প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৰিয়ান যুদ্ধৰ ৭০তম বৰ্ষপূৰ্তিত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি তথা জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 25 JUN 2020 6:22PM by PIB Guwahati

১৯৫০ চনত সংঘটিত হোৱা কোৰিয়ান যুদ্ধৰ আজি ৭০তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কোৰিয়ালৈ এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কোৰিয়ান জনসাধাৰণক তেওঁলোকৰ ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু শান্তিৰ প্ৰতি থকা সদিচ্ছাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷  তেওঁ ভাৰত চৰকাৰ তথা ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা কোৰিয়াত স্থায়ী শান্তি স্থাপনৰ প্ৰতিও শুভকামনা জ্ঞাপন কৰে৷

 

***

 

VRRK/SH/MANN



(Release ID: 1634511) Visitor Counter : 149