স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্যৰ পৰিমাণ প্ৰায় ১.৬লাখ অধিক হৈছে

আৰোগ্যৰ হাৰ ৬০.৮১%

৯৫লাখতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে

Posted On: 04 JUL 2020 5:10PM by PIB Guwahati

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ ফলস্বৰূপে দেশত এই ৰোগত বৰ্তমান আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যাতকৈ প্ৰায় ১,৫৮,৭৯৩ গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ হাৰ ৬০.৮১% হৈছে৷

বিগত ২৪ ঘণ্টাত ১৪,৩৩৫গৰাকী ৰোগীসহ এতিয়ালৈ ৩,৯৪,২২৬গৰাকী ৰোগী আৰোগ্য হৈছে৷

বৰ্তমান চিকিসকৰ নিৰীক্ষণত ২,৩৫,৪৩৩গৰাকী লোক আক্ৰান্ত অৱস্থাত আছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰা হৈছে৷ ৭৮০চৰকাৰী আৰু ৩০৭ ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১০৮৭টা পৰীক্ষাগাৰ দেশ আছে৷ ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৮৪(চৰকাৰীঃ৩৬৬+ব্যক্তিগতঃ২১৮)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪১২(চৰকাৰীঃ৩৮১+ব্যক্তিগতঃ৩১)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৯১(চৰকাৰীঃ৩৩+ব্যক্তিগতঃ৫৮)

‘পৰীক্ষা, চিনাক্ত, চিকিসা’ কৌশল অনুসৰণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ক্ৰমে নমূনা পৰীক্ষাৰ গতি দ্ৰুতগতিত বৃদ্ধি কৰিছে৷ বিগত ২৪ ঘণ্টাত ২,৪২,৩৮৩টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে ৯৫,৪০,১৩২টা নমূনা পৰীক্ষা কৰা হৈছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰা হৈছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সংশোধিত ক’ভিড-১৯ৰ ক্লিনিকেল মেনেজমেণ্ট প্ৰট’কলৰ বিষয়ে এই লিংকত চাব পাৰিবঃ https://www.mohfw.gov.in/pdf/UpdatedClinicalManagementProtocolforCOVID19dated03072020.pdf

সংশোধিত নিৰ্দেশনা চাবলৈ এই লিংকত ক্লিক কৰকঃ https://www.mohfw.gov.in/pdf/RevisedHomeIsolationGuidelines.pdf

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/DB



(Release ID: 1636681) Visitor Counter : 152