স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড ১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

প্ৰতিলাখ লোকৰ বিপৰীতে বিশ্বৰ ভিতৰতে ভাৰতত আটাইতকৈ কম লোক আক্ৰান্ত হোৱাৰ লগতে আৰোগ্য আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজত একেৰাহে বৃহৎ ব্যৱধানো ৰাখিবলৈ সক্ষম হৈছে

Posted On: 22 JUN 2020 1:12PM by PIB Guwahati

বিশ্ব স্বাস্থ্য সংস্থাই ২১ জুন, ২০২০ত প্ৰকাশ কৰা ১৫৩নং প্ৰতিবেদনে দেখা গৈছে যে এখন জনবহুল দেশ হোৱাৰ পাছতো ভাৰতত প্ৰতি লাখ লোকৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন৷ প্ৰতি লাখ লোকৰ বিপৰীতে ভাৰতৰ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩০.০৪, ইফালে বিশ্বৰ গড় হাৰ ইয়াৰ তিনিগুনতকৈ অধিক ১১৪.৬৭জন৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিলাখ লোকত ৬৭১.২৪জন আক্ৰান্তৰ বিপৰীতে জাৰ্মানী, স্পেইন আৰু ব্ৰাজিলত এই হাৰ ক্ৰমে ৫৮৩.৮৮, ৫২৬.২২ আৰু ৪৮৯.৪২৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001JVC1.jpg

 

এতিয়ালৈকে সৰ্বমুঠ ২,৩৭,১৯৫ গৰাকী ৰোগী ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত ৯,৪৪০ গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৫৫.৭৭শতাংশলৈ বৃদ্ধি পাইছে৷

বৰ্তমান চিকিসকৰ নিৰীক্ষণত ১,৭৪,৩৮৭গৰাকী আক্ৰান্ত অৱস্থাত আছে। চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৬৭৪ আৰু ব্যক্তিগত পৰীক্ষাগাৰ সংখ্যা ২৫০(সৰ্বমুঠ ৯২৪)টালৈ বৃদ্ধি পাইছে। আৰোগ্য আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজত একেৰাহে বৃহ ব্যৱধান পৰিলক্ষিত হৈ আহিছে৷ আজি আক্ৰান্ত হৈ থকা লোকতকৈ আৰোগ্য লোকৰ সংখ্যা ৬২,৮০৮জন অধিক হৈছে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002JPHJ.jpg

দেশত ক’ভিড-১৯ক পৰীক্ষাৰ আন্তঃগাঁথনি দ্ৰুতগতিত বৃদ্ধি পাইছে৷ চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৭২৩ আৰু ব্যক্তিগত পৰীক্ষাগাৰৰ সংখ্যা ২৬২সহ সৰ্বমুঠ ৯৮৫লৈ বৃদ্ধি কৰা হৈছে৷

ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৪৯(চৰকাৰীঃ৩৫৪+ব্যক্তিগতঃ১৯৫)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৩৫৯(চৰকাৰীঃ৩৪১+ব্যক্তিগতঃ১৮)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৭৭(চৰকাৰীঃ২৮+ব্যক্তিগতঃ৪৯)

দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ১,৪৩,২৬৭টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৬৯,৫০,৪৯৩টা নমুনা পৰীক্ষা কৰা গৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/DB



(Release ID: 1633417) Visitor Counter : 166