স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কৰ্ণাটকৰ আশাঃ সমাজ কল্যাণৰ প্ৰকৃত সত্বাৰ প্ৰদৰ্শন

প্ৰায় ১.৫৯ কোটি ঘৰৰ স্পৰ্শকাতৰ মানচিত্ৰণ সৰ্বেক্ষণ সম্পন্ন কৰিছে ৪২০০০ আশা কৰ্মীয়ে

Posted On: 03 JUL 2020 2:08PM by PIB Guwahati

কৰ্ণাটকৰ শ্বিভাম’গ্গা জিলাৰ টুনাগানগৰৰ অন্নপূৰ্ণা এগৰাকী আশা কৰ্মী৷ তেওঁ ২০১৫ বৰ্ষৰ পৰাই কাম কৰি আছে আৰু প্ৰায় বস্তি অঞ্চলৰ ৩০০০ ঘৰক সামৰি লৈছে৷ বৰ্তমানে তেওঁ ক’ভিড-১৯ৰ বাবে ঘৰে ঘৰে চলোৱা সৰ্বেক্ষণত জড়িত হৈ পৰিছে৷

ৰাজ্যখনত ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে কৰ্ণাটকৰ ৪২,০০০ গৰাকী আশা কৰ্মীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছে৷ তেওঁলোকে অতি সক্ৰিয়তাৰে ৰাজ্যখনলৈ ঘূৰি অহা প্ৰব্ৰজিত কৰ্মী আৰু অন্যান্য লোকসকলৰ সৰ্বেক্ষণত জড়িত হৈ পৰিছে৷  এই পৰ্যন্ত তেওঁলোকে ১.৫৯ কোটি পৰিয়ালত এই সৰ্বেক্ষণ সম্পন্ন তৰিছে৷ আশা কৰ্মীসকলে নিয়মীয়াকৈ প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে নিয়ন্ত্ৰিত এলেকাসমূহত  পৰিদৰ্শন কৰিছে৷  কেৱল ক’ভিডৰে নহয়, তেওঁলোকে আইএলআই/এছএআৰআই লক্ষণসমূহৰো সৰ্বেক্ষণ কৰিছে৷

 

 

 

******

MV/SG/MANN



(Release ID: 1636345) Visitor Counter : 170