স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

প্ৰতিলাখ লোকৰ বিপৰীতে বিশ্বৰ ভিতৰতে ভাৰতত আটাইতকৈ কম লোকৰ মৃত্যু হৈছে

Posted On: 23 JUN 2020 1:50PM by PIB Guwahati

বিশ্ব স্বাস্থ্য সংস্থাই ২২ জুন, ২০২০ত প্ৰকাশ কৰা ১৫৪নং প্ৰতিবেদনে দেখা গৈছে ভাৰতত প্ৰতি লাখ লোকৰ বিপৰীতে মৃত্যুৰ হাৰ সৰ্বনিম্ন হৈছে৷ প্ৰতি লাখ লোকৰ বিপৰীতে ভাৰতৰ ক’ভিড-১৯ত মৃতুৰ হাৰ ১.০০ জন, ইফালে বিশ্বৰ গড় হাৰ ইয়াৰ ৬গুনতকৈ অধিক ৬.০৪জন৷ ব্ৰিটেইনত প্ৰতিলাখ লোকৰ বিপৰীতে ৬৩.১৩গৰাকী ক’ভিড-১৯ সম্পৰ্কীয় মৃত্যুৰ লগতে স্পেইন, ইটালী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিলাখ লোকত ক্ৰমে ৬০.৬০, ৫৭.১৯ আৰু ৩৬.৩০জন লোকৰ মৃত্যু হৈছে৷

ভাৰতত আগতীয়া চিনাক্তকৰণ, সময়োপযোগী পৰীক্ষা আৰু নিৰীক্ষণ, ব্যাপক কনটেক ট্ৰেচিংৰ লগতে ফলপ্সূ চিকিসা ব্যৱস্থাপনাৰ জৰিয়তে মৃত্যুৰ হাৰ ৰোধত সহায় হৈছে৷ ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001YXC5.jpg

দেশত আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে উন্নীত হৈ আছে৷ এতিয়ালৈকে সৰ্বমুঠ ২,৪৮,১৮৯ গৰাকী ৰোগী ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত মুঠ ১০,৯৯৪গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৫৬.৩৮শতাংশলৈ বৃদ্ধি পাইছে৷

বৰ্তমান চিকিসকৰ নিৰীক্ষণত ১,৭৮,০১৪গৰাকী আক্ৰান্ত অৱস্থাত আছে। চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৭২৬ আৰু ব্যক্তিগত পৰীক্ষাগাৰ সংখ্যা ২৬৬(সৰ্বমুঠ ৯৯২)টালৈ বৃদ্ধি পাইছে। ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৫৩(চৰকাৰীঃ৩৫৭+ব্যক্তিগতঃ১৯৬)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৩৬১(চৰকাৰীঃ৩৪১+ব্যক্তিগতঃ২০)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৭৮(চৰকাৰীঃ২৮+ব্যক্তিগতঃ৫০)

দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ১,৮৭,২২৩টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৭১,৩৭,৭১৬টা নমুনা পৰীক্ষা কৰা গৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1633746) Visitor Counter : 175