাঃ কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নিঃস্বাৰ্থবিহীনভাৱে নামি পৰিছে আশা কৰ্মীসকল

ৰাজস্থানত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আশা কৰ্মীসকলে দিনে নিশাই নামি পৰিছে৷ আশা কৰ্মীসকলৰ সক্ৰিয়তাৰ ফলতেই তেওঁলোকে প্ৰায় ৩৯ কোটি টা পৰিয়ালৰ সৰ্বেক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷

অধিক বিৱৰণৰ বাবে

উপ ৰাষ্ট্ৰপতিয়ে প্ৰতিজন ভাৰতীয়ক আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণ গ্ৰহণ কৰি ‘থলুৱা’ ভাৰতক ‘বিশ্বজনীন’ ভাৰতলৈ পৰিৱৰ্তিত কৰাৰ বাবে আহ্বান জনাইছে

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে প্ৰতিজন ভাৰতীয়ক উদ্ভাৱন আৰু উদ্যমিতাৰ পৰিৱেশ তন্ত্ৰ গঢ়ি আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণেৰে দীক্ষিত হৈ ‘থলুৱা’ ভাৰতক ‘বিশ্বজনীন’ ভাৰতলৈ পৰিৱৰ্তিত কৰাৰ বাবে আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ঘৰলৈ উভতি অহা প্ৰব্ৰজকসকলক জীৱিকাৰ সুবিধা প্ৰদানৰ বাবে ঘৰে ঘৰে পানী নলৰ সংযোগ প্ৰদানৰ কাম প্ৰদান কৰা হৈছে

সমগ্ৰ বিশ্বই ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজি থকাৰ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ দিশত ধাৱমান হৈছে৷ এই পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ লোকসকলক জীৱিকা প্ৰদানৰ সুযোগ প্ৰদান কৰাৰ লগতে গ্ৰামীণ অৰ্থনীতিৰো উন্নীতকৰণ কৰাৰ দিহা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ দিশত বিশ্বত ধাৱমান থলুৱাভাৱে নিৰ্মিত ভাৰতীয় ক’ভিড-১৯ প্ৰতিষেধক

ভাৰত বায়’টেকৰ ক’ভাক্সিন আৰু জাইডাছ কেডিলাৰ জাইক’ভ-ডি প্ৰতিষেধকৰ ঘোষণাৰ সৈতে ক’ভিড-১৯ ৰোগৰ ক্ষেত্ৰত থকা নিৰাশাৰ কলীয়া ডাৱৰ যেন আঁতৰি গৈছে৷  এই প্ৰতিষেধক এতিয়া মানৱ দেহত প্ৰয়োগ কৰিবলৈ চিডিএছচিঅ’য়ে অনুমতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে আনুষ্ঠানিক কোৱাৰেণ্টিন ৭ দিন আৰু ঘৰৰ কোৱাৰেণ্টিন ৭ দিন ধাৰ্য কৰা হৈছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ স্বত্বেও এতিয়া ঔদ্যোগিক আৰু বাণিজ্যিক গতিবিধিসমূহ স্বাভাৱিক হৈছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে জিলা উপায়ুক্ত আৰু ব্ল’ক উন্নয়ন বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ নামৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷
  • কেৰালাঃ বৰ্তমানে ২,১২৯ জন ৰোগীয়ে চিকিৎসা লাভ কৰি থকাৰ বিপৰীতে ১.৭৭ লাখতকৈও অধিক লোকে বিভিন্ন জিলাত কোৱাৰেণ্টিন হৈ আছে৷
  • তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪৯৫৬, মৃত্যুৰ সংখ্যা হ’ল ১৪৫০ জন৷ ৬০৫৯২ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১,৫৪৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৯৬৬ জন৷ মৃত্যু হৈছে ৩৩৫ জনৰ৷ ৯২৪৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,৬৯৭ জন৷ সক্ৰিয় ৰোগী সংখ্যা হ’ল ১০,০৪৩ জন৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২২৩১২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৪৮৭ জন, মৃত্যু হৈছে ২৮৮ জনৰ৷ ১১৫৩৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনৰ মুখ্য সচিবে কয় যে সন্মুখৰ শাৰীৰ যোদ্ধাসকলক লকডাউনৰ সাত দিনৰ ভিতৰত পৰীক্ষা কৰি তেওঁলোকৰ শৰীৰত ক’ভিড-১৯ৰ অৱস্থিতি সম্পৰ্কে নিশ্চিত কৰা হ’ব৷   
  • অসমঃ আগন্তুক কেইটামান দিনৰ ভিতৰতেই অসমত ৫ লাখ ক’ভিড-১৯ৰ পৰীক্ষণ সম্পূৰ্ণ হ’ব৷ অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • মণিপুৰঃ আইচিএমআৰৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰে ৫০,০০০ দ্ৰুত পৰীক্ষণ কিট ক্ৰয় কৰাৰ বাবে নিৰ্দেশ দিছে৷
  • মেঘালয়ঃ আজি শ্বিলঙত আন এজন বিএছএফ জোৱান ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷
  • মিজোৰামঃ আজি খাৱজাল জিলা হাস্পতালৰ পৰা দুজন ক’ভিড-১৯ ৰোগৰ পৰা মুক্ত লোকক মুকলি কৰি দিয়া হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ড চৰকাৰে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত প্ৰব্ৰজিত কৰ্মীসকলক খাদ্য আৰু আশ্ৰয় প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যাই দুই লাখৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৭০৭৪ লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৫,৩৯৮ জন৷ বিগত ২৪ ঘণ্টাত ৭১২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৯,৭৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৬৪০ জন৷
  • মধ্য প্ৰদেশঃ মুট ৰোগীৰ সংখ্যা হৈছে ১৪,৬০৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৭৭২ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ৩১৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬২১ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৬৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮২৫ জন৷

 



(Release ID: 1636724) Visitor Counter : 184