বিত্ত মন্ত্ৰালয়

অৰ্থনৈতিক গতিবিধি বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক সূচকাংক বৃদ্ধি হৈছে

চৰকাৰ আৰু আৰবিআইৰ অৰ্থনৈতিক সংস্কাৰে হ্ৰাস কৰিছে ক্ষতিৰ পৰিমাণ

আন্তঃগাঁথনিমূলক সংস্কাৰ আৰু সমৰ্থনমূলক সামাজিক কল্যাণমূলক পদক্ষেপৰ প্ৰতি থকা চৰকাৰৰ দায়ৱদ্ধতাই ‘গ্ৰীণ শ্বুট’ত সহায় কৰিছে

‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৱদ্ধতা তথা সকলো ষ্টেকহ’ল্ডাৰৰ সামূহিক প্ৰয়াসে শক্তিশালী অনুনাদশীল ভাৰতীয় অৰ্থনীতিলৈ অৰিহণা আগবঢ়াইছে

Posted On: 23 JUN 2020 12:00PM by PIB Guwahati

‘জনতা হি জাহান’হে আপ্তবাক্যশাৰী দোহাৰি ভাৰতে ২৪ মাৰ্চ ২০২০ তাৰিখে দেশত প্ৰথমটো ২১ দিনীয়া লকডাউনৰ কথা ঘোষণা কৰিছিল৷  লকডাউনৰ সময়ছোৱাত দেশত স্বাস্থ্য খণ্ড আৰু পৰীক্ষণ আন্তঃগাঁথনিৰ দ্ৰুত উত্থান ঘটিছিল৷ সময়মতে কৰা অনুসৰণ, চিকিৎসা আৰু প্ৰতিবেদন, ক’ৰোনা ভাইৰাছৰ পৰা সময়মতে আৰোগ্য লাভ কৰাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতত মুঠ ৪১% সক্ৰিয় ৰোগী আছে৷

এই কঠোৰ লকডাউন আৰু সামাজিক ব্যৱধানে কিন্তু অৰ্থনীতিত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিও ভাৰতে আনলক ১ৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে৷  চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ দ্বাৰা ভাৰতীয় অৰ্থনীতিত বহুলাংশে ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে৷

ভাৰতীয় অৰ্থনীতিত এতিয়াও কৃষি প্ৰধান ভেটি হিচাপে বিবেচিত হৈ আছে৷ যদিও কৃষি খণ্ডৰ পৰা জিডিপিলৈ অৱদান অন্যান্য উদ্যোগ তথা সেৱাৰ তুলনাত কম হ’লেও ইয়াৰ উত্তৰণে ইতিবাচক দিশ প্ৰদৰ্শিত কৰিছে৷ তাৰোপৰি কৃষিখণ্ডৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা সংস্কাৰমূলক পদক্ষেপে খণ্ডটোৰ মূল্য শৃংখলাত কাৰ্যকৰী ফলাফল প্ৰদৰ্শিত কৰাৰ লগতে কৃষকসকললৈ উন্নত উপাৰ্জনৰো সুবিধা প্ৰদান কৰিছে৷

স্বাৱলম্বী ভাৰতৰ প্ৰথমটো পদক্ষেপ হিচাপে ২ মাহৰ ভিতৰতে ভাৰতে পিপিই কিটৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ নিৰ্মাতা হিচাপে গঢ় লৈ উঠিছে৷  অৰ্থনৈতিক সংস্কাৰৰ বিভিন্ন পদক্ষেপৰ পৰিপ্ৰেক্ষিতত মে’ আৰু জুন মাহত বিদ্যুৎ আৰু ইন্ধনৰ ব্যৱহাৰ, সামগ্ৰীসমূহৰ আন্তঃপৰিবহণ, খুচুৰা বিত্তীয় লেনদেন আদি বৃদ্ধি পোৱা দেখা গৈছে৷   

অৰ্থনৈতিক সূচাংকৰ অগ্ৰগতি

কৃষি

 

  • চৰকাৰী সংস্থাসমূহে অভিলেখ সংখ্যক ঘেঁহু ক্ৰয় কৰিছে৷ ২০১২-১৩ৰ ৩৮১.৪৮ লাখ মেট্ৰিকটন ঘেঁহু ক্ৰয়ৰ তুলনাত ১৬ জুন ২০২০ তাৰিখে এই সীমা অতিক্ৰম কৰি ৩৮২ লাখ মেট্ৰিক টনৰ সীমা স্পৰ্শ কৰিছে৷ ঘেঁহুৰ এমএছপি প্ৰদানৰ জৰিয়তে মুঠ ৭৩,৫০০ কোটি টকাৰ দ্বাৰা ৪২ লাখ কৃষক ক’ৰোনাৰ সময়ছোৱাত উপকৃত হৈছে৷
  • ১৯ জুন ২০২০ তাৰিখ পৰ্যন্ত কৃষকসকলে ১৩.১৩ মিলিয়ন হেক্টৰ খাৰিফ শস্য চপাইছে যি বিগত বৰ্ষৰ তুলনাত ৩৯ শতাংশ অধিক৷
  • ২০২০ বৰ্ষৰ মে’ মাহত  প্ৰায় ৯৮ শতাংশ সাৰৰ বিক্ৰী বৃদ্ধি পাইছে৷

 

নিৰ্মাণ

  • এপ্ৰিল ২০২০ৰ তুলনাত মে’ ২০২০ত ই-ৱে’ বিলৰ মূল্যাংকন ১৩০ শতাংশলৈ বৃদ্ধি পাইছে৷ ১ জুনৰ পৰা ১৯ জুনলৈ মুঠ ৭.৭ লাখ কোটি টকাৰ ই-ৱে’ বিল প্ৰস্তুত হৈছে৷
  • পেট্ৰ’লিয়াম সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ আৰু প্ৰস্তুতিৰ পৰিমাণ এপ্ৰিলত ৪৭ শতাংশ বৃদ্ধিৰে  ৯৯,৩৭,০০০ মেট্ৰিকটন হোৱাৰ লগতে মে’ মাহত ইয়াৰ পৰিমাণ ১,৪৬,৪৬,০০০ মেট্ৰিকটনলৈ বৃদ্ধি পাইছে৷

সেৱা খণ্ড

  • এপ্ৰিল মাহত ৰে’লৱেৰ মালবাহী গাড়ীৰ জৰিয়তে ৬.৫৪ কোটি টন সামগ্ৰী কঢ়িওৱাৰ তুলনাত মে’ত ৮.২৬ কোটি টন সামগ্ৰী কঢ়িওৱা হৈছে৷
  • গড় দৈনিক টোল সংগ্ৰহ এপ্ৰিলত ৮.২৫ কোটি টকাৰ তুলনাত মে’ মাহত এই পৰিমাণ ৩৬.৮৪ কোটি টকালৈ বৃদ্ধি পাইছে৷
  • মুঠ ডিজিটেল খুচুৰা বিত্তীয় লেনদেন এনপিচিআই প্লেটফ’ৰ্মৰ জৰিয়তে এপ্ৰিলত ৬.৭১ লাখ কোটি টকা হোৱাৰ বিপৰীতে মে’ত ৯.৬৫ লাখ কোটি টকা হৈছে৷

 

আৰ্থিক সূচক

  • পৰ্যাপ্ত নগদ ধন, ঔদ্যোগিক বণ্ডৰ ব্যক্তিগত প্লেচমেণ্ট নিশ্চিতিৰ দিশত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰয়াস মে’ মাহত ৯৪.১ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যি এপ্ৰিল মাহত আছিল ২২ শতাংশ৷
  • মিউচুৱেল ফাণ্ডৰ গড় এছেট আণ্ডাৰ মেনেজমেণ্ট (এইউএম) এপ্ৰিল ২০২০ত ২৩.৫ লাখ কোটি টকাৰ পৰা বৃদ্ধি হৈ মে’ ২০২০ত  ২৪.২ লাখ কোটি টকা হৈছে৷
  • ভাৰতৰ বৈদেশিক মুদ্ৰা ১২ জুন ২০২০ তাৰিখ পৰ্যন্ত ৫০৭.৬ বিলিয়ন আমেৰিকান ডলাৰ জমা আছে৷

 

****

RM/KMN/MANN



(Release ID: 1633747) Visitor Counter : 1617