প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰগতিৰ সমীক্ষা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 JUL 2020 6:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত ভাৰতত কৃষি গৱেষণা, বিস্তাৰ আৰু শিক্ষাৰ প্ৰগতিৰ সমীক্ষা কৰে। সমীক্ষা বৈঠকত কৃষি, গ্ৰামীণ বিকাশ আৰু পঞ্চায়তী ৰাজ, দুয়োজন কৃষি ৰাজ্য মন্ত্ৰী অন্তৰ্ভুক্ত থাকে। তদুপৰি পিএমঅ'ৰ জ্যেষ্ঠ বিষয়া, কৃষি, পশু পালন আৰু ডেইৰী তথা মৎস্য পালন বিভাগৰ সচিবো উপস্থিত থাকে।

 

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মহা নিৰ্দেশক তথা কৃষি গৱেষণা তথা বিস্তাৰ বিভাগৰ সচিব ডঃ ত্ৰিলোচন মহাপাত্ৰই প্ৰাথমিকতাসমূহ, প্ৰদৰ্শন আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ চলাবলগীয়া প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে। ২০১৪ৰ পৰা বৰ্তমানলৈকে আই চি এ আৰৰ বিভিন্ন কেন্দ্ৰৰ গৱেষণাৰ আধাৰত ক্ষেত্ৰীয় শস্য (১৪৩৪), বাগিছা শস্য (৪৬২) আৰু জলবায়ু আধাৰিত (১১২১) প্ৰজাতিৰ বিকাশ সাধন কৰা হৈছে। বিভিন্ন ধৰণৰ বিপদ সহিবলৈ সক্ষম প্ৰজাতিৰ বিকাশৰ বাবে আনবিক প্ৰজনন টেকনিকৰ ব্যৱহাৰ কৰা হৈছে। ঘেঁহুৰ এইচ ডি ৩২২৬ আৰু বিলাহীৰ আৰ্কএবেড (ArkAbed) ক্ৰমে সাতটা আৰু চাৰিটা বেমাৰৰ বাবে প্ৰতিৰোধী।

 

আৰ্কবিছেছ (ArkVises), আৰ্কআলিছা (ArkAlesha) আৰু আৰ্কয়জি (ArkYoji)ৰ দৰে প্ৰক্ৰিয়াকৰণ গুণৰ সৈতে ব্যৱসায়িক প্ৰক্ৰিয়াকৃত প্ৰজাতিসমূহৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কৃষি জলবায়ু ক্ষেত্ৰৰ বিশেষ আৱশ্যকতাবিলাকৰ ওপৰত মনোনিৱেশ কৰি প্ৰজাতিসমূহৰ বিকাশৰ দিশত কৰা প্ৰয়াসৰ শলাগ লয় আৰু কৃষকৰ বাবে ভাল ৰিটাৰ্ন সুনিশ্চিত কৰাৰ বাবে উৎপাদন আৰু বিপণন সুবিধাৱলীৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

 

কুহিয়াঁৰৰ এটা প্ৰজাতি কৰণ-৪ৰ পৰা চেনীৰ ৰিকভাৰীত বৃদ্ধি হৈছে আৰু এই প্ৰজাতিয়ে উত্তৰ প্ৰদেশত পাৰম্পৰিকভাৱে জন্ম হোৱা প্ৰজাতিৰ স্থান লৈ ল'লে। প্ৰধানমন্ত্ৰীয়ে কুহিয়াঁৰ আৰু অন্য শস্যৰ পৰা বায়' এথানল বৃদ্ধি কৰাৰ কৌশল বিচাৰি উলিওৱাৰ সম্ভাৱনাক আলোকপাত কৰে।

 

'কুপোষন মুক্ত ভাৰত'ক অনুপ্ৰাণিত কৰাৰ প্ৰচেষ্টাত অধিক আইৰন, জিংক আৰু প্ৰোটিন সামগ্ৰীৰে যুক্ত ৭০টা জৈৱ উৰ্বৰক প্ৰজাতি বিকশিত কৰা হৈছে। আইৰন, পটাছিয়াম, ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্টছৰে সম্পন্ন ডালিমৰ এনেকুৱাই এটা প্ৰকাৰ হৈছে ভাগৱা।

 

কৃষি বিজ্ঞান কেন্দ্ৰৰ মাধ্যমত পোষন থালী আৰু পোষন বাগিছাক অনুপ্ৰাণিত কৰা হৈছে। ৭৬টা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৪৫০বিধ মডেল খেতিৰ অংশগ্ৰহণেৰে মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত পাইলট পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে। অংগনৱাড়ী কৰ্মী আৰু গ্ৰামীণ ক্ষেত্ৰৰ মহিলাসকলক সন্তুলিত খোৰাক সুনিশ্চিত কৰাৰ উদ্দেশ্যে পোষন বাগিছা বৃদ্ধি কৰাৰ প্ৰশিক্ষণ দি থকা হৈছে। পোষন থালীত চাউল, স্থানীয় দাইল, মৌচুমী ফল, সেউজীয়া শাক, কন্দ, অন্য পাচলি, গাখীৰ তথা চেনী, গুড় আৰু তেলৰ দৰে অন্য সামগ্ৰী থাকে। ২০২২ পৰ্যন্ত ১০০খন নিউট্ৰী স্মাৰ্ট গাঁও তৈয়াৰ কৰা হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে ক্লাষ্টাৰ আধাৰিত ৰণনীতিৰ ওপৰত জৈৱিক আৰু প্ৰাকৃতিক কৃষি প্ৰক্ৰিয়া অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আই চি এ আৰে ভূ-সম্পৰ্কীয় অৰ্গেনিক কাৰ্বন মেপ অফ ইণ্ডিয়া বিকশিত কৰিছে, ৮৮টা জৈৱ নিয়ন্ত্ৰক ঘটক ২২টা জৈৱ উৰ্বৰক চিনাক্ত কৰিছে যাৰ ফলত জৈৱিক খেতিক উৎসাহিত কৰিব পৰা যায়।

 

পি এমে কৃষি তথা সহায়ক ক্ষেত্ৰসমূহত নতুন পদ্ধতি আৰু কৌশলৰ ব্যৱহাৰ সুনিশ্চিত কৰিবৰ বাবে ষ্টাৰ্ট-আপ্ছ আৰু কৃষি উদ্যোগীসকলক অনুপ্ৰাণিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কৃষকসকলৰ দাবীৰ ওপৰত তথ্য উপলদ্ধ কৰোৱাত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

 

তেওঁ নিৰ্দেশ দিয়ে যে চিহ্নিত সমস্যাৰ সমাধান আৰু আহিলা তথা উপকৰণৰ ডিজাইন সম্পৰ্কীয় প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে বছৰত দুবাৰ হেকাথনৰ আয়োজন কৰিব পৰা যায়, যাৰ ফলত কৃষি কৰ্মত মহিলাৰ বৃহৎ সংখ্যা দেখি খেতিত কামৰ বোজা কম কৰিব পৰা যায়।

 

তেওঁ স্বাস্থ্যসন্মত খোৰাক সুনিশ্চিত কৰিবৰ বাবে জোৱাৰ, বাজৰা, ৰাগী আৰু কেইবাবিধো অন্য শস্যক অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

 

গৰম বতাহ, খৰাং, চেঁচা বতাহ, ধাৰাসাৰ বৰষুণৰ ফলত বানৰ দৰে জলবায়ু সম্পৰ্কীয় সংকটৰ সময়ত যথেষ্ট লোকচান হয় আৰু কৃষি জীৱিকাৰ বাবে ই ডাঙৰ প্ৰত্যাহ্বান হিচাপে প্ৰতিপন্ন হৈছে। এনেকুৱা জলবায়ু সম্পৰ্কীয় সংকটৰ সময়ত হ'বলগীয়া লোকচানৰ পৰা কৃষকক ৰক্ষা কৰিবলৈ একীকৃত কৃষি প্ৰণালী বিকশিত কৰা হৈছে। কৃষকৰ দ্বাৰা প্ৰজন্মৰ পিছত প্ৰজন্মই জন্ম দিয়া পৰম্পৰাগত প্ৰকাৰৰ সহনশীলতা আৰু অন্য গুণৰ পৰীক্ষা কৰি থকা হৈছে।

 

পানীৰ প্ৰয়োগত দক্ষতা বৃদ্ধি কৰাৰ ক্ৰমত প্ৰধানমন্ত্ৰীয়ে সজাগতা আৰু বিস্তাৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰাৰ ইচ্ছা ব্যক্ত কৰে।

 

গৰু, ভেড়া আৰু ছাগলীৰ নতুন প্ৰজাতিৰ বিকাশত আই চি এ আৰৰ যোগদানৰ সমীক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে কুকুৰ আৰু ঘোঁৰাৰ স্বদেশী প্ৰজাতিৰ ওপৰত গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ নিৰ্দেশ দিয়ে যে ভৰি আৰু মুখৰ সৈতে জড়িত বেমাৰৰ বাবে টীকাকৰণৰ ওপৰত এটা কেন্দ্ৰীয় অভিযানৰ ওপৰত জোৰ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে পোষন মূল্য উপলব্ধি কৰিবৰ বাবে ঘাঁহ আৰু স্থানীয় চাৰণ শস্যৰ ওপৰত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ পৌষ্টিক ঔষধীয় পদাৰ্থৰ ব্যৱসায়িক প্ৰয়োগৰ সম্ভাৱনাক উজ্জীৱিত কৰাৰ উপৰি মৃটজাত স্বাস্থ্যৰ ওপৰত সামুদ্ৰিক অপতৃণ নাশকৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

 

আই চি এ আৰে ধানৰ শস্যৰ পিছত নৰা জ্বলোৱাৰ সমস্যাৰ সমাধানৰ বাবে পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীত মেজিক ছিডাৰ দিছে। ২০১৬ৰ তুলনাত ২০১৯ত নৰা জ্বলোৱা সন্দৰ্ভত ৫২%ৰ হ্ৰাস ঘটিছে।

 

পি এমে নিৰ্দেশ দিছে যে কৃষি উপকৰণৰ প্ৰাপ্তি সহজ কৰি তুলিব লাগে আৰু খেতিৰ পৰা বজাৰ পৰ্যন্ত যাতায়াতৰ সুবিধা সুনিশ্চিত কৰা দৰকাৰ। এই সম্পৰ্কে কৃষি, সহকাৰীতা আৰু কৃষক কল্যাণ বিভাগে 'কিষানৰথ' এপ আগবঢ়াইছে।

 

প্ৰধানমন্ত্ৰীয়ে কৃষকৰ দাবী পূৰণ কৰিবৰ বাবে কৃষি শিক্ষা আৰু কৃষি জলবায়ুৰ আৱশ্যকতাৰ ওপৰত আধাৰিত গৱেষণাৰ ওপৰত আলোকপাত কৰে। চৰকাৰে কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড সম্পূৰ্ণ কৰাৰ দিশত কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰতীয় কৃষকৰ পৰম্পৰাগত জ্ঞানে প্ৰযুক্তি আৰু যুৱক-যুৱতীসকলৰ কৌশলৰ মুনাফা পোৱা উচিত। লগতে গ্ৰামীণ ক্ষেত্ৰসমূহলৈ পৰিৱৰ্তন আনিবৰ বাবে ভাৰতীয় কৃষিৰ সম্পূৰ্ণ সম্ভাৱনাৰ স্ফুৰনৰ বাবে কৃষি স্নাতকৰো সমৰ্থন পোৱা দৰকাৰ। 

******

 

VRRK/KP



(Release ID: 1636599) Visitor Counter : 173