PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 28 JUN 2020 6:51PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে; সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা লোকৰ মাজত ব্যৱধানে ১ লাখৰ সীমা অতিক্ৰম কৰিছে; আৰোগ্যৰ হাৰ হ’ল ৫৮.৫৬%

সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা লোকৰ মাজৰ ব্যৱধানে ১ লাখৰ সীমা অতিক্ৰম কৰিছে৷ আজি আৰোগ্য হোৱাৰ লোকৰ সংখ্যা সক্ৰিয় ৰোগীতকৈ ১,০৬,৬৬১ জন অধিক হৈছে৷ এই পৰ্যন্ত ৩,০৯,৭১২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য হৈছে ৫৮.৫৬%  লোক৷ বিগত ২৪ ঘণ্টাত ২,৩১,০৯৫টা নমুনা পৰীক্ষণ হৈছে৷ এই পৰ্যন্ত মুঠ ৮২,২৭,৮০২ টা নমুনা পৰীক্ষণ হৈছে৷

অধিক বিৱৰণ বাবে

২৮.০৬.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৩তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে

‘‘মোৰ মৰমৰ দেশবাসীসকল, বিভিন্ন সমস্যাই আমাক জুৰুলা কৰিলেও ভাৰতৰ সংস্কাৰে আমাক সকলোকে নিঃস্বাৰ্থভাৱে সকলোৰে প্ৰতি সেৱা আগবঢ়াই যাবলৈ প্ৰণোদিত কৰে৷ এইদৰেই ভাৰতে বিভিন্ন সময়ত বিশ্বৰ সকলোলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷’’

অধিক বিৱৰণৰ বাবে

উপ ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক বিতত হোৱাৰ পৰিৱৰ্তে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ লগতে  সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে

উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে দেশৰ জনসাধাৰণক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ সময়ত নিজৰ জীৱনৰ লগতে আজীৱিকাৰ প্ৰতিও ধ্যান ৰাখিবলৈ আহ্বান জনাইছে৷ ফে’চবুকত প্ৰকাশ কৰা এটা পোষ্টত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰে দেশৰ অৰ্থনীতিৰ উত্থানৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে  

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি দিল্লীৰ ১০,০০০ খন বিচনাযুক্ত ‘চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ কেন্দ্ৰ’ৰ প্ৰস্তুতি সন্দৰ্ভত খতিয়ান লয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি দিল্লীত ৰাধাস্বামী সৎসংগত থকা ১০,০০০ খন বিচনাযুক্ত ‘চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ কেন্দ্ৰ’ৰ প্ৰস্তুতিৰ খতিয়ান লয়৷ এই সন্দৰ্ভত শ্ৰী অমিত শ্বাহে কয় যে এই ১০,০০০খন বিচনাযুক্ত কেন্দ্ৰই দিল্লীবাসীক যথেষ্ট সকাহ প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ মাজতো শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভাৰতৰ পদক্ষেপসমূহক আলোকপাত কৰে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ‘জি২০ এক্সট্ৰা অৰ্ডিনেৰী ভাৰ্চুৱেল এডুকেচন মিনিষ্টাৰ’ বৈঠকত অংশগ্ৰহণ কৰি ক’ভিড-১৯ৰ সময়ছোৱাত শিক্ষা খণ্ডৰ উত্তৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷ বৈঠকত তেওঁ দীক্ষা, স্বয়ম, ভাৰ্চুৱেল লেব, ই পিজি পাঠশালা আৰু নেচনেল ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী অৰ্জুন মুণ্ডাই ভিডিঅ’ কনফাৰেন্সযোগে জিইএমত ট্ৰাইব ইণ্ডিয়া সামগ্ৰী আৰু ট্ৰাইফেডৰ নতুন ৱেবছাইট মুকলি কৰে

ক’ভিড-১৯ৰ পৰিস্থিতিয়ে দেশৰ সকলো শ্ৰেণীকে প্ৰভাৱান্বিত কৰিছে৷  জনসাধাৰণৰ জীৱিকা আৰু জীৱন বিপৰ্যস্ত হৈছে৷ আদিবাসী লোকসকলৰ জীৱিকাও বেয়াকৈ প্ৰভাৱিত হৈছে৷ তেওঁলোকৰ এই সমস্যা লাঘৱ কৰিবলৈ আদিবাসী পৰিক্ৰমা মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷  তাৰে ভিতৰত মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই জিইএমত ট্ৰাইব ইণ্ডিয়া সামগ্ৰী আৰু ট্ৰাইফেডৰ নতুন ৱেবছাইট মুকলি কৰা বিষয়টোৱে উল্লেখযোগ্য স্থান লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ পৰ্যটন মন্ত্ৰীয়ে কয় যে থিৰুৱনন্তপুৰমৰ পৰিস্থিতি অতিশয় উদ্বেগজনক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ সকলো আৱাসীকে চৰকাৰী নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনাইছে৷ ৰাজ্যখনত মুঠ ১,৬৭,৯৭৮ জন লোক কোৱাৰেণ্টিনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৮৩৩৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪০৯৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১৯২৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪৪১ জন৷ মৃত্যু হৈছে ১৯১ জনৰ৷ ৭২৮৭ জনে আৰোগ্য লাভ কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,০৯৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০২১ জন, মুকলি হৈছে ৫৯০৮ জনে৷ মৃত্যু হৈছে ১৬৯ জনৰ৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা আছিল ১৩৪৩৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮২৫৬ জন, মৃত্যু হৈছে ২৪৩ জনৰ, আৰোগ্য লাভ কৰিছে ৪৯২৮ জনৰ৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫৯,১৩৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭,৬০০ জন৷ এই পৰ্যন্ত ৭২৭৩ জন লোকৰ মৃত্যু হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০,৭৩৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩১৬ জন৷ মৃত্যুৰ সংখ্যা হ’ল ১৭৯০ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,১১৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২৯৭ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৯৬৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৪৪ জন৷ ৫৫০ জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০০৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৯৬ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১২৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০৬ জন৷
  • অসমঃ আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ব্ৰহ্মপুত্ৰ নদীৰ বৰ্ধিত পানী আৰু গুৱাহাটীত হোৱা ভূমিস্খলনৰ ঘটনাৰ খতিয়ান লয় আৰু ৰাজ্যখনলৈ সাম্ভাৱ্য সকলো সাহায্য প্ৰদানৰ নিশ্চিতি প্ৰদান কৰে৷
  • মণিপুৰঃ তামেংলং জিলা চিকিৎসালয়ত ট্ৰুনেট পৰীক্ষণ যন্ত্ৰ স্থাপন কৰা হৈছে৷ এই জিলাখনেই হ’ল ৰাজ্যখনৰ ভিতৰত সবাতোকৈ আক্ৰান্ত জিলা৷
  • মিজোৰামঃ মিজোৰামত অসম ৰাইফলে সামাজিক ব্যৱধানৰ কাৰ্যকৰী প্ৰণয়নৰ বাবে ছাতিৰ ব্যৱহাৰৰ এক নীতিৰ সূচনা কৰিছে৷ অৰ্থনৈতিক অনগ্ৰসৰ, দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকললৈ ছাতি বিতৰণ কৰা হৈছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪১২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’লৰ ২৪৮ জন৷ ১৬৪ জন লোকে আৰোগ্য লাভ কৰিছে৷

 



(Release ID: 1635050) Visitor Counter : 180