বিত্ত মন্ত্ৰালয়

ভাৰত চৰকাৰ আৰু এআইআইবিয়ে ক’ভিড-১৯ৰ সাহায্যৰ বাবে ৭৫০ মিলিয়ন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰে

Posted On: 19 JUN 2020 6:20PM by PIB Guwahati

ভাৰত চৰকাৰ আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক(এআইআইবি)এ আজি কভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিৰূপ প্ৰভাৱৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈ ৭৫০ মিলিয়ন ডলাৰৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এআইআইবিৰ পৰা ভাৰতক আগবঢ়োৱা এয়া হল প্ৰথমটো বাজেটীয় সাহায্য।

ভাৰত চৰকাৰৰ হৈ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ কুমাৰ খাড়ে আৰু এআইআইবিৰ হৈ সাধাৰণ সঞ্চালক(ভাৰপ্ৰাপ্ত) শ্ৰী ৰজত মিশ্ৰই চুক্তিত স্বাক্ষৰ কৰে।

শ্ৰী খাড়েই কয়, আমি এআইআইবিৰ সহযোগিতাক ধন্যবাদ জনাইছো।  কৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগ আগবঢ়াইছে। ইয়াৰ জৰিয়তে আমি অৰ্থনৈতিক লোকচানৰ মোকাবিলা কৰিব পাৰিম। এআইআইবিৰ সময়োপযোগী সহযোগিতাই চৰকাৰৰ কোভিড-১৯ জৰুৰী সাহায্য অভিযানৰ সক্ৰিয় ৰূপায়নক উদগণি যোগাইছে

এআইআইবিৰ উপ-সভাপতি(ইনভেষ্টমেণ্ট অপাৰেচনছ) ডি.জে পাণ্ডিয়ানে কৈছে যে ভাৰতলৈ সাহায্য আগবঢ়োৱাৰ উদ্দেশ্য হল ভাৰতীয় অৰ্থনীতিৰ উৎপাদন ক্ষমতা দীৰ্ঘকালৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰোধ কৰা আৰু অৰ্থনৈতিক সুস্থিৰতা নিশ্চিত কৰা।

২.২৫০ বিলিয়ন ডলাৰৰ প্ৰকল্পটোৰ বিত্তপোষণ কৰিছে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক(এআইআইবি) আৰু এছিয়ান ডেভেলাপমেণ্ট বেংক(এডিবি)-এ। ইয়াৰে ৭৫০ মিলিয়ন ডলাৰ এআইআইবিয়ে আৰু ১.৫ বিলিয়ন ডলাৰ এডিবিয়ে আগবঢ়াব।  প্ৰকল্পটো ৰূপায়ন কৰিব অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু বিত্ত মন্ত্ৰালয়ে।

উল্লেখ্য যে, এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক(এআইআইবি) হল এছিয়াত সামাজিক আৰু অৰ্থনৈতিক ফলাফল উন্নত কৰাৰ লক্ষ্যৰে ২০১৬ চনত স্থাপিত এক বহুপাক্ষিক উন্নয়ন।  বিশ্বজুৰি এতিয়া এআইআইবিৰ ১০২ স্বীকৃতিপ্ৰাপ্ত সদস্য আছে।

****

RM/KMN/MS



(Release ID: 1632801) Visitor Counter : 308