স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

৪ লাখৰো অধিকৰ আৰোগ্য লাভ

প্ৰায় ১.৬৫ লাখৰ ব্যৱধানত সক্ৰিয় ঘটনাক অতিক্ৰম আৰোগ্যৰ

Posted On: 05 JUL 2020 1:43PM by PIB Guwahati

’ভিড-১৯ ক দমন আৰু ইয়াৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে ভাৰত চৰকাৰৰ সন্মিলিত আৰু ঐকান্তিক প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিতত আজি ক’ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত আৰোগ্য লাভৰ সংখ্যা ৪,০৯,০৮২ লৈ বৃদ্ধি পায়। যোৱা ২৪ ঘন্টাৰ ভিতৰত, ১৪,৮৫৬ ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰে।

এতিয়ালৈকে, ক’ভিড-১৯ ৰ সক্ৰিয় ঘটনাতকৈ ১,৬৪,২৬৮ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ই ক’ভিড-১৯ত আক্ৰান্তৰ ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৬০.৭৭% লৈ বৃদ্ধি কৰে।

সম্প্ৰতি সক্ৰিয় ঘটনাৰ সংখ্যা ২,৪৪,৮১৪ আৰু এই সকলোবোৰেই সক্ৰিয় চিকিৎসা সংক্ৰান্তীয় তদাৰকী ব্যৱস্থাৰ অধীনত আছে।

ৰাষ্ট্ৰীয় গড়তকৈ ২১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ অধিক। তলত এই তালিকাখন উল্লেখ কৰা হৈছেঃ

 

S. No.

State / UT

Recovery Rate

1

চণ্ডীগড়

85.9%

2

লাডাখ

82.2%

3

উত্তৰাখণ্ড

80.9%

4

চত্তীশগড়

80.6%

5

ৰাজস্থান

80.1%

6

মিজোৰাম

79.3%

7

ত্ৰিপুৰা

77.7%

8

মধ্য প্ৰদেশ

76.9%

9

ঝাৰখণ্ড

74.3%

10

বিহাৰ

74.2%

11

হাৰিয়ানা

74.1%

12

গুজৰাট

71.9%

13

পঞ্জাৱ

70.5%

14

দিল্লী

70.2%

15

মেঘালয়

69.4%

16

উৰিষ্যা

69.0%

17

উত্তৰ প্ৰদেশ

68.4%

18

হিমাচল প্ৰদেশ

67.3%

19

পশ্চিম বংগ

66.7%

20

অসম

62.4%

21

জম্মু আৰু কাশ্মীৰ

62.4%

 

দেশত টেষ্টিং লেবৰ নেটৱৰ্কটোৰ সম্প্ৰসাৰণ অব্যাহত আছে। চৰকাৰী খণ্ডৰ ৭৮৬ টা লেব আৰু ৩১৪ টা ব্যক্তিগত লেবৰে, দেশত প্ৰায় ১১০০ লেব আছে। এইসমূহৰ ভিতৰতঃ

• ৰিয়েল-টাইম আৰটি পিচিআৰ যুক্ত টেষ্টিং লেবঃ ৫৯১ (চৰকাৰীঃ ৩৬৮ + ব্যক্তিগতঃ ২২৩)

• ট্ৰুনাট যুক্ত টেষ্টিং লেবঃ ৪১৭ (চৰকাৰীঃ ৩৮৫ + ব্যক্তিগতঃ ৩২)

• চিবিএনএএটি যুক্ত টেষ্টিং লেবঃ ৯২ (চৰকাৰীঃ ৩৩ + ব্যক্তিগতঃ ৫৯)

’ভিড-১৯ৰ পৰীক্ষণৰ অৰ্থে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ শেহতীয়াভাৱে ভিন্ন ব্যৱস্থাসহ “টেষ্ট, ট্ৰেচ, ট্ৰিট” কাৰ্যপন্থাত লক্ষ্য স্থিৰ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে; যোৱা ২৪ ঘন্টাতো ২,৪৮,৯৩৪ টা নমুনা পৰীক্ষা কৰা হৈছে। আজিৰ তাৰিখত নমুনা পৰীক্ষণৰ মুঠ সংখ্যাটো হৈছে ৯৭,৮৯,০৬৬।

পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে ‘A Guidance Document for General Medical and Specialised Mental Health Care Settings’ মুকলি কৰিছে। এইখন তলত উল্লেখ কৰা লিংকতে উপলব্ধ হ’বঃ

https://www.mohfw.gov.in/pdf/MentalHealthIssuesCOVID19NIMHANS.pdf

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শাৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

’ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ট’ল-ফ্ৰী) ত ফোন কৰিব পাৰে। ক’ভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

****

MV/SG/SB



(Release ID: 1636686) Visitor Counter : 173